টিভি অভিনেতা গৌৰৱ খান্নাৰ শিৰত চেলেব্ৰিটী মাষ্টাৰচেফৰ খিতাপ
চেলেব্ৰিটী মাষ্টাৰচেফৰ প্ৰথম ছিজনত বিজয়ী হৈছে টিভি অভিনেতা গৌৰৱ খান্না । জানি লওক অভিনেতাজনে নিজৰ জয়ৰ বিষয়ে কি ক’লে-

By ETV Bharat Entertainment Team
Published : April 12, 2025 at 12:36 PM IST
হায়দৰাবাদ : তাৰকাসকলৰ ৰন্ধন প্ৰতিযোগিতা চেলেব্ৰিটী মাষ্টাৰচেফে লাভ কৰিছে ইয়াৰ প্ৰথম ছিজনৰ বিজয়ী । বিখ্যাত টিভি শ্ব’ অনুপমত অভিনয় কৰি খ্যাত হৈ পৰা অভিনেতা গৌৰৱ খান্নাই এই শ্ব’ৰ ট্ৰফী লাভ কৰিছে । ১১ এপ্ৰিলৰ নিশা অনুষ্ঠানটোৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
বিকাশ খান্না আৰু ৰণবীৰ ব্ৰাৰৰ দৰে প্ৰবীণ চেফ বিচাৰক থকা শ্ব’টোত গৌৰৱ খান্নাই কোন কোন প্ৰতিযোগীক পৰাস্ত কৰিলে জানেনে ? গৌৰৱ খান্নাই পুৰস্কাৰ হিচাপে কি পালে, গৌৰৱ খান্না কোন, তেওঁৰ নেট ৱৰ্থ কি আৰু তেওঁৰ জীৱনশৈলী কেনেকুৱা, এই সকলোবোৰ জানো আহক ।
- কাক পৰাস্ত কৰিলে গৌৰৱে আৰু পুৰস্কাৰ হিচাপে কিমান পালে ?
গৌৰৱ এজন সুপৰিচিত টিভি অভিনেতা ৷ তেওঁ ৰূপালী গাংগুলীৰ জনপ্ৰিয় শ্ব’ অনুপমাৰ জৰিয়তে ঘৰে ঘৰে পৰিচিত হৈ পৰে । অনুপমাত অনুজ কাপাডিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল গৌৰৱে । এই শ্ব’টোৰ পিছত গৌৰৱে চেলেব্ৰিটী মাষ্টাৰচেফত নিজৰ ভাগ্য পৰীক্ষা কৰি বিজয়ী হয় ।
শ্ব’টোত গৌৰৱে নিজৰ সুস্বাদু খাদ্যৰে বিচাৰকসকলক আপ্লুত কৰে । চেলেব্ৰিটী মাষ্টাৰচেফৰ ফাইনেলত গৌৰৱ খান্নাই দুগৰাকী টিভি জগতৰ সুন্দৰী তেজস্বী প্ৰকাশ আৰু নিক্কী তাম্বোলীক পৰাস্ত কৰিছে । ট্ৰফীৰ লগতে গৌৰৱে লাভ কৰে ২০ লাখ টকাৰ পুৰস্কাৰ ধন ।
- গৌৰৱ খান্নাই নিজৰ জয়ৰ বিষয়ে কি ক’লে ?
চেলেব্ৰিটী মাষ্টাৰচেফত খিতাপ জয়ৰ সন্দৰ্ভত গৌৰৱ খান্নাই কয়, “মোৰ বাবে এইটো এটা সপোনৰ দৰেই, এই শ্ব’টোৱে মোক মোৰ কম্ফ’ৰ্ট জ’নৰ পৰা সম্পূৰ্ণৰূপে বাহিৰলৈ লৈ গ’ল, এই শ্ব’টোৰ অংশ হোৱাটো মোৰ বাবে এক সন্মানৰ কথা, বিশেষকৈ যেতিয়া আপুনি বিকাশ খান্না আৰু ৰণবীৰ ব্ৰাৰৰ দৰে কিংবদন্তি চেফৰ সন্মুখত থিয় হৈ থাকে, সদায় ফাৰাহ খানৰ পৰা অনুপ্ৰাণিত হৈ আহিছো, এই জয়ৰ বাবে মই মোৰ দৰ্শক আৰু অনুৰাগীসকলক ধন্যবাদ দিব বিচাৰো ।”
- গৌৰৱ খান্নাৰ বিষয়ে
২০১৬ চনত গৌৰৱ টিভি অভিনেত্ৰী আকাংক্ষা চামোলাৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ গৌৰৱৰ পিতৃ-মাতৃ ক্ৰমে শশী-বিনোদ খান্না । গৌৰৱ পত্নীৰ সৈতে মুম্বাইৰ এটা বিলাসী এপাৰ্টমেণ্টত থাকে । অভিনেতাজনে নিজৰ ঘৰৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে । পিছে গৌৰৱৰ প্ৰকৃত ঘৰ কানপুৰত ।
- গৌৰৱ খান্না নেট ৱৰ্থ আৰু গাড়ীৰ সংগ্ৰহ
গৌৰৱৰ আছে ৰঙা ৰঙৰ অ’ডি এ৬ আৰু সেউজীয়া ৰঙৰ ৰয়েল এনফিল্ড ক্লাছিক ৩৫০ বাইককে ধৰি বহু বিলাসী গাড়ী । গৌৰৱে পত্নীক ২১ লাখ টকাৰ এখন গাড়ীও উপহাৰ দিছিল । খবৰ অনুসৰি গৌৰৱৰ সম্পত্তিৰ পৰিমাণ ৮ কোটি আৰু প্ৰতি সপ্তাহত তেওঁ ২.৫ লাখ টকা উপাৰ্জন কৰে ।
- গৌৰৱ খান্নাৰ ৱৰ্ক ফ্ৰণ্ট
- ভাভী (২০০৬) - ভূৱন সৰীন
- কুমকুম - এক প্যাৰা সা বন্ধন (২০০৬-২০০৭) - শৰ্মন ৱাধৱা
- মেৰী ডলি তেৰে অংগনা (২০০৭) - ৰুহান ওবেৰয়
- জীৱন সাথী - হমছফৰ জিন্দগী কে (২০০৮-২০০৯) - নীল ফাৰ্নাণ্ডেজ
- লৱ নে মিলা দি জোড়ী (২০০৯-২০১০) - পৃথ্বী ছাক্সেনা
- য়েহ প্যাৰ না হোগা কাম (২০০৯-২০১০) - আবিৰ বাজপেয়ী
- দিল ছে দিয়া বচন (২০১০-২০১১) - প্ৰেম ৰাজাধ্যাক্ষ
- ব্যাহ হামাৰী বহু কা (২০১২) - কৃষ ভৰদ্বাজ
- চি আই ডি (২০১৪–২০১৫) - জ্যেষ্ঠ পৰিদৰ্শক কবিন
- হাজিৰ জবাব বীৰবল (২০১৫) - বীৰবল
- প্ৰেম য়া প্ৰহেলী - চন্দ্ৰকান্তা (২০১৭) - বীৰেন্দ্ৰ সিং
- অনুপমা (২০২১-বৰ্তমান) - অনুজ কাপাডিয়া
- ৱেব ছিৰিজ :
- অনুপমা: নমস্তে আমেৰিকা (২০২২) - অনুজ কাপাডিয়া
- দ্য ছ’চো প্ৰজেক্ট (২০২২) - আৰ.কে
- ৰিয়েলিটী শ্ব' :
- চেলেব্ৰিটী মাষ্টাৰচেফ ইণ্ডিয়া (২০২৫) - বিজয়ী
গৌৰৱৰ জয়ৰ বাবে ইটিভি ভাৰতৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন !

