ETV Bharat / entertainment

ড৹ ভূপেন হাজৰিকা-হীৰেন ভট্টাচাৰ্যৰ গীত-কবিতাক কেনভাছত জীৱন্ত কৰা এগৰাকী শিল্পী

চিত্ৰকলাৰ সৈতে কেনেদৰে জড়িত হৈ পৰিছিল কিশোৰ কুমাৰ দাস ? ‘The Creator’ ছবিখনৰ আঁৰৰ কাহিনী কি আছিল ? ই টিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ-

exclusive interview with visual artist kishor kumar das
কিশোৰ কুমাৰ দাস (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 29, 2025 at 6:52 PM IST

|

Updated : April 29, 2025 at 7:10 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম তথা ভাৰতীয় সমকালীন কলা জগতৰ এক বিশিষ্ট নাম কিশোৰ কুমাৰ দাস । যিগৰাকী চিত্ৰশিল্পীৰ কেনভাছত প্ৰতিফলিত হয় থলুৱা লোক সংস্কৃতিৰ পৰা আৰম্ভ কৰি জীৱনৰ গভীৰ অনুভৱ, সমাজৰ চিত্ৰ আৰু লোকসাহিত্য । তেওঁৰে কেনভাছত প্ৰাণ পাই উঠিছে ড৹ ভূপেন হাজৰিকাৰ বিভিন্ন গীত, হীৰেন ভট্টাচাৰ্যৰৰ বহু কবিতা । বিশিষ্ট চিত্ৰশিল্পী আৰু ললিত কলা একাডেমী বঁটাপ্ৰাপক কিশোৰ কুমাৰ দাসে অসমৰ কলা জগতত দীৰ্ঘদিন ধৰি এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে ।

গুজৰাটৰ এম.এছ. বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৩ চনত বি.এফ.এ. আৰু ১৯৯৫ চনত এম.এফ.এ. লাভ কৰি দাসে তেওঁৰ শিল্প যাত্ৰা আৰম্ভ কৰিছিল । তাৰ পাছত গুৱাহাটী, মুম্বাই, দিল্লী, কলকাতা, বাংগালুৰু, বৰোদা আদি ঠাইত বহুতো একক আৰু গোট গাঁথনি প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে । তদুপৰি শ্রীলংকা, বাংলাদেশ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰিসৰতো তেওঁৰ শিল্প প্ৰদৰ্শন হৈছে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শিল্পীগৰাকীয়ে তেওঁৰ এই যাত্ৰা সন্দৰ্ভত বহু কথা প্ৰকাশ কৰে-

কিশোৰ কুমাৰ দাসৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

এই যাত্ৰাৰ আৰম্ভণি কেতিয়া হৈছিল

শৈশৱৰে পৰাই কিশোৰ দাসৰ ৰং-তুলিকাৰ এই যাত্ৰা আৰম্ভ হৈছিল । তেওঁৰ এই যাত্ৰাত বিশেষভাৱে প্ৰভাৱ পেলাইছিল ছাত্ৰ আন্দোলনে । ছাত্ৰ আন্দোলনৰ বাবে সেই সময়ত বন্ধ দিয়া হৈছিল স্কুল-কলেজসমূহ । বন্ধৰ এই সময়ছোৱাত ঘৰতে থাকি ছবি আঁকিবলৈ লয় তেওঁ ।

এই সন্দৰ্ভত তেওঁ কয়, “শৈশৱৰ পৰাই এই যাত্ৰাৰ আৰম্ভণি হৈছিল । অৰ্থাৎ ছাত্র আন্দোলনৰ পাছৰ পৰাই এই যাত্রাৰ আৰম্ভণি হৈছিল । সেই সময়ত বিদ্যালয়সমূহ বন্ধ আছিল আৰু আমি ঘৰতে আছিলো ৷ তেতিয়াই ছবি অঁকাৰ আৰম্ভণি কৰিলো । আগতেও আঁকিছিলো যদিও সেই সময়ত ছবিৰ ওপৰত বেছিকৈ মনোযোগ দিবলৈ ল’লো । তাৰ পাছত ঘৰৰে ওচৰৰ আৰ্ট স্কুল এখনত নামভৰ্তি কৰিলো । তেনেদৰে মই ছবিৰ প্ৰতি আৰু বেছি আকৰ্ষিত হৈ পৰিলো ।”

লগতে তেওঁ কয়, “ছবিৰ প্ৰতি এই আকৰ্ষণৰ বাবে এটা সময়ত ৰং-তুলিকা লৈ প্ৰাকৃতিক সৌন্দৰ্য বিচাৰি গুৱাহাটীৰ বিভিন্ন পাহাৰে পাহাৰে ঘূৰিবলৈ ল’লো । পাহাৰলৈ গৈ কোনোবা এডাল গছৰ তলত বহি প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰি এখন এখন ছবি সম্পূৰ্ণ কৰো । তেনেদৰেই আৰম্ভণি হৈছিল এই যাত্ৰাৰ ।”

ছবিকে মূল মাধ্যম হিচাপে লৈ আগবঢ়াৰ পৰিকল্পনা কেনেদৰে মনলৈ আহিল ?

এই সন্দৰ্ভত তেওঁ কয়, “আৰম্ভণিত ছবি অংকনক যে পেচা হিচাপে ল'ব পাৰি সেইটো জনা নাছিলো । ছবি ভাল পাওঁ বাবেই ছবি আঁকি আছিলো । প্ৰতিযোগিতাসমূহতো অংশগ্ৰহণ কৰিলে কিবা নহয় কিবা পুৰস্কাৰ লাভ কৰো । তেনেদৰেই এইটো নিচালৈ পৰিণত হ'ল । তাৰ পাছত উচ্চতৰ মাধ্যমিকৰ পাছত চিত্ৰকলাকে মাধ্যম হিচাপে লৈ পঢ়াৰ পৰিকল্পনা কৰিলো । আনহাতে যিগৰাকী গুৰুৰ ওচৰত মই ছবিৰ শিক্ষা গ্ৰহণ কৰিছিলো তেখেতে মোক আৰ্টিষ্ট গিল্ডত নাম লগাই দিলে ৷ তাতে মই এটা বহল পৰিসৰ লাভ কৰিলো । উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পাছত বৰোদালৈ গ'লো আৰু তাত নামভৰ্তি কৰিলো । কিন্তু আমি যেতিয়া তালৈ গৈছিলো সেই সময়ত কলা শিক্ষাত যে ৪ বছৰ অধ্যয়ন কৰিব পাৰি সেয়া বহুতেই জনা নাছিল । তাত বহুখিনিয়ে অভিজ্ঞতা লাভ কৰিলো ।”

The Creator ছবিখনৰ বাবে লাভ কৰিছিল ললিত কলা একাডেমী বঁটা

এই সন্দৰ্ভত দাসে কয়, “মোৰ ওপৰত এগৰাকী বাইদেউ আছিল । তেওঁৰ এখন কাটিং-এম্ব্ৰইডাৰীৰ দোকান আছিল । কিন্তু বিয়াৰ এবছৰ পাছতে বাইদেউ ঢুকাই যায় । বাইদেউৰ মৃত্যুৰ পাছত মই মানসিকভাৱে ভাগি পৰিছিলো । তেওঁৰ মৃত্যুৰ পাছত বহুদিন ছবি অঁকা নাছিলো । এদিন ৰাতি হঠাৎ ছবি আঁকিবলৈ মন গ'ল । এখন কেনভাছত ৰং আৰু হাতেৰে মই তেনেদৰে ছবিখন আঁকিলো । ছবিখন কাপোৰ চিলোৱা মেছিনৰ আছিল আৰু তাত কিছুমান কাপোৰ আছিল । ছবিখন অঁকাৰ পাছত কলাক্ষেত্ৰৰ এখন প্ৰদৰ্শনীলৈ পঠিয়াইছিলো যদিও দুৰ্ভাগ্যবশত সেই প্ৰদৰ্শনীত মোৰ ছবিখন প্ৰদৰ্শন নহ'ল । তাৰ পাছত মই ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰে বাবে ছবি বিচৰা এটা বিজ্ঞাপন পালো । এই ছবিখন মই তালৈ পঠিয়ালো । তাৰ কেইদিনমান পাছত এখন চিঠিৰ জৰিয়তে ললিত কলা একাডেমীৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ বাবে ছবিখন বাছনি হোৱাৰ কথা জানিব পাৰিলো । তাৰ ১৫ দিনমান পাছত ললিত কলা একাডেমী বঁটাৰ পুনৰ এখন চিঠি লাভ কৰিলো । সেই সময়ত ললিত কলা একাডেমী বঁটা লাভ কৰা হয়তো ময়ে প্ৰথমগৰাকী ব্যক্তি, কাৰণ ইয়াৰ আগতে বৰাকৰ এগৰাকী শিল্পীয়ে লাভ কৰা বুলি শুনিছিলো যদিও সেই সন্দৰ্ভত কোনো সঠিক তথ্য পোৱা নাযায় ।”

উল্লেখ্য যে, শিল্পীগৰাকীক ২০০৪-০৫ বৰ্ষত ললিত কলা একাডেমী বঁটা, ২০১০ চনত ৰং-তুলিকা বঁটা আৰু ২০২১ চনত হৰাইজন শিল্পী বঁটাৰে তেওঁৰ কৃতিত্বৰ স্বীকৃতি দিয়া হৈছে । ইয়াৰোপৰি দাসে বহু বছৰ ধৰি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

অসমৰ ভিজুৱেল আৰ্টিষ্টছ এছ'চিয়েশ্যনৰ সভাপতি আৰু ললিত কলা একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে কিশোৰ কুমাৰ দাসে । সমান্তৰালভাৱে বহুতো চৰকাৰী আৰু বেচৰকাৰী কলা সংস্থাৰ উপদেষ্টা আৰু সঞ্চালক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে ।

লগতে পঢ়ক : চিত্ৰশিল্পী শিৱ প্ৰসাদ মাৰাৰ : জীৱন, সৃষ্টি আৰু সংস্কৃতিৰ প্ৰতিফলন

Last Updated : April 29, 2025 at 7:10 PM IST