ETV Bharat / entertainment

তাপসী পান্নুৰ শিৰত সেন্দুৰ, অনুৰাগীৰ শুভেচ্ছা - Taapsi Pannu and Mathias Boe

Taapsi Pannu Married with Mathias Boe: বি টাউনত ইখনৰ পিচত সিখন বিবাহ ৷ যোৱা 23 মাৰ্চত তাপসী পান্নু আৰু তেওঁৰ দীৰ্ঘসময়ৰ প্ৰেমিক বেডমিণ্টন খেলুৱৈ মাথায়াছ বোৰ বিবাহৰ খবৰ পচৰ্চাত থকাৰ পিচতে তাপসীৰ শিৰৰ সেন্দুৰে অনুৰাগীৰসকলক যেন এই খবৰ নিশ্চিত কৰি দিছে ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

Taapsi Pannu Married with Mathias Boe
তাপসী পান্নুৰ শিৰত সেন্দুৰ, অনুৰাগীৰ শুভেচ্ছা
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 8:47 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 26 মাৰ্চ : শেহতীয়াকৈ বি টাউনৰ চৰ্চতি খবৰৰ ভিতৰত হৈছে মোহময়ী অভিনেত্ৰী তাপসী পান্নুৰ গোপন বিবাহ ৷ ইয়াৰ পিচতে সোমবাৰে অভিনেত্ৰীগৰাকীয়ে হোলীৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰাৰ পিচতেই তাপসী পান্নুৰ শিৰত সেন্দুৰ প্ৰত্যক্ষ কৰে অনুৰাগীসকলে ৷

হোলীৰ ৰঙৰ মাজত, এনে লাগিছিল যেন তেওঁ শিৰত সেন্দুৰ লৈছিল ৷ তাৰ পিচতে অনুৰাগীসকলে তেওঁৰ ফটোত কমেণ্টৰ বৰষুণ পেলায় ৷ উল্লেখ্য যে, যোৱা ২৩ মাৰ্চত উদয়পুৰত এক গোপন অনুষ্ঠানত তাপসীয়ে তেওঁৰ দীৰ্ঘসময়ৰ প্ৰেমিক তথা বেডমিণ্টন খেলুৱৈ মাথায়াছ বোৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ বাতৰি পোহৰলৈ আহে ৷ এই বিবাহৰ অনুষ্ঠানত কেৱল তাপসীৰ কেইগৰাকীমান ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ লোকহে উপস্থিত আছিল বুলি জানিব পৰা গৈছে ৷ ৰাজস্থানৰ উদয়পুৰত দুয়োয়ে গোপনে বিবাহপাশত আৱদ্ধ হয় বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে তাপসী আৰু মাথায়াছে পৰিয়ালৰ লোকৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে হোলী উদযাপন কৰা ছবি আপলোড দিয়াৰ পিচতে এখন ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । অভিনেতা অভিলাষ থাপলিয়ালে শ্বেয়াৰ কৰা গ্ৰুপ ফটোখনত তাপসী, মাথায়াছ, তাপসীৰ ভগ্নী শগুন পান্নু আৰু তেওঁলোকৰ বন্ধুবৰ্গ সকলো আছিল ৷ সকলোৱে হোলী ৰঙেৰে ৰঙীন হৈ আছিল ।

কিন্তু ইয়াৰে এখন ফটোত অনুৰাগীসকলে তাপসীৰ কপালত জুম কৰি দেখে যে তেওঁ শিৰত সেন্দুৰ লৈ থকাৰ দৰে লাগে ৷

লগে লগে এজন অনুৰাগীয়ে ফটোখনত কমেণ্ট কৰে যে, য়, "আৰে সেন্দুৰ, তাপসী মেম ৷"

আন এজনে লিখিছিল, "আমি আজি গম পাইছিলো যে তাপসী বিবাহিত।"

অন্য এজন অনুৰাগীয়ে লিখে, "তাপসীৰ কপালত কোনে সেন্দুৰ লগালে?"

এজনে মন্তব্য কৰে, "নৱ বিবাহিতা তাপসীয়ে হোলীত শিৰত সেন্দুৰ লৈ আছে।"

অৱশ্যে, এইটো মন কৰিবলগীয়া যে সেন্দুৰৰ দৰে দেখা ৰংখিনি সম্ভৱতঃ হোলী হ’ব পাৰে ৷ কিয়নো শিখ ধৰ্মালম্বী কইনাসকলে সাধাৰণতে সেন্দুৰ পৰিধান নকৰে ৷

লগতে পঢ়ক: বিবাহপাশত আৱদ্ধ হ’ল তাপসী পান্নু আৰু মাথায়াছ বো ! মুম্বাইত হ’ব বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান - Taapsi Pannu And Mathias Boe