ETV Bharat / entertainment

NYIFFত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস

অসমৰ এখন মনোমোহা গাঁৱৰ পৰিৱেশ ফুটাই তোলা হৈছে এই ছবিখনত ৷ এগৰাকী কিশোৰীয়ে আবেগেৰে সংগীতৰ পিছে পিছে দৌৰি ফুৰাৰ কাহিনী এয়া ।

Filmmaker Rima Das bags Best Director award at NYIFF for Village Rockstars 2
চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস (photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 24, 2025 at 4:26 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: সন্মানিত নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ (New York Indian Film Festival)ত “ভিলেজ ৰকষ্টাৰ্ছ ২” ছবিখনৰ বাবে চৰ্চিত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসক শ্ৰেষ্ঠ পৰিচালক বঁটাৰে সন্মানিত কৰা হৈছে ।

“নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি ৰোমাঞ্চিত হৈছো ! আন সকলো বিজয়ীলৈ অভিনন্দন,” বঁটা লাভ কৰাৰ পিছতে সামাজিক মাধ্যমত এইদৰে এটা পোষ্ট দি মনৰ ভাৱ শ্বেয়াৰ কৰে দাসে ।

আকাংগা ফিল্ম এছিয়া আৰু বেড ৰেবিট পিকচাৰ্ছ কোম্পানী লিমিটেডৰ সহযোগত ফ্লাইং ৰিভাৰ ফিল্মছৰ প্ৰযোজনা “ভিলেজ ৰকষ্টাৰ্ছ ২”ত ভনিতা দাস, বসন্তী দাস, জুনুমনি বড়ো, বলোৰাম দাস আৰু মানবেন্দ্ৰ দাসে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

এখন মনোমোহা অসমীয়া গাঁৱৰ পৰিৱেশত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ এগৰাকী কিশোৰীয়ে গ্ৰাম্য জীৱনৰ সৈতে যুঁজি থাকিও সংগীতৰ পিছত কিদৰে দৌৰি ফুৰে, তাকেই কাহিনী আকাৰে দেখুওৱা হৈছে ছবিখনত । ছবিখনত অপ্ৰত্যাশিত পৰিস্থিতিৰ মাজেৰে সেই কিশোৰীগৰাকী আত্ম-আৱিষ্কাৰৰ যাত্ৰা ব্যাখ্যা কৰা হৈছে ।

দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস থলুৱা আৰু বাস্তৱসন্মত কাহিনী কোৱাৰ বাবে জনাজাত । তেওঁৰ ছবিবোৰে প্ৰায়ে জটিল সম্পৰ্ক আৰু প্ৰকৃতিৰ সৈতে জড়িত জীৱনৰ সন্ধান কৰে ।

উল্লেখ্য যে, চলিত বছৰত ১৬ ফেব্ৰুৱাৰীত ৭৫ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইউৰোপীয় প্ৰিমিয়াৰ হৈছিল “ভিলেজ ৰকষ্টাৰ্ছ ২” ৰ ৷ ছবিখন প্ৰদৰ্শন হোৱাৰ পাছতে চলচ্চিত্ৰ সমালোচক তথা দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল ছবিখনে । আনহাতে শেহতীয়াকৈ ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ সন্মানিত হৈছে জাৰ্মানীত ৷ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে তেওঁৰ ছবি ভিলেজ ৰকষ্টাৰ্ছ ২ ৰ বাবে জাৰ্মানীৰ ৪২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ফ্ৰাউয়েন ফিল্ম ফেষ্টত মহিলা পৰিচালকসকলৰ বাবে থকা আন্তৰ্জাতিক ফিচাৰ ফিল্ম প্ৰতিযোগিতাৰ শাখাত বিজয়ী বঁটা লাভ কৰে ।

লগতে পঢ়ক : বাৰ্লিনত প্ৰদৰ্শিত হ’ল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ ২’

ইণ্টাৰনেশ্যনেলছ ফ্ৰাউয়েন ফিল্ম ফেষ্টত ভিলেজ ৰকষ্টাৰছ ২ৰ শিৰত বঁটা