ETV Bharat / entertainment

বিষ্ণু প্ৰসাদ ৰাভাৰ সৈনিক সত্তাটো তুলি ধৰাৰ উদ্দেশ্যৰে নতুন গান "কমৰেড ৰাভা"

মুক্তি লাভ কৰিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত নিৰ্মিত প্ৰথমটো অসমীয়া জীৱনীমূলক গীত "কমৰেড ৰাভা"ই । শেহতীয়াকৈ সামাজিক মাধ্যম যোগে মুক্তি দিয়া হৈছে গীতটি ।

COMRADE RABHA
প্ৰথমটো অসমীয়া জীৱনীমূলক গীত (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 18, 2025 at 6:52 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাভা দিৱসৰ পূৰ্বে মুক্তি লাভ কৰিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত নিৰ্মিত প্ৰথমটো অসমীয়া জীৱনীমূলক গীত "কমৰেড ৰাভা"। সৈনিকশিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ সৈনিক সত্তাটো তুলি ধৰাৰ উদ্দেশ্যৰে ৰচনা কৰা হৈছে গীতটি । গীতটিৰ কথা-সুৰ আৰু সংগীত ড° সীমান্ত দাসৰ । শেহতীয়াকৈ সামাজিক মাধ্যম যোগে মুক্তি দিয়া হৈছে গীতটি ।

"কমৰেড ৰাভা" পৰিকল্পনাৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে এক টেলিফোনিক বাৰ্তালাপ ড° সীমান্ত দাসৰ-

"কমৰেড ৰাভা"ৰ ৰচনাৰ আঁৰৰ কিছু কথা

ড° সীমান্ত দাসে কয়, “অসমত বিষ্ণু প্ৰসাদ ৰাভাৰ নিচিনা আৰু দ্বিতীয়গৰাকী নেতা পোৱা নাযায় । সেইটোৱেই হ'ল মূল কাৰণ যিটো কাৰণত মই গীতটো লিখিবলৈ আগবাঢ়ি আহিলোঁ । বিষ্ণু প্ৰসাদ ৰাভাৰ সন্দৰ্ভত আমাৰ ঘৰত সৰুৰে পৰা চর্চা চলি অহা দেখা পাইছোঁ । ইয়াৰে বেছি ভাগ কথাই আমি আমাৰ দেউতাৰ মুখৰ পৰা শুনিছিলোঁ । সৰুৰে পৰাই বিষ্ণু প্ৰসাদ ৰাভাৰ চৰিত্ৰটোৱে আকৰ্ষণ কৰি আহিছিল । তেওঁ কিদৰে সশস্ত্ৰ বিপ্লৱৰ প্ৰতি আগবাঢ়ি গৈছিল, সেই দিশটো আমাৰ ঘৰত সৰুৰে পৰা চর্চা হৈছিল ।”

COMRADE RABHA
প্ৰথমটো অসমীয়া জীৱনীমূলক গীত "কমৰেড ৰাভা" (Photo : ETV Bharat Assam)

তেওঁ লগতে আৰু কয়, “আনহাতে বিদ্যালয়ত পঢ়ি থাঁকোতে মই প্ৰথমবাৰৰ বাবে পোৱা পুৰস্কাৰৰ কিতাপৰ টোপোলাত এখন কিতাপ আছিল ‘অকণিৰ বিষ্ণুৰাভা’ । মোৰ লগত বিষ্ণুপ্ৰসাদ ৰাভাৰ চৰিত্ৰটো সৰুৰে পৰা জড়িত । মই যে কেৱল কলাগুৰুৰ দিশতো অধ্যয়ন কৰিছিলোঁ সেইটো নহয়, সৈনিক বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা দিশো অধ্যয়ন কৰাৰ সুবিধা সৰুৰে পৰা পাইছিলোঁ । এইবোৰ কাৰণতেই মই গীতটো লিখিবলৈ অনুপ্ৰাণিত হ'লোঁ । ঘৰখনত যিটো পৰিৱেশ আছিল সেইটোৱে মোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে গীতটি লিখাৰ বাবে অনুপ্ৰাণিত কৰিছিল ।”

গীতটি ৰচনাৰ পৰিকল্পনা কিমান দিনৰ ?

দাসে কয়, “গীতটি লিখিবলৈ আৰম্ভ কৰিছিলোঁ আজিৰে পৰা ১ বছৰ ৭ মাহ পূৰ্বে । গীতটি লিখাৰ সময়ত বিষ্ণু প্ৰসাদ ৰাভাৰ বিভিন্ন ঘটনাৱলীৰ ওপৰত অধ্যয়ন কৰি লিখা হৈছিল ।”

COMRADE RABHA
কমৰেড ৰাভাত দেখিবলৈ পোৱা গৈছে কেনী বসুমতাৰীক (Photo : ETV Bharat Assam)

দৃশ্যগ্ৰহণ ক’ত ক’ত কৰা হৈছিল ?

মেঘালয়, যোৰাবাটৰ আশে-পাশে, অসম মেঘালয়ৰ সীমান্তৱৰ্তী ৰাণীখামাৰত গীতটোৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ।

COMRADE RABHA
প্ৰথমটো অসমীয়া জীৱনীমূলক গীত "কমৰেড ৰাভা" (Photo : ETV Bharat Assam)

বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু নে সৈনিক শিল্পী !

বহুসময়ত বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু নে সৈনিক শিল্পী এই সন্দৰ্ভত বিভিন্নজনে বহুধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখা যায় । এই সন্দৰ্ভত ড° সীমান্ত দাসে কয়, “বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি সকলোৱে চিনি পায় । মোৰ মতে এগৰাকী ব্যক্তিৰ পৰিচয় কেতিয়াও সীমাৱদ্ধ হৈ থাকিব নালাগে । বিষ্ণু প্ৰসাদ ৰাভা এনে এজন ব্যক্তি আছিল, অস্ত্ৰও ধৰিছিল তুলিকাও কৰিছিল । আমি কেৱল তেওঁৰ এটা দিশ জানিলেই নহ'ব । তেওঁক আমি জানিবলৈ হ’লে একেবাৰে শৈশৱৰ পৰা তেওঁ মানসিক ধৰণে কেনেকুৱা এজন ব্যক্তি আছিল, তেওঁ যে কলা- সংস্কৃতিৰ লগত জড়িত থকাৰ লগতে তেওঁৰ ভিতৰত এটা বৈপ্লৱিক সত্তাও আছিল সেই সকলোবোৰ দিশ জানিব লাগিব । মোৰ মতে কলাগুৰু শব্দটোৱে কেৱল তেওঁৰ সাংস্কৃতিক দিশটোকহে প্ৰতিনিধিত্ব কৰে, সেই শব্দটোৱে কিন্তু তেওঁৰ বৈপ্লৱিক সত্তাটোক প্ৰতিনিধিত্ব নকৰে । মোৰ মতে সৈনিক শিল্পী শব্দটো তেওঁৰ নামটোৰ লগত বেছি মিলা যেন অনুভৱ হয় । বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈনিক সত্তাটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ । যদিহে তেখেতৰ সেই সত্তাটো পাহৰি যাওঁ তেন্তে আচলতে আমি কেতিয়াও বিষ্ণু প্ৰসাদ ৰাভাক বুজিয়ে নাপালোঁ ।”

উল্লেখ্য যে, গীতটিৰ কাহিনী, ধাৰণা, পৰিচালনা আৰু প্ৰযোজনা ড° সীমান্ত দাসৰ । চিত্ৰগ্ৰহণ কৰিছে অৰুপ গয়াৰীয়ে । গীতটিত অভিনয় কৰিছে কেনী বসুমতাৰী, অমৰেন্দ্ৰ ডেকা, কল্পনা দাস, জাহ্নবী দাস, মানস প্ৰতিম হালৈ, দিলীপ বর্মনকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক : প্রথমখন অসমীয়া ক’র্ট ৰূম ৱেব ছিৰিজ ‘ন্যায়’ মুক্তিৰ দিশে