ঘৰতে বন্দী কৰি থৈছিল আত্মীয়ই, ৰাষ্ট্ৰপতিৰ হাতৰ পৰা লৈছিল সংগীত নাটক একাডেমী বঁটা
সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তৰাৱতী মিলি বৰিয়ে এটা সময়ত বাদ দি দিছিল সংগীত সৃষ্টি কৰিবলৈ ! কিন্তু কিয় ?

By ETV Bharat Entertainment Team
Published : May 8, 2025 at 2:36 PM IST
জোনাই: মিচিং সংগীত জগতৰ এক বিখ্যাত নাম তৰাৱতী মিলি বৰি । পিছে তৰাৱতী মিলি বৰিৰ কণ্ঠস্বৰে কেৱল মিচিং সমাজখনকে মুগ্ধ কৰা নাই, সংগীত ক্ষেত্ৰখনত তেওঁৰ মিঠা স্বৰে বহুতৰ মনত ছাপ পেলাইছে ৷ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই মাত শুনিয়ে তেওঁক গান গোৱাৰ পৰামৰ্শ দিছিল ৷
শিৱসাগৰ জিলাৰ দিচাংমুখ অঞ্চলত মাজৰবাৰী গাঁৱত ১৯৫৯ চনৰ ৯ জানুবাৰীত জন্ম লাভ কৰে তৰাৱতী মিলিয়ে ৷ বেতাং মিলি আৰু উনেশ্বৰী মিলিৰ কনিষ্ঠা কন্যা তেওঁ । তৰাৱতী মিলি বৰিৰ গায়কী, সুৰ আৰু মধুৰ কণ্ঠ মিচিং সংগীত জগতখনৰ বাবে এক সম্পদস্বৰূপ । তেওঁৰ ঐনিতম আৰু কাবানৰ যাদুকৰী সুৰ মিচিং সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ ।
মিচিং লোকসংগীতৰ বিশিষ্ট শিল্পী তৰাৱতী মিলি বৰিয়ে মিচিং ঐনিতম আৰু আনু নিঃতম চৰ্চাৰ মাধ্যমেৰে মিচিং লোকসংগীতৰ বিকাশৰ ক্ষেত্রত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে । এগৰাকী লোকশিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৪ বর্ষত অসম চৰকাৰে শিল্পী পেঞ্চন আৰু পৰম্পৰাগত তথা তেওঁৰ আজীৱন সংস্কৃতি চৰ্চাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লোকসংগীত শাখাত ২০২২ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে ৷
তৰাৱতী মিলি বৰিয়ে কেতিয়াৰ পৰা সংগীতৰ প্রতি আকর্ষণ অনুভৱ কৰিছিল:
মাজৰবাৰী প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰা তৰাৱতী ১৯৭৭ চনত দিচাংমুখ হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয় । কলাগুৰু বিষ্ণু ৰাভা বঁটা লাভ কৰা শিল্পীগৰাকীয়ে ছাত্রী অৱস্থাতে সংগীতৰ প্রতি আকর্ষিত হৈছিল ।
সামাজিক প্রতিবন্ধতাক প্রত্যাহ্বান জনাই কিশোৰী তৰাৱতীয়ে সংগীত চৰ্চা কেনেকৈ কৰিছিল:
শিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁৰ জন্মৰ সময়ত মিচিং গীতক কেৱল পথাৰ, ৰাতি বিহুৰ দলত আৰু আলি আঃয়ে লৃগাং, পঃৰাগ উৎসৱৰ অনুষ্ঠানত পৰিৱেশন কৰা গীত বুলি মিচিং ৰাইজে ধাৰণা কৰিছিল । ইয়াৰ বিপৰীতে সামাজিক মঞ্চ বা মিচিং গীতৰ শ্রব্য সঁফুৰা আদিত ছোৱালীয়ে মুকলিকৈ গীত গোৱাটো ৰাইজে সহজভাৱে ল'ব পৰা নাছিল । এই সামাজিক প্রতিবন্ধতাক প্রত্যাহ্বান জনাই কিশোৰী তৰাৱতীয়ে নিৰন্তৰ প্রচেষ্টাত সংগীত চর্চা অব্যাহত ৰাখিছিল ।

ইয়াৰ মাজতে মনেশ্বৰ মিলি আৰু অৱনী মিলিৰ উদ্গনি আৰু অনুপ্রেৰণাত ১৯৭৭ চনৰ কোনোবা এটা দিনত আকাশবাণী ডিব্ৰুগড় কেন্দ্রত পোনপ্রথমবাৰৰ বাবে গীত গাবলৈ আহে তৰাৱতী মিলি । সদা মিলি, পুষ্পা পাংগিং আদিৰ সৈতে আকাশবাণীত গীত বাণীবদ্ধ কৰিবলৈ অহা তৰাৱতীৰ কণ্ঠত গীত শুনি আপ্লুত হৈ সেই সময়ৰ কেন্দ্র সঞ্চালক টাদা গাৰা, নৰেণ টায়ে আৰু বিশিষ্ট সাহিত্যিক নাহেন্দ্র পাদুনে তৰাৱতীক দলৰ পৰা আঁতৰাই পুনৰ অকলে অন্য কেইটামান গীত বাণীবদ্ধ কৰাৰ সুবিধা প্ৰদান কৰে । ইয়াৰ পাছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই তৰাৱতীয়ে ।
সুমধুৰ কণ্ঠৰ অধিকাৰী তৰাৱতীক আকাশবাণী ডিব্ৰুগড় কেন্দ্রই নিয়মীয়া শিল্পী হিচাপে কমদিনৰ ভিতৰতে স্বীকৃতি দিয়ে । তৰাৱতীয়ে প্রতি তিনিমাহৰ মূৰে মূৰে আকাশবাণীত গীত বাণীবদ্ধ কৰিব লগা হৈছিল । শিশুকালৰ পৰা ঐনিতম, ঢোল-তাল আৰু পেপাৰ প্রতি বিশেষ আকর্ষণ থকা তৰাৱতীয়ে পথাৰত ভূই ৰুই থকা, ধান দাই বা জিৰণি লৈ থকা সময়ত ঢোলৰ মাত শুনিলে পথাৰৰ পৰা গাঁৱলৈ দৌৰি আহিছিল বুলি জানিবলৈ দিয়ে । আনকি বিহুৰ সময়ত কোনো লোকে ঢোল মেৰামতি কৰি বজাৰৰ পৰা নিয়া দেখিলেও ক’ব নোৱাৰাকৈ তেওঁৰ হাত-ভৰিৰ কপনি উঠিছিল ।
কিমান শ্রব্য সঁফুৰাত গীত পৰিবেশন কৰিছে তৰাৱতী মিলি বৰিয়ে:
আকাশবাণী ডিব্ৰুগড়, গুৱাহাটী, পাছিঘাট কেন্দ্র আৰু দূৰদৰ্শনৰ ডিব্ৰুগড়, গুৱাহাটী কেন্দ্রত মিচিং আৰু অসমীয়া গীত পৰিবেশন কৰা তৰাৱতী মিলি বৰিয়ে এতিয়ালৈকে প্রায় শতাধিক শ্রব্য সঁফুৰাত গীত পৰিবেশন কৰিছে । ইয়াৰ ভিতৰত মিচিং মিপাক, কাংকাননী আজন, লালে, নিঃতম নীচাগ, কলীয়া ভোমোৰা, দাগদুং দাকতক, মিকচি জিলি, আচি জিলি, কুমনাম নিঃতম (মিচিং লোকগীত), মিৰ' মিগল (মিচিং পূর্ণদৈর্ঘৰ ছবি), আচিন অৱনৰি ইত্যাদিৰ নাম উল্লেখ কৰিব পাৰি ।
সংগীত চর্চা কেনেদৰে আগবঢ়াই নিছিল আৰু ৰাইজৰ পৰা কেনেকৈ সমাদৰ লাভ কৰিছিল:
শিল্পীগৰাকীয়ে ই টিভি ভাৰতক জানিবলৈ দিয়া অনুসৰি, অনাতাঁৰ কেন্দ্রত পৰিৱেশন কৰা গীত শ্রোতা ৰাইজে শুনাৰ পাছত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত তেওঁক গীত পৰিবেশনৰ বাবে মতা হৈছিল । এইদৰে গীত পৰিৱেশন কৰি ৰাজ্যখনৰ চৌদিশে ভ্রমণ কৰি ৰাইজৰ পৰা অভূতপূর্ব মৰম আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ ৷
ৰাইজৰ পৰা লাভ কৰা মৰম আৰু সঁহাৰিয়ে অধিক উৎসাহেৰে সংগীত চর্চা কৰি যাবলৈ অনুপ্রাণিত কৰে তেওঁক । ৰাজ্যখনৰ অন্যতম পিছপৰা গাঁৱত জন্মগ্রহণ কৰি নৈৰ পাৰৰ কহুৱা, বিৰিণা আৰু ঝাওবনৰ লগত ধেমালি কৰি ডাঙৰ-দীঘল হোৱা শিল্পী তৰাৱতীৰ কণ্ঠৰ ঐনিতমৰ সুৰ আন কাৰোৰে সৈতে তুলনা কৰিব নোৱাৰি । ঐনিতম পৰিবেশনত তৰাৱতীয়ে সুকীয়া স্থান অধিকাৰ কৰি আছে ।
বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে আগবঢ়োৱা বঁটা, বিভিন্ন পুৰস্কাৰ, সামগ্ৰী, সম্বর্ধনা পত্র কেনেকৈ সংৰক্ষণ কৰি ৰাখিছে শিল্পীগৰাকীয়ে:
মিলিৰ সুৱদি মাতত আপ্লুত হৈ গুৱাহাটীৰ পৰা শদিয়ালৈকে লুইতৰ দুয়োপাৰৰ বিভিন্ন সামাজিক অনুষ্ঠানে সম্বর্ধনা জনোৱাৰ লগতে একাধিক অনুষ্ঠান-প্রতিষ্ঠানৰ পৰা বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ ।
- লোকশিল্পী সাহায্য ন্যাস পুঁজিৰ দ্বাৰা ১৯৯৭ চনৰ ২৪ অক্টোবৰত গুৱাহাটীৰ জিলা পুথি ভঁৰালত 'জাতীয় শিল্পী বঁটা' প্রদান
- সদৌ অসম ছাত্র সন্থাৰ দ্বাৰা ২০১০ চনৰ ২০ জুনত কেন্দ্রীয় বিষ্ণু ৰাভা দিৱসত সম্বর্ধনা
- মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু ধেমাজি জিলা প্রশাসনৰ সহযোগত গুৱাহাটী দূৰদর্শন কেন্দ্রই জোনাইৰ গালীত ২০১৪ চনৰ ১৮ জানুৱাৰীত অনুষ্ঠিত কৰা জনকৃষ্টি সমাৰোহত লোক সংগীতৰ জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে সম্বর্ধনা
- অসম সাহিত্য সভাৰ সপ্ততিতম ধেমাজি অধিবেশনত অসমৰ সংগীত জগতলৈ বিশিষ্ট বৰঙণিৰ বাবে ২০০৯ চনৰ ১৮ ফেব্ৰুৱাৰীত সম্বর্ধনা
- লখিমপুৰ জিলাৰ চাউলধোবা 'জংকি পানৈ ক্ষেত্র'ত ২০০৫ চনৰ ৩০ অক্টোবৰত অনুষ্ঠিত দ্বিতীয় উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক সমাৰোহত সাংস্কৃতিক ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে সম্বর্ধনা
- মুর্কংচেলেক বাংকে মিচিং আগম কৌবাঙৰ তৰফৰ পৰা ২০০৭ চনৰ ৩০ অক্টোবৰত সম্বর্ধনা
- ধেমাজি জিলা সাংবাদিক সন্থাৰ দ্বাৰা ২০০৮ চনৰ ৩০ নৱেম্বৰত ধেমাজিৰ গ্রামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত সম্বর্ধনা
- চৰাইদেউ বাংকে মিচিং আগম কৌবাঙৰ তৰফৰ পৰা ২০০৭ চনৰ ৩০ অক্টোবৰত সম্বর্ধনা
- মুর্কংচেলেক মিচিং কৃষ্টি কৌবাঙৰ তৰফৰ পৰা ২০০৭ চনৰ ৮ এপ্রিলত সম্বর্ধনা
- দিখৌমুখৰ বৰ্হমথুৰি সাংস্কৃতিক চর্চা কেন্দ্রৰ দ্বাৰা ২০০৭ চনৰ ১৩ মে'ত ব'হাগৰ এদিন অনুষ্ঠানত সম্বর্ধনা
- চিলাপথাৰ কেন্দ্রীয় আলি আঃয়ে লৃগাং সম্মিলনৰ ৰূপালী জয়ন্তী সমাৰোহ-২০০৫ ত সম্বর্ধনা
- ডিমৌ বিল্লাম বাংকে মিচিং দৃৰবৃ কৌবাঙৰ তৰফৰ পৰা ২০০১ চনত তৰাৱতী আৰু তেওঁৰ স্বামী লক্ষী বৰিক সম্বর্ধনা
- লখিমপুৰ কেন্দ্রীয় কাংকিন কৌবাঙৰ ফালৰ পৰা ২০০৮ চনৰ ৩০ ছেপ্টেম্বৰত লখিমপুৰ জিলা পুথিভঁৰালত সম্বর্ধনা
- অৰুণাচল প্রদেশৰ অয়ানত ২০১৩ চনৰ ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা আলি আঃয়ে লৃগাং গৃঃদু চুঃপৃ সম্মিলনত সম্বর্ধনা
- ২০১২ চনৰ ১১ মাৰ্চত জীয়াভৰলীত অনুষ্ঠিত হোৱা টাকাম মিলি অপৃন কৌবাঙৰ অধিৱেশনত সম্বর্ধনা
- ধেমাজি লেখিকা সমাৰোহত সম্বর্ধনা
- ২০১৩ চনৰ ৫ মে'ত বৃহত্তৰ জোনাই ৰঙালী বিহু বিদায় সম্মিলনত সম্বর্ধনা
- দিচাংমুখৰ ঐনিতম প্রতিভা সন্ধানী সমিতিৰ দ্বাৰা ২০০৭ চনৰ ১০ অক্টোবৰত সম্বর্ধনা
- মুম্বাই মিচিং ছ’চাইটীৰ দ্বাৰা ২০০৮ চনৰ ১৭ ছেপ্টেম্বৰত সম্বর্ধনা
- শিৱসাগৰ বাংকে মিচিং আগম কৌবাঙৰ তৰফৰ পৰা ২০০৫ চনৰ ৩০ অক্টোবৰত সম্বর্ধনা
- ডিব্ৰুগড় কাংকান নগৰ কাৰপুনপুলি সংঘৰ দ্বাৰা ২০০৩ চনৰ ৩১ আগষ্টত মিলন নগৰৰ মুৰংঘৰত বিশেষ সম্বর্ধনা
- মিচিং আর্টিষ্ট এছ’চিয়েশ্যন লখিমপুৰ জিলাৰ ভীমপৰা গৰৈমাৰীত ২৫ ডিচেম্বৰ ২০১৪ত অনুষ্ঠিত হোৱা চতুর্থ সংখ্যক মিচিং আর্টিস্ট সমাৰোহত সম্বর্ধনা
২০১১ চনৰ ২০ ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত লংগৃং কাংকান পাব্লিকেশ্যনৰ দ্বাৰা 'মিচিং বর্ড এৱার্ড-২০১১' প্ৰদান কৰা হয় তৰাৱতী মিলি বৰিক ৷ তদুপৰি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত, পূর্বাঞ্চল সাংস্কৃতিক কেন্দ্র (কলকাতা)ৰ পৃষ্ঠপোষকতাত আৰু মিচিং দৃৰবৃ কৌবাঙৰ উদ্যোগত জোনাইত ২০০৪ চনৰ ৪ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা গোমৰাগ নৃত্য কর্মশালাৰ বিশেষ পাৰদর্শী ব্যক্তি হিচাপে প্রমাণ পত্র দিয়া হয় তেওঁক ।
ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভৰ বিষয়ে কি ক’লে তৰাৱতী মিলি বৰিয়ে:
তৰাৱতী মিলি বৰিয়ে পদ্মভূষণ ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা মুহূর্তও সোঁৱৰণ কৰে । ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰিয়েই তৰাৱতীয়ে ১৯৮৪ চনত তেওঁৰ 'মিচিং মিপাক' নামৰ শ্রব্য সঁফুৰাটি কলিকতাত বাণীবদ্ধ কৰিছিল ৷
১৯৮৫ চনত ড৹ ভূপেন হাজৰিকাৰ 'মিৰি জীয়ৰী' নামৰ ছবিখনৰ বাবে একাধিক গীতত কণ্ঠদান কৰে তেওঁ । লোকশিল্পী তৰাৱতী মিলি বৰিয়ে আগবঢ়োৱা বহুমূলীয়া অৱদানে বৃহত্তৰ অসমীয়া লোককৃষ্টিৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাত নিঃসন্দেহে উল্লেখনীয় ভূমিকা গ্রহণ কৰিছে ।
শিল্পীৰ নিজস্ব অনুভৱ:
“মই সৰুৰ পৰাই সংগীত ভাল পাইছিলোঁ । সেয়েহে নিজে যি পাৰোঁ সাধনা কৰিছিলোঁ । কেতিয়াবা গাঁৱৰ বা অঞ্চলৰ সাংস্কৃতিক অনুষ্ঠানবোৰত ঐনিতম, আনু নিঃতম আদি গীত পৰিবেশন কৰি আমাৰ অঞ্চলৰ ৰাইজৰ পৰা মৰম আৰু সমাদৰ লাভ কৰিছিলোঁ । শ্রদ্ধাৰ মনেশ্বৰ মিলি, অৱনী মিলিৰ লগতে বান্ধৱী সন্ধ্যা মিলি, পুষ্পা পাংগিং আদিয়ে মোক সংগীত জগতত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্রেৰণা যোগাইছিল । তেওঁলোকৰ ওচৰত মই চিৰঋণী। তেখেতসকলৰ উৎসাহ-উদ্দীপনা, সহায়-সহযোগিতাত মই আজি এই পর্যায়ত উপনিত হ'বলৈ সক্ষম হৈছোঁ”, তৰাৱতী মিলি বৰিৰ ভাষ্য ৷
কেনেকৈ আকাশবাণী ডিব্রুগড় কেন্দ্রত গীত পৰিবেশন কৰাৰ সুবিধা লাভ কৰিলে:
“আমাৰ শৈশৱ-কৈশোৰ আৰু যৌৱনৰ সময়ত আমাৰ গাঁওখনৰ সমাজ ব্যৱস্থাত নাৰীয়ে মুক্তভাৱে মঞ্চত গীত গোৱা, কেছেট নিৰ্মাণ কৰা বা সংগীত চর্চাৰ পৰিৱেশ নাছিল । তিলটোকে তালটো কৰি গাঁৱৰ কিছুমান মানহে কথা বিকৃত ৰূপত চর্চা কৰিছিল । এইবোৰ কথাই মোৰ মনত দুখ দিয়াৰ লগতে কর্মক্ষেত্রত বাধাও জন্মাইছিল । কিন্তু সংগীতৰ প্রতি থকা মোৰ অদম্য ইচ্ছা আৰু আগ্রহৰ বাবে লুকাই চুৰকৈ হ'লেও সংগীত সাধনাত ব্রতী হৈছিলোঁ । শেষত ভগৱানে মোক চকু মেলি চালে । অতি কম সময়তে মই আকাশবাণী ডিব্রুগড় কেন্দ্রত গীত পৰিবেশন কৰাৰ সুবিধা লাভ কৰিলোঁ । তেতিয়াৰ পৰা মই ক্রমান্বয়ে সমাজৰ ওচৰত শিল্পী হিচাপে পৰিচিত হ'লোঁ ।”
বিয়াৰ পিছত স্বামীয়ে কেনেকৈ সহযোগিতা আগবঢ়াইছিল:
তেওঁৰ সংগীত চর্চাই শিল্পী লক্ষী বৰিৰ সৈতে বিয়া হোৱাৰ পিছত অধিক তীব্রতা লাভ কৰে বুলি তৰাৱতীয়ে স্বীকাৰ কৰে । ১৯৮১ চনৰ ১৯ জুলাইত তৰাৱতী মিলিয়ে লক্ষী বৰিৰ সৈতে বিয়াত বহে ৷ জনপ্রিয় কণ্ঠশিল্পী তাৰাৱতীয়ে উল্লেখ কৰা মতে তেওঁৰ সংগীত চর্চা এই পর্যায়ত উপনীত হোৱাৰ মূলতে স্বামী লক্ষী বৰি । লক্ষী বৰিয়ে বিয়াৰ পাছত তৰাৱতীক সংগীতৰ বিভিন্ন দিশ বুজাই মেলি আগবাঢ়ি যোৱাত সহযোগ কৰিছিল ।
“তেখেত মোৰ স্বামীয়েই নহয়, সংগীতৰ গুৰুৰ দৰেই । সংগীতৰ বিভিন্ন দিশ সম্পর্কে মই তেখেতৰ পৰাই বহুতো জ্ঞান লাভ কৰিছোঁ । অকল সেয়াই নহয়, আজিও মই ৰাইজৰ কাষত থাকি মৰম আৰু সঁহাৰি পোৱাৰ মূলতে মোৰ স্বামী লক্ষী বৰিৰ অনুপ্ৰেৰণা আৰু সহায়-সহযোগিতা । এইক্ষেত্ৰত মোৰ স্বামীৰ পৰিয়ালেও মোক যথেষ্ট সমর্থন আগবঢ়াইছে । কিন্তু বিধিৰ কি বিপাক, তেওঁ মোক অথাই সাগৰত পেলাই ২০১৩ চনৰ ২৫ জানুৱাৰীত ইহলীলা সম্বৰণ কৰিলে”, এইদৰে উচুপি উঠিল মিলি ৷
শিল্পী জীৱনত লাভ কৰা অভিজ্ঞতা:
তৰাৱতী মিলি বৰিয়ে কয়, “১৯৮৪ চনত মই প্রথম 'মিচিং মিপাক' নামৰ শ্ৰব্য সঁফুৰাটি কলকাতাত বাণীবদ্ধ কৰিছিলোঁ । এইদৰে ১৯৮৫ চনত 'মিৰি জীয়ৰী' কথাছবিৰ বাবে সংগীত ৰেকর্ডিং কৰোঁতে সংগীত সম্রাট ভূপেন হাজৰিকাক যথেষ্ট ওচৰৰ পৰা পাইছিলোঁ । তেওঁ মোৰ কণ্ঠৰ গীত শুনি কৈছিল 'তৰাৱতী, তোমাৰ যদি অসমৰ মিচিং সম্প্রদায়ত জন্ম নহৈ কলিকতাৰ বঙালী সম্প্রদায়ত জন্ম হ’লহেঁতেন, লতাজীতকৈ বেছি নাম কৰিব পাৰিলাহেঁতেন ।”
লগতে পঢ়ক : ভয় থাকিব লাগে, ভয়ে শ্ৰোতালৈ যি সন্মান সেয়া বুজায়: সান্নিধ্য ভূঞা

