GAFF ত উত্তৰ-পূব ভাৰত প্ৰতিযোগিতা শাখাত প্ৰতিদ্বন্দ্বিতাত নামিব ছখন ছবি
গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (জিএএফএফ) ২০২৫ৰ সন্মানীয় উত্তৰ-পূব ভাৰত প্ৰতিযোগিতা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত কৰা হৈছে ছখন ছবি ।

By ETV Bharat Entertainment Team
Published : January 31, 2025 at 12:27 PM IST
হায়দৰাবাদ : পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলৈ গৈ আছে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ৷ ২০২৫ চনৰ ৭-৯ ফেব্ৰুৱাৰীলৈ চলিব এই মহোৎসৱ ৷ অঞ্চলটোৰ বৈচিত্ৰময় চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতিভা প্ৰদৰ্শন কৰা এই ছবিসমূহ এই মহোৎসৱৰ সময়ত প্ৰদৰ্শিত আৰু বিচাৰ কৰা হ’ব ।
প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত কৰা ছবিসমূহ হ’ল- ধীৰাজ কাশ্যপৰ পৰিচালনাত এমেচাৰ, শ্ৰুতিস্মৃতি চাংকাকতিৰ পৰিচালনাত বিফ’ৰ স্প্ৰীং, অমৰদ্বীপ গগৈৰ পৰিচালিত কোলাজ, খঞ্জন কিশোৰ নাথৰ পৰিচালনাত এটা নিৰ্জন দুপৰীয়া, হাওবাম পবন কুমাৰৰ পৰিচালনাত জোচেফ’ছ ছন আৰু মৃদুল গুপ্তাৰ পৰিচালনাত মিৰবীন । বিচাৰকসকলৰ এটা বিশিষ্ট পেনেলে এই ছখন উৎকৃষ্ট চলচ্চিত্ৰ বাছনি কৰিবলৈ দাখিল কৰা ছবিবোৰ সতৰ্কতাৰে পৰ্যালোচনা কৰিছিল ।
গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত উত্তৰ-পূব ভাৰত প্ৰতিযোগিতা শাখা হৈছে এক মুখ্য উপাদান, যি অঞ্চলটোৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ অনন্য কণ্ঠস্বৰ আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ওপৰত আলোকপাত কৰাৰ লগতে এই ছবিসমূহৰ সফলতা উদযাপনৰ বাবে সমৰ্পিত ।
মহোৎসৱটোৱে উদীয়মান আৰু প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলে যাতে এক বহুল সংখ্যক দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে আৰু তেওঁলোকে নিজ নিজ কামৰ বাবে যাতে স্বীকৃতি লাভ কৰিব পাৰে, তাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে । মহোৎসৱৰ এজন আয়োজকে কয়, "এছিয়ান চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আৰু চলচ্চিত্ৰ সম্প্ৰদায়ৰ মাজত সৃষ্টিশীল সংলাপ গঢ়ি তোলাৰ লক্ষ্যৰ প্ৰতি জিএএফ ২০২৫ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।"
ইৰাণীয় চলচ্চিত্ৰ পৰিচালক বাবাক খাজেহপাচাৰ “In the Arms of the Tree” ৰ দ্বাৰা শুভাৰম্ভণি কৰা হ’ব এই চলচ্চিত্ৰ মহোৎসৱৰ । আনহাতে ইমতিয়াজ আলি, ৰীমা দাস, অনীৰ আৰু কবীৰ খানৰ ছবি “My Melbourne”ৰ দ্বাৰা অন্ত পৰিব এই চলচ্চিত্ৰ মহোৎসৱৰ । এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, হংকং, আজাৰবাইজান, বাংলাদেশ, ফিলিপাইনছ, শ্ৰীলংকা, তুৰ্কীকে ধৰি মুঠ দহখন দেশে অংশগ্ৰহণ কৰিব ।
এই মহোৎসৱত মুখ্য অতিথি হিচাপে থাকিব শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰসন্ন ৱিথানাগে । লগতে অতিথি হিচাপে থাকিব কেইবাখনো দেশৰ চলচ্চিত্ৰ প্ৰতিনিধি ।
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত উপদেষ্টা হিচাপে আছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী, ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰা আৰু বিশিষ্ট চলচ্চিত্ৰ সমালোচক, সাংবাদিক তথা সম্পাদক ডাল্টন ক্রিষ্টোফাৰৰ দৰে বহুকেইজন সন্মানীয় ব্যক্তি । লগতে মহোৎসৱৰ কিউৰেটৰ হিচাপে আছে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি শ্ৰীনিবাস সন্থানম ।

