অসমত পোন প্ৰথমবাৰলৈ গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ - Guwahati Asian Film Festival
Guwahati Asian Film Festival : সমগ্ৰ উত্তৰ-পূবৰ বাবে সুখবৰ ৷ অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ৷ জানো আহকচোন এই গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত কোনসমূহ ছবিক গুৰুত্ব প্ৰদান কৰা হ'ব ?

By ETV Bharat Entertainment Team
Published : September 11, 2024 at 5:59 PM IST
গুৱাহাটী, 11 ছেপ্টেম্বৰ : চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ । পোনপ্ৰথম বাৰৰ বাবে মহানগৰীৰত অনুষ্ঠিত হ'ব গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ । আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ৷ এই এছিয়ান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব বহুকেইখন দেশৰ ছবি ৷
2025 বৰ্ষৰ 7 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব এই মহোৎসৱ । মূলতঃ এছিয়াৰ শ্ৰেষ্ঠ ছবিসমূহক একত্ৰিত কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ অনন্য কণ্ঠৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হ’ব এই চলচ্চিত্ৰ মহোৎসৱ ।
গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত মন্তব্য কৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এটা টেলিফোনিক বাৰ্তালাপত জনাই, “গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত মোক আচলতে জ্যোতি চিত্ৰবনৰ পূৰ্বৰ পৰিচালন সঞ্চালক মণিতা বৰগোঁহাই আৰু চলচ্চিত্ৰ নিৰ্মাতা হিমজ্যোতি তালুকদাৰে কথা পাতিছিল ৷ তেওঁলোকে মোৰ লগত যোগাযোগ কৰি ক’লে যে এনেদৰে তেওঁলোকে এখন চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে । যিহেতু গুৱাহাটীত পূৰ্বে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈ গৈছে কিন্তু ক’ভিডৰ পাছৰে পৰা সেই চলচ্চিত্ৰ মহোৎসৱ পুনৰ আৰু অনুষ্ঠিত হোৱা নাই, গতিকে তেওঁলোকে গুৱাহাটীত এটা চলচ্চিত্ৰ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিলে । তেনেদৰেই এই চলচ্চিত্ৰ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰাৰ ধৰণাটো আহিল ।”
এই মহোৎসৱত কোনসমূহ ছবিক গুৰুত্ব প্ৰদান কৰা হ'ব ?
গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত মূলতঃ গুৰুত্ব প্ৰদান কৰা হ’ব এছিয়ান দেশসমূহৰ ছবিসমূহক । ইতিমধ্যে ছবিসমূহ আনুষ্ঠানিকভাৱে জমা দিয়াৰ ব্যৱস্থা মুকলি কৰা হৈছে । ছবিসমূহ অহাৰ পাছত বাছনি সমিতিসমূহৰ দ্বাৰা প্ৰদৰ্শিত হ'বলগীয়া ছবিসমূহ নিৰ্বাচন কৰা হ'ব । ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ছবিসমূহৰ বাবে এটা প্ৰতিযোগিতামূলক শাখা থাকিব । এই মহোৎসৱে নিশ্চয়কৈ উত্তৰ-পূবৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত সমন্বয়ৰ সেতু গঢ়ি তুলিব ৷
লগতে পঢ়ক : প্ৰথমবাৰলৈ গুৱাহাটীত এছিয়ান চলচ্চিত্ৰ মহোৎসৱ - Guwahati Asian Film Festival

