ETV Bharat / entertainment

ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ : সৰ্বাধিক বঁটাৰে উজলিল 'লাপাতা লেডিজ'

আহমেদাবাদৰ ইকা এৰিণাত ২০২৫ বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডছৰ অনুষ্ঠান আয়োজন কৰা হৈছিল ৷

Filmfare Awards 2025: Laapataa Ladies Sweeps with 13 Wins
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ : সৰ্বাধিক বঁটাৰে উজলিল 'লাপাতা লেডিজ' (X handle)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 12:57 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: গুজৰাটৰ আহমেদাবাদ চহৰত অনুষ্ঠিত হয় ৭১ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ । কাংকাৰিয়া হ্ৰদৰ ইকা এৰিণাত অনুষ্ঠিত বলীউডৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বহু তাৰকা । শ্বাহৰুখ খান, কৰণ জোহৰ আৰু মনীশ পলে আঁতধৰা বঁটা প্ৰদান অনুষ্ঠানত বলীউডৰ কেইবাগৰাকী তাৰকাই আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰে ।

বঁটা প্ৰদান অনুষ্ঠানত চৰ্চাত আছিল কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ছবি 'লাপাতা লেডিজ' । কিয়নো শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালকৰ বঁটাকে ধৰি ১৩ টা বঁটা লাভ কৰি সৰ্বাধিক বিজয়ী হিচাপে পৰিগণিত হৈছিল ছবিখন ।

এই অনুষ্ঠানত লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰা জিনাত আমান আৰু মৰণোত্তৰভাৱে এই সন্মান প্ৰয়াত শ্যাম বেনেগালক প্ৰদান কৰা হয় । ভাৰতীয় চিনেমাৰ সোণালী যুগ উদযাপন কৰি তাৰকা নুতন, মীনা কুমাৰী আৰু দিলীপ কুমাৰক চিনে আইকন বঁটাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

ফিল্মফেয়াৰ বঁটা ২০২৫ : বিজয়ীৰ সম্পূৰ্ণ তালিকা

  • শ্ৰেষ্ঠ ছবি : লাপাতা লেডিজ
  • শ্ৰেষ্ঠ পৰিচালক : কিৰণ ৰাও (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ অভিনেতা : অভিষেক বচ্চন (আই ৱাণ্ট টু টক) আৰু কাৰ্তিক আৰিয়ান (চন্দু চেম্পিয়ন)
  • শ্ৰেষ্ঠ অভিনেত্ৰী : আলিয়া ভাট (জিগ্ৰা)
  • সমালোচকৰ বঁটা, শ্ৰেষ্ঠ অভিনেতা : ৰাজকুমাৰ ৰাও (শ্ৰীকান্ত)
  • সমালোচকৰ বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰী : প্ৰতিভা ৰন্ত (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ সহ-অভিনেতা : ৰবি কিষাণ (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ সহ-অভিনেত্ৰী : ছায়া কদম (লাপাতা লেডিজ)
  • সমালোচকৰ বঁটা, শ্ৰেষ্ঠ ছবি : শ্বুজিত ছিৰকাৰ (আই ৱাণ্ট টু টক)
  • শ্ৰেষ্ঠ কাহিনী : আদিত্য ধৰ আৰু মোনাল ঠক্কৰ (আৰ্টিকল ৩৭০)
  • শ্ৰেষ্ঠ চিত্ৰনাট্য : স্নেহা দেশাই (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য : ৰিতেশ শ্বাহ আৰু তুষাৰ শীতল জৈন (আই ৱাণ্ট টু টক)
  • শ্ৰেষ্ঠ সংলাপ : স্নেহা দেশাই (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ সংগীত এলবাম : ৰাম চম্পত (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ গীতৰ কথা : প্ৰশান্ত পাণ্ডে (ছাজনী, লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ প্লে-বেক গায়ক : অৰিজিৎ সিং (ছাজনী, লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ প্লে-বেক গায়িকা : মধুবন্তী বাগচী (আজ কি ৰাত, ষ্ট্ৰী-২)
  • শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক'ৰ : ৰাম চম্পত (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ শব্দ প্ৰযোজনা : সুভাষ চাহু (কিল)
  • শ্ৰেষ্ঠ সম্পাদনা : শিৱকুমাৰ ভি পানিকৰ (কিল)
  • শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী : ৰাফে মেহমুদ (কিল)
  • শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন : ময়ূৰ শৰ্মা (কিল)
  • বেষ্ট একশ্যন : চেয়ং অ'হ আৰু পাৰভেজ শ্বেখ (কিল)
  • শ্ৰেষ্ঠ সাজ-পোছাক : দৰ্শন জালান (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ ভিএফএক্স : ৰিডিফাইন (মুঞ্জিয়া)
  • শ্ৰেষ্ঠ নৃত্য পৰিচালনা : বস্কো-চিজাৰ (টৌবা টৌবা, বেড নিউজ)
  • শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী : নীতাঞ্চি গোৱেল (লাপাতা লেডিজ)
  • শ্ৰেষ্ঠ নৱাগত অভিনেতা : লক্ষ্য (কিল)
  • শ্ৰেষ্ঠ নৱাগত পৰিচালক : কুনাল কেমু (মদগাঁও এক্সপ্ৰেছ) আৰু আদিত্য সুহাষ জম্ভালে (আৰ্টিকল ৩৭০)
  • আৰ.ডি বৰ্মন এৱাৰ্ড ফ'ৰ আপকামিং টেলেণ্ট ইন মিউজিক : অচিন্ত্য ঠাক্কৰ (জিগ্ৰা, মিষ্টাৰ এণ্ড মিচেছ মাহী)
  • লাইফটাইম এচিভমেণ্ট এৱাৰ্ড : জিনাত আমান আৰু শ্যাম বেনেগাল (মৰণোত্তৰ)
  • চিনে আইকন বঁটা : দিলীপ কুমাৰ, নুতন আৰু মীনা কুমাৰী

অনুষ্ঠান পৰিৱেশন

অক্ষয় কুমাৰ, অনন্যা পাণ্ডে আৰু শ্বাহৰুখ খানৰ হাই ভল্টেজ প্ৰদৰ্শনেৰে নিশাটো আকৰ্ষণীয় হৈ উঠিল ।

লগতে পঢ়ক: জুবিনৰ আকস্মিক মৃত্যুৰ ন্যায় কেতিয়া ?