ETV Bharat / entertainment

বাঘাজানীত বড়ো ৰীতি-নীতিৰে 'বসু দা'ৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

বেহাৰবাৰী আউটপষ্টৰ বসু দাৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা ফেইলাও বসুমতাৰী ওৰফে বসু দাৰ বাক্সাৰ বাঘাজানীত বড়ো ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷

The funeral of Feilao Basumatary was held at Baghajani according to Boro customs
ফেইলাও বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 23, 2025 at 5:58 PM IST

2 Min Read
Choose ETV Bharat

বাক্সা: অসমৰ সাংস্কৃতিক জগতখনৰ এক অপূৰণীয় ক্ষতি শিল্পী ফেইলাও বসুমতাৰীৰ মৃত্যু ৷ সকলোকে কন্দুৱাই মৰমিয়াল মানুহজন চিৰদিনৰ বাবে আঁতৰি গ’ল ৷ জীৱন জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ, নতুন নতুন কাম কৰাৰ-শিকাৰ মনোবল থকা মানুহজন সকলোকে উৎসাহ যোগাই যোগাই নিজেই আঁতৰি গ’ল ৷ এই শূন্যতা আৰু কেতিয়াও পূৰ নহয় ৷

আজি অসমৰ সাংস্কৃতিক জগতখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ 'বসু দা'ক অকস্মাতে হেৰুৱাই সকলোৱে চকুলো টুকিছে ৷ কোনেও ভবা নাছিল তিনি, চাৰিদিন আগলৈকে ফোনেৰে বিভিন্নজনৰ সৈতে যোগাযোগত থকা মানুহজন এইদৰে আঁতৰি যাব বুলি !

ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন (ETV Bharat Assam)

উল্লেখ্য যে কিছু সময় ধৰি শাৰীৰিক অসুস্থতাত ভূগি আছিল তেওঁ ৷ বহিঃৰাজ্যলৈয়ো গৈছিল চিকিৎসা কৰাবলৈ ৷ কিন্তু ২২ এপ্ৰিলৰ নিশা ৯ বাজি ৪০ মিনিটত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ৷ শ্বাস-প্ৰশ্বাসজনিত কাৰণত তেওঁ মৃত্যুবৰণ কৰে বুলি পৰিয়ালৰ তৰফৰ পৰা জানিবলৈ দিছে ৷

বুধবাৰে পুৱাৰ ভাগত বাক্সাৰ লাউখাটা বাঘাজানীৰ নিজা বাসগৃহলৈ লৈ যোৱা হয় শিল্পীগৰাকীৰ নশ্বৰদেহ ৷ বাঘাজানীত বড়ো ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় তেওঁৰ ৷

শিল্পী সমাজৰ বাবে এক অপূৰণীয় ক্ষতি ফেইলাও বসুমতাৰীৰ মৃত্যু ৷ জনপ্ৰিয় কমেডী ধাৰাবাহিক বেহাৰবাৰী আউটপষ্টৰ বসু দা চৰিত্ৰটোৰে তেওঁ ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল ৷ বসুমতাৰীৰ মৃত্যুৰ খবৰে সকলোকে ব্যথিত কৰি তুলিছে । প্ৰাপ্ত তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আহিল শিল্পীগৰাকী । অভিনয়ৰ সমান্তৰালকৈ তেওঁ সংগীতো পৰিৱেশন কৰিছিল ।

লগতে পঢ়ক : যাও বুলিয়েই গুচি গ'ল ‘বসু দা’ ! বেহাৰবাৰী আউটপ'ষ্টখনেই যেন নিজম পৰি গ'ল