ETV Bharat / entertainment

ভয় থাকিব লাগে, ভয়ে শ্ৰোতালৈ যি সন্মান সেয়া বুজায়: সান্নিধ্য ভূঞা - SANNIDHYA BHUYAN MUSICAL JOURNEY

ঘৰতে সংগীতৰ পৰিৱেশ পোৱা সান্নিধ্য ভূঞাৰো লাগিছিল ভয় প্ৰথম গানটো মুক্তি দিয়াৰ সময়ত ৷ শুনক তেওঁৰ সুৰীয়া সাংগীতিক যাত্ৰা তেওঁৰ মুখেৰেই-

sannidhya bhuyan opens about his musical journey shares feeling of releasing first song
সান্নিধ্য ভূঞা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 21, 2025 at 7:57 PM IST

4 Min Read

গুৱাহাটী : অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ সান্নিধ্য ভূঞা । যি সময়ত অসমীয়া গান শুনাৰ প্ৰতি মানুহৰ লাহে লাহে আগ্ৰহ কমি আহিছিল সেই সময়তে অসমীয়া সংগীত জগতখনক এক নতুন মাত্ৰা প্ৰদানৰ বাবে আগবাঢ়ি আহিছিল এদল কণ্ঠশিল্পী । সেই কণ্ঠশিল্পীসকলৰ ভিতৰত এগৰাকী আছিল সান্নিধ্য ভূঞা । ই টিভি ভাৰতৰ সৈতে সান্নিধ্য ভূঞাৰ এক আছুতীয়া সাক্ষাৎকাৰ-

১৯৯৯ চনৰ ৮ নৱেম্বৰত শিৱসাগৰৰ মেলাচকত জন্মগ্ৰহণ হৈছিল সান্নিধ্য ভূঞাৰ । মাতৃ নিজৰা ভূঞা আৰু পিতৃ ৰাজীৱ ভূঞা । শংকৰদেৱ শিশু নিকেতন শিৱসাগৰৰ পৰাই তেওঁ শিক্ষা জীৱনৰ পাতনি মেলিছিল । পিতৃৰ ৰাজীৱ ভূঞা সংগীতৰ লগত জড়িত এগৰাকী ব্যক্তি । সেয়ে শৈশৱৰ পৰাই এক সাংস্কৃতিক পৰিৱেশৰ মাজতে ডাঙৰ-দীঘল হৈছিল সান্নিধ্য ।

সান্নিধ্য ভূঞাৰে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

সংগীতৰ ক্ষেত্ৰখনত তেওঁৰ যাত্ৰা সন্দৰ্ভত ভূঞাই কয়, “সৰুৰে পৰাই গান ভাল পাওঁ, দেউতাও সংগীতৰ লগত জড়িত । সৰুৰে পৰাই এনে এক পৰিবেশ পাইছিলো বাবেই তেনেদৰে আগবাঢ়িছিলো । ৫-৬ বছৰ বয়সৰ পৰাই শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত অনুষ্ঠানসমূহত গীত পৰিৱেশন কৰিছিলো । কিন্তু কেৰিয়াৰ হিচাপে মই ২০১৯-২০ চনৰ পৰাহে আৰম্ভ কৰিছিলো । প্ৰথম অৱস্থাত জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাৰ গীতসমূহ অভ্যাস কৰিছিলো । পাছলৈ মই পশ্চিমীয়া সংগীত, ইলেকট্ৰনিক মিউজিক আদিত কাম কৰিলো ।”

২০১৮ চনত তন্ময় ক্ৰিপ্টনৰ সৈতে ‘বৰষা’ শীৰ্ষক আৰ এণ্ড বি ট্ৰেকৰ জৰিয়তে তেওঁ সংগীত যাত্ৰা আৰম্ভ কৰে । যি অসমীয়া ভাষাৰ প্ৰথম আৰ এণ্ড বি ট্ৰেকৰ গীত হিচাপে পৰিচিত । সান্নিধ্য ভূঞাৰ সংগীতত ভাৰতীয় শাস্ত্রীয় সংগীত আৰু আৰ এণ্ড বি ধাৰাৰ এক অনন্য মিশ্ৰণ দেখা যায় । যিয়ে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ।

সান্নিধ্য ভূঞাৰ গীতসমূহত আছে এক বেলেগ ধৰণৰ সুৰ

এই সন্দৰ্ভত তেওঁ কয়, “যেতিয়া মই আৰম্ভ কৰিছিলো, তেতিয়া কিবা এটা বেলেগ কৰিবলৈ বিচাৰিছিলো । তেনেদৰে ইলেকট্ৰনিক মিউজিকৰ লগত আমাৰ কিছুমান থলুৱা সুৰৰ সংমিশ্ৰণ কৰিছিলো । তেনেদৰে পশ্চিমীয়া সংগীতৰ লগত একেলগ কৰি গান উলিয়াইছো ।”

প্ৰথম গীতটো মুক্তি দিয়াৰ সময়ত কেনেধৰণৰ অনুভৱ আছিল

“প্ৰথমে অভিজ্ঞতা নাছিল । কিন্তু মানুহে ভুল কৰিয়ে শিকে, তেনেদৰে আমিও বিভিন্ন মাধ্যমৰ পৰা শিকিছো । বৰ্তমানো শিকিয়ে আছো । প্ৰথম গীত আছিল বাবে ভয়ো আছিল । আশা কৰা ধৰণে ইমান সহাঁৰিও পোৱা নাছিলো । কিন্তু যিখিনি ভুল কৰিলো তাৰ পৰা বহুখিনি শিকিলো । এতিয়াও ভয় লাগে । দৰ্শকে কেনেদৰে ল’ব বা কেনেধৰণে শুনিব সেইটো ভয় থাকে । মই ভাবো ভয়টো আচলতে থাকিব লাগে, ভয়টো থাকিলেহে সেই পৰ্যায়ত উপনীত হ’ব পাৰি । এতিয়াও গীত এটা ৰেকৰ্ড কৰাৰ সময়ত, মঞ্চত গীত পৰিবেশন কৰাৰ সময়ত ভয় লাগে । ভয়ে আচলতে শ্ৰোতালৈ যি সন্মান সেয়া বুজায় ।”

কথা-কবিতা সন্দৰ্ভত মন্তব্য

শীঘ্ৰে আহি আছে সান্নিধ্য ভূঞাৰ প্ৰথমটো গীতৰ এলবাম কথা-কবিতা । এই সন্দৰ্ভত ভূঞাই কয়, “কথা-কবিতাত এক বেলেগ ধৰণৰ সোৱাদ পাব । ইতিমধ্যে ইয়াৰ দুটা গীত মুক্তি দিয়া হৈছে । বাকী ১০ টা গীত ছেপ্টেম্বৰৰ ১৪ তাৰিখৰ ভিতৰত শ্ৰোতালৈ বুলি মুকলি কৰি দিয়া হ'ব ।”

বিহুলৈ কেনেদৰে প্ৰস্তুতি চলাইছে কণ্ঠশিল্পীগৰাকীয়ে ?

“বিহুৰ প্ৰস্তুতি প্ৰতিবছৰৰ দৰে এইবাৰো আমি কৰিছো । কেইদিনমানৰ ভিতৰত আমাৰ আখৰা আৰম্ভ হ'ব । শেহতীয়াকৈ মোৰ এটি বিহুসুৰীয়া গীতো মুক্তি লাভ কৰিছে । আনহাতে এইবাৰ প্ৰথমবাৰৰ বাবে মই বিদেশলৈ বিহুত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাম ।”

উল্লেখ্য যে, সান্নিধ্য ভূঞাৰ মতলীয়া, মতলীয়া 0.2, জিপাল, জিপাল 0.2, কেতেকী, শাৰদী নিশা, নিশিগন্ধা, মূৰ্ছনা, আদিকে ধৰি তেওঁৰ প্ৰতিটো গীতেই অসমীয়া ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে । সান্নিধ্য ভূঞাৰ গীতসমূহত প্ৰেম, প্ৰকৃতি আৰু জীৱনৰ বিভিন্ন অনুভৱৰ প্ৰতিফলন দেখা যায় । তেওঁৰ প্ৰায় ভাগ গীত তেওঁৰ পিতৃয়ে ৰচনা কৰে, আনহাতে সুৰ তেওঁ নিজেই কৰে । আদৰ্শ হিচাপে তেওঁ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাক অনুকৰণ কৰি আহিছে ৷ আনহাতে পশ্চিমীয়া সংগীতৰ ক্ষেত্ৰত তেওঁ One Direction, pink floyd, Saliva, kanyae, Kanye West ক অনুকৰণ কৰে ।

লগতে পঢ়ক : তিনি যুৱকৰ অসমীয়া সুৰ শুনাৰ ইচ্ছাই জন্ম দিলে ‘বাঁহী’ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.