ETV Bharat / entertainment

ঘৰত মিছা কথা কৈ অভিনয় শিকিবলৈ গুৱাহাটীলৈ ওলাই আহিছিল প্ৰণামী

অভিনয়কে পেচা হিচাপে লৈ আগবঢ়াৰ ধৰণা কেনেদৰে মনলৈ আহিল প্ৰণামী বৰাৰ ? হিমাংশু প্ৰসাদ দাসক প্ৰথমে ক’ত লগ পাইছিল জানো আহক -

exclusive pranami bora about her acting career actress met actor director Himanshu Prasad Das at NSD Delhi
অভিনেত্ৰী প্ৰণামী বৰা (Photo : ETV bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : May 9, 2025 at 6:05 PM IST

|

Updated : May 10, 2025 at 4:44 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমীয়া নাট্যজগত তথা অসমীয়া ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী বৰা । অৱশ্যে বহুতে তেওঁক প্ৰণামী ভাৰতী নামেৰেও জানে । প্ৰণামী ভাৰতী এই নামটোৰ আঁৰত আছে এক সুকীয়া কাহিনী । নাটকেৰে অভিনয় জীৱনৰ পাতনি মেলা প্ৰণামী বৰা অভিনীত প্ৰথমখন ছবি আছিল ‘অদম্য’ ।

এক সুকীয়া অভিনয় শৈলীৰে দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হোৱা প্ৰণামী বৰাৰ অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ? ই টিভি ভাৰতৰ সৈতে অভিনেত্ৰীগৰাকীৰ এক আছুতীয়া সাক্ষাৎকাৰ-

প্ৰণামী বৰাৰ শৈশৱ তথা অভিনয় যাত্ৰাৰ আৰম্ভণি

প্ৰণামী বৰাৰ মূল ঘৰ নগাঁৱৰ কামপুৰত যদিও পিতৃ আৰক্ষী বিষয়া হোৱা হেতুকে অসমৰ বিভিন্ন ঠাইত অতিবাহিত হৈছিল তেওঁৰ শৈশৱ । পৰৱৰ্তী সময়ত তেওঁলোকে গোৱালপাৰা জিলাত স্থায়ীভাৱে থাকিবলৈ লয় । হাইস্কুলৰ পৰা স্নাতকলৈ গোৱালপাৰাতে অধ্যয়ন কৰে তেওঁ । বিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰা আৰম্ভ হৈছিল তেওঁৰ অভিনয়ৰ যাত্ৰা ।

আন্তৰিক বাৰ্তালাপ (ETV bharat Assam)

এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, “ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ত মই বিদ্যালয়ত অনুষ্ঠিত হোৱা নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো । তাত মই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । এইয়াই আছিল মোৰ অভিনয় যাত্রাৰ আৰম্ভণি । মোৰ অভিনয় যাত্ৰাৰ আদিগুৰু বুলি ক’বলৈ গ’লে- এগৰাকী ব্যক্তি আছিল যাক আমি নাথ খুড়া বুলি মাতিছিলো । তেওঁ অসম পুলিচৰ চিপাহী আছিল । মোৰ জীৱনৰ প্ৰথম নাটখন তেওঁয়ে শিকাইছিল । সেয়ে আদিগুৰু বুলি ক’লে তেখেতৰ নামটো ল'বই লাগিব । তেনেদৰে পৰ্যায়ক্ৰমে বিভিন্ন গুৰু আছিল । বাহাৰুল ইছলাম, ভাগীৰথী বাইদেউ, জ্যোতি নাৰায়ণ নাথ, উদয় শংকৰ এওঁলোকৰ পৰাও মই নাট শিকিছো ।”

শৈশৱতে লগ পাইছিল আদিল হুছেইনক

এই সন্দৰ্ভত তেওঁ কয়, “গোৱালপাৰাত থাকোতে উদয় শংকৰ যাক মই মামা বুলি মাতিছিলো তেওঁৰ পৰা নাটক শিকিছিলো । উদয় মামাহঁতৰ বন্ধু আছিল আদিল হুছেইন । সেই সময়ত মই বিহুও নাচিছিলো । আমাৰ দলটোৰ নাম আছিল ৰাংঢালী বিহুৱা দল । সেইদলটোৰ যি সকল দলপতি আছিল, তেওঁলোক মোৰ মামাৰ বন্ধু আছিল ৷ আনহাতে তেওঁলোকৰ বন্ধু আছিল আদিল হুছেইন আৰু সেই বিহু গ্রুপতে মই তেওঁক লগ পাইছিলো । সপ্তম শ্ৰেণীত অধ্যয়ন কৰি থাকোতে আদিল হুছেইনে নাটকৰ কৰ্মশালা এখন কৰিছিল আৰু সেই কৰ্মশালাতে তেওঁক বেছি ভালকৈ লগ পাইছিলো ।”

অভিনয়কে পেচা হিচাপেলৈ আগবঢ়াৰ ধৰণা কেনেকৈ মনলৈ আহিল ?

“আচলতে এটা পোক, যিটো পোকে সৰুতেই কামুৰিলে । নাচিছিলো, অভিনয় কৰিছিলো । সৰুৰে পৰা মই আচলতে এগৰাকী খুবেই অন্তৰ্মুখী(Introvert) ছোৱালী আছিলো । লাজকুৰীয়া স্বভাৱৰ, খুব কম কথা কৈছিলোঁ । কিন্তু যেতিয়া মই মঞ্চত অভিনয় কৰিলো, তেতিয়া অনুভৱ হ’ল মই যেন এটা বেলেগ জীৱন পালো ৷ মানুহে প্ৰশংসা কৰিলে খুবেই ভাল লাগিছিল, সেইবোৰে মোক কোনোবাখিনি ঠাইত আগবাঢ়িবলৈ অৰিহণা যোগায় ।” বৰাৰ ভাষ্য ৷

ঘৰত মিছা কথা কৈ গুৱাহাটীলৈ অভিনয় শিকিবলৈ আহিছিল প্ৰণামী

সৰু থাকোতে আদিল হুছেইনক লগ পোৱাৰ পাছত দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কথা গম পাইছিল প্ৰণামী বৰাই । স্নাতক সম্পূৰ্ণ কৰাৰ পাছত দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত যে অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে অৱগত হৈ ভৱিষ্যতে তালৈ গৈ অভিনয়ৰ শিক্ষা গ্ৰহণ কৰাৰ সপোন মনৰ ভিতৰত পুহি ৰাখিছিল তেওঁ । কিন্তু সেই সময়ত গোৱালপাৰাৰ পৰা দিল্লীলৈ যোৱাটো আজিৰ দৰে সহজ নাছিল ।

আনহাতে ঘৰৰ একমাত্ৰ ছোৱালী হেতুকে গুৱাহাটীলৈ অধ্যয়ন কৰিবলৈ আহিবলৈয়ো অনুমতি দিয়া নাছিল পিতৃ-মাতৃয়ে । কিন্তু মনৰ ভিতৰত নীৰৱে পুহি ৰখা সেই সপোনটোৱে এদিন পোখা মেলিলে । স্নাতক সম্পূৰ্ণ কৰাৰ পাছত ঘৰত কম্পিউটাৰৰ এটা পাঠ্যক্ৰম শিকিম বুলি মিছা মাতি পিতৃক মান্তি কৰাই গুৱাহাটীলৈ আহে তেওঁ ৷ গুৱাহাটীলৈ অহাৰ পাছত 'ছিগাল'ত নাটক শিকিবলৈ ল'লে প্ৰণামীয়ে ।

কেনেদৰে আৰম্ভ হৈছিল ৰূপালী পৰ্দাৰ যাত্ৰা

এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, "ছবিত অভিনয় কৰিম বুলি মই ভবাই নাছিলো, মই নাটক কৰিম বুলিয়ে ভবিছিলো । ৰাষ্ট্রীয় নাট্য বিদ্যালয়লৈ যোৱাৰ পাছতহে উপলদ্ধি কৰিলো যে অভিনয়ৰ পৃথিৱীখন বহুত বহল । কেৱল নাটকতে সীমাবদ্ধ হৈ থাকিলে নহয়, ছবিও কৰিব পাৰি । মুম্বাইলৈ যোৱাৰ সপোন দেখা নাছিলো যদিও কোনোবাখিনি ঠাইত সৰুকৈ এটা প্লেনিং আছিল । কিন্তু মাৰ অসুখৰ বাবে মই অসমলৈ উভতি আহিবলগীয়া হ'ল । তাৰ পাছত ২০১১ চনত মঞ্জু বৰাই মোক দূৰদৰ্শনত কাম কৰিবলৈ মাতিলে । এনেদৰে দূৰদৰ্শন পৰা আৰম্ভ হৈ পৰৱৰ্তী সময়ত ছবিও কৰিলো । মোৰ প্ৰথম ছবিখন আছিল 'অদম্য', কিন্ত প্ৰথম মুক্তি প্ৰাপ্ত ছবি হ’ল 'চিঞৰ' ।"

হিমাংশু প্ৰসাদ দাসক প্ৰথমে ক’ত লগ পাইছিল ?

২০০৫ চনত প্ৰথমবাৰৰ বাবে হিমাংশু প্ৰসাদ দাসক লগ পাইছিল প্ৰণামী বৰাই । সেই সময়ত তেওঁ ৰাষ্ট্রীয় নাট্য বিদ্যালয়লত অধ্যয়নৰ বাবে প্ৰথম সাক্ষাৎকাৰ দিছিল । কিন্তু কিবা এটা কাৰণত তেওঁ সেই বর্ষত তাত অধ্যয়নৰ বাবে নিৰ্বাচিত নহ’ল ৷ ২০০৬ বর্ষত ৰাষ্ট্রীয় নাট্য বিদ্যালয়ত অধ্যয়নৰ বাবে সুযোগ লাভ কৰে প্ৰণামীয়ে ।

তাৰ পূৰ্বে যদিও দুইগৰাকীয়ে নাটক কৰি আছিল কিন্তু কেতিয়াও একেলগে নাটক কৰা নাছিল বা ইজনে সিজনক লগ পোৱা নাছিল । ২০০৫ চনত ৰাষ্ট্রীয় নাট্য বিদ্যালয়ত অধ্যয়নৰ বাবে প্ৰথম সাক্ষাৎকাৰ দিবলৈ যাওঁতে ৰেলত প্ৰথমবাৰৰ বাবে প্ৰণামীয়ে লগ পাইছিল হিমাংশুক ।

এই সন্দৰ্ভত প্ৰণামী বৰাই কয়, "২০০৫ চনত মই ৰাষ্ট্রীয় নাট্য বিদ্যালয়ত অধ্যয়নৰ বাবে সুযোগ লাভ নকৰিলো যদিও হিমাংশুৱে তাত সেই বৰ্ষত ছিট পায় । মই ২০০৬ চনত তালৈ যাওঁতে হিমাংশু দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল । আনহাতে মোৰ কৰবাত এটা ধাৰণা আছিল যে হিন্দী ভাষাত প্ৰেম কৰিব নোৱাৰি, প্ৰেম হ'লে অসমীয়াতে হ'ব লাগিব । সেই সময়ত অসমৰ বাহিৰৰ বহু কেইজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও সকলোবোৰ প্ৰত্যাখান কৰি হিমাংশুৰ প্ৰস্তাৱটো গ্ৰহণ কৰিছিলো ।"

প্ৰণামী বৰাক জনা যায় প্ৰণামী ভাৰতী হিচাপেও

দৰাচলতে প্ৰণামী বৰাৰ মাতৃৰ নাম আছিল ভাৰতী । মাতৃৰ মৃত্যুৰ পাছত ফেচবুকত তেওঁৰ নামটোৰ লগত মাতৃৰ নামটো লগাই দিয়ে । উল্লেখ্য যে, বৰ্তমান অভিনেত্ৰীগৰাকীৰ এখন ধাৰাবাহিকৰ কাম চলি থকাৰ লগতে ৯ মে'ত মুক্তি লাভ কৰিব অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা অসমীয়া ছবি 'কেছটো নগেন' এ । সমান্তৰালভাৱে ‘Malamal Boyyyz’ আৰু ‘N.R.C নলপাৰাৰ ৰাম চন্দ্ৰ’টো দেখিবলৈ পোৱা যাব অভিনেত্ৰীগৰাকীক ।

লগতে পঢ়ক : ধনী হোৱাৰ সপোনে যেতিয়া হাতবাউল দি মাতে, পাহৰি নাযাব প্ৰত্যাহ্বানৰ কথা

Last Updated : May 10, 2025 at 4:44 PM IST