ETV Bharat / entertainment

কেঁচুমতাৰ মাজত শিল্প, কলমৰ চিঁয়াহীৰে মনৰ ভাৱ: মনোজ-মণিকাৰ এই কাহিনী জানেনে আপুনি ? - MANOJ CHAKRABORTY MANIKA DEVEE

ভাস্কৰ্য শিল্পী মনোজ চক্ৰৱৰ্তী আৰু গল্পকাৰ মণিকা দেৱীৰ কেনেদৰে আৰম্ভ হৈছিল চিত্ৰ আৰু সাহিত্যৰ যাত্ৰা ? ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ-

sculptor Manoj Chakraborty and storyteller Manika Devee
মনোজ চক্ৰৱৰ্তী-মণিকা দেৱী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 28, 2025 at 6:16 PM IST

Updated : March 28, 2025 at 6:25 PM IST

6 Min Read

গুৱাহাটী: নিৰন্তৰ চিত্ৰ-সাহিত্য সাধনাত ব্ৰতী এটি দম্পতী । এগৰাকীয়ে ৰং-তুলিকাৰে কেনভাছত সপোন সজাইছে, আনগৰাকীয়ে আকৌ সাহিত্যচর্চাৰে প্ৰকাশ কৰিছে নিজৰ মনৰ ভাৱ । চিত্ৰ আৰু সাহিত্যচৰ্চাৰে নিজৰ পৃথিৱী সজোৱা এই বিশেষ দম্পতীটো হৈছে চিত্ৰ তথা ভাস্কৰ্য শিল্পী মনোজ চক্ৰৱৰ্তী আৰু গল্পকাৰ মণিকা দেৱী । ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই যুটিয়ে জনালে তেওঁলোকৰ শিল্প যাত্ৰাৰ কথা ।

চিত্ৰ তথা ভাস্কৰ্য শিল্পী মনোজ চক্ৰৱৰ্তীৰ চমু আভাস

মনোজ চক্ৰৱৰ্তী-মণিকা দেৱীৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

১৯৭৯ চনত নলবাৰীৰ বৰখলা গাঁৱত জন্মগ্ৰহণ কৰা মনোজ চক্ৰৱৰ্তীয়ে অসম চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ পৰা ২০০৬ চনত ভাস্কৰ্য বিভাগৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থানসহ স্নাতক ডিগ্ৰী লাভ কৰে ৷ তেওঁৰ এই যাত্ৰাৰ আৰম্ভণি সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মোৰ জন্ম নলবাৰী জিলাত । সপ্তম শ্ৰেণীলৈ মই নলবাৰীতে অধ্যয়ন কৰিছিলো । শৈশৱৰ বেছিভাগ সময় মই গাঁৱতে কটাইছো, আমাৰ পৰিয়ালটোও যৌথ পৰিয়াল আছিল, তাত মই বিভিন্নজনৰ সান্নিধ্য লাভ কৰি ভিন্ন কথা শিকিবলৈ পাইছিলো । বিশেষকৈ শাকনি বাৰীত 'চৌ' দিয়া হৈছিল আৰু খেৰৰ যিটো জুমুঠি সেইটো মই সাজিছিলো । সেইটোৱেই মোৰ প্ৰাথমিক চিত্ৰ তথা ভাস্কৰ্যৰ লগত চিনাকি বুলি ক’ব লাগিব । লগতে মোক বিশেষভাৱে আকৰ্ষণ কৰিছিল 'কেঁচুমতা'ই ৷ আনহাতে সেইসময়ত ঘৰবোৰ পকী নাছিল, খেৰী ঘৰবোৰ মচিবলৈ এক বিশেষ মাটি অনা হৈছিল, সেই মাটিৰে মই ভিন্ন ৰূপ দিছিলো । প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশসমূহে মোক চিত্ৰৰ এই পৃথিৱীখনলৈ আকৰ্ষণ কৰিছিল ।"

মনোজ চক্ৰৱৰ্তীৰ কৰ্ম তথা কৃতিত্ব

চিত্ৰ তথা ভাস্কৰ্য সাধনাকে নিজৰ পেচা হিচাপে গ্ৰহণ কৰা চক্ৰৱৰ্তীয়ে লাভ কৰে কেবাটাও সন্মান ৷

  • ২০০২ চনত নতুন দিল্লীস্থিত সৰ্বভাৰতীয় চাৰু কাৰু কলা পৰিষদে আয়োজন কৰা প্ৰদৰ্শনীত পেইণ্টিং বিভাগত ৰাজ্যিক বঁটা লাভ
  • ২০০৪ চনত অসম চাৰু কাৰু কলা মহাবিদ্যালয়ে আয়োজন কৰা শিল্প প্ৰদৰ্শনীত চাৰ্টিফিকেট অফ মেৰিট লাভ
  • কলাক্ষেত্ৰ সমাজে আয়োজন কৰা NESEA প্ৰদৰ্শনীত ক্ৰমাগতভাৱে তিনি বছৰলৈ certificate of commendation লাভ
  • ২০০৯ চনত ললিত কলা একাডেমীৰ সৰ্বভাৰতীয় প্ৰদৰ্শনীৰ বাবে ভাস্কৰ্য নিৰ্বাচিত
  • ২০০৮-০৯ বৰ্ষত ললিত কলা একাডেমীয়ে আয়োজন কৰা Octave Celebrating North East শীৰ্ষক প্ৰদৰ্শনীত অংশগ্ৰহণ
  • অসম তথা ভাৰতৰ বিভিন্ন ঠাইত দলীয় তথা একক প্ৰদৰ্শনীত অংশগ্ৰহণ ৷
  • ললিত কলা একাডেমীয়ে আয়োজন কৰা বিভিন্ন কৰ্মশালাত অংশগ্ৰহণ

গল্পকাৰ মণিকা দেৱীৰ চমু আভাস

১৯৭৯ চনত নলবাৰী জিলাৰ নামখলা গাঁৱত জন্ম হৈছিল মণিকা দেৱীৰ । নামখলা গাঁৱতে শিক্ষাজীৱন আৰম্ভ কৰা মণিকা দেৱীয়ে ২০০৩ চনত কটন কলেজৰ পৰা ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ২০০৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী লাভ কৰে । সাহিত্যৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল বুলি কৰা এক প্ৰশ্নৰ উত্তৰত দেৱীয়ে কয়, “গাঁৱতে মোৰ জন্ম হৈছিল । গাঁৱৰ পৰিৱেশে মোক সদায় আকৰ্ষিত কৰে । সৰুৰে পৰা প্ৰাকৃতিক পৰিৱেশত ডাঙৰ হৈছিলো আৰু সেইবোৰে চাগে মোৰ মনত এক সংবেদনশীলতাৰ ভাৱ জন্ম দিছিল । সৰুৰে মই খুব লাজকুৰীয়া আছিলো, মনৰ কথাবোৰ ভালদৰে প্ৰকাশ কৰিব পৰা নাছিলো । সেইবাবে মোৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ লিখাৰ ক্ষেত্ৰখনৰ প্ৰতি মোৰ এটা ধাউতি আহিল ।”

মণিকা দেৱীৰ কৰ্ম তথা কৃতিত্ব

মণিকা দেৱীয়ে ২০০৪ চনৰ পৰা ২০০৫ চনলৈ আজিৰ অসম আলোচনীৰ উপ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি কৰ্মজীৱনৰ পাতিনি মেলিছিল । বৰ্তমান তেওঁ পাণবজাৰৰ মুনিকুলাশ্ৰম বৈদিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ৷ ২০১৫ চনত মৰিগাঁৱত শিক্ষা বিভাগৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্তি লাভ যদিও সেই চাকৰিত যোগদান নকৰি পূৰ্বৰ শিক্ষয়িত্ৰী পদতেই কৰ্মৰত হৈ থাকে ।

মণিকা দেৱীৰ প্ৰকাশিত গল্প সংকলনৰ ভিতৰত হৈছে, 'প্ৰিয় আলাপ', 'সখিয়তী', 'মৈদামৰ জোনাকী', 'জহৰ মহৰ', 'বানপানী আহিছি চমাকে ভমাকে', 'বুঢ়াটোৱে ক’লে', 'বৈতৰণী', 'The Igloo', 'মণিকা দেৱীৰ নিৰ্বাচিত গল্প', 'সাং' 'ভালপোৱা' (গীতালি বৰাৰ সৈতে যুটীয়াভাৱে)।

  • ২০০৫ চনত প্ৰিয় আলাপ গ্ৰন্থৰ বাবে সন্মানীয় মুনীন বৰকটকী বঁটা লাভ
  • ২০১৪ চনত জহৰ-মহৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী যুৱ বঁটা লাভ
  • ২০১৫ চনত ’পদ্মশ্ৰী যুগল কিশোৰ চৌধুৰী সোঁৱৰণী’ বঁটা লাভ
  • মণিকা দেৱীৰ প্ৰিয় আলাপ গ্ৰন্থখনৰ ২০০৬ চনত জাৰ্মানীৰ ফ্ৰেংকফুৰ্টত অনুষ্ঠিত বিশ্ব গ্ৰন্থমেলাত অসমক প্ৰতিনিধিত্ব কৰা ১০০ খন গ্ৰন্থৰ ভিতৰত স্থান লাভ

কেনেদৰে মিলন হৈছিল মণিকা-মনোজৰ ?

এই সন্দৰ্ভত তেওঁলোকে জনাই যে শৈশৱৰে চিনাকি তেওঁলোক দুয়োগৰাকী । সপ্তম শ্ৰেণীত পঢ়ি থাকোতে মনোজ আহিছিল গুৱাহাটীলৈ । কলেজত পঢ়ি থাকোতে মণিকাৰ গল্প পঢ়িছিল মনোজে । গল্পবোৰ কাটি কাটি থৈ দিছিল মনোজে ৷ এবাৰ মনোজে অনুষ্ঠিত কৰা একক চিত্ৰ প্ৰদৰ্শনীৰ বাবে ভগ্নীৰ হাতত এখন পত্ৰযোগে নিমন্ত্ৰণ জনাইছিল মণিকাক । এনেদৰে আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী ।

সাংস্কৃতিক দিশতো আছে অৱদান

চিত্ৰ-সাহিত্যৰ লগতে সাংস্কৃতিক দিশতো আছে তেওঁলোকৰ অৱদান । মণিকা দেৱীৰ গল্পৰ আধাৰত মনোজ চক্ৰৱৰ্তী আৰু সৃষ্টি শ্ৰেয়মে পৰিচালনা কৰা ‘জাল’ আৰু ‘সিহঁত দৌৰি গ’ল’ শীৰ্ষক চুটি ছবি দুখন আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত পুৰস্কৃত হ’বলৈ সক্ষম হৈছে ৷

মণিকা দেৱীৰ গল্পৰ আধাৰত ৰচিত তথা অনুপ চৌধুৰী পৰিচালিত আৰু অপৰ্ণা দত্ত চৌধুৰী অভিনীত তিনিখন গল্পনাট গুৱাহাটীৰ ৰবীন্দ্ৰভৱন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহ আদিকে ধৰি অসমৰ বিভিন্ন স্থানত প্ৰদৰ্শিত হৈছে ৷ তাৰোপৰি মণিকা দেৱীৰ গল্পৰ আধাৰত দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী বীণা শৰ্মাৰ দ্বাৰা অভিনীত তথা পৰিচালিত নাটক দিল্লী, ওড়িশাকে ধৰি ভাৰতৰ বিভিন্ন স্থানত প্ৰদৰ্শিত হৈছে ৷

গীতিকাৰ হিচাপেও আছে মণিকা দেৱীৰ নাম । ২০১৭ চনত গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰা মণিকা দেৱীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে স্বীকৃতিপ্ৰাপ্ত দুটি গীতত কণ্ঠদান কৰিছে যশস্বী শিল্পী পুলক বেনাৰ্জীয়ে ৷ সুৰাৰোপণ কৰিছে যশস্বী সুৰকাৰ সুনীল দেৱে ৷ আন কেইটিমান গীতত বিশিষ্ট শিল্পী মিতালী দেৰ লগতে ইন্দ্ৰানী নন্দী, দ্বীজেন্দ্ৰমোহন দেৱশৰ্মা আদি শিল্পীয়ে কণ্ঠদান কৰিছে ৷

লগতে পঢ়ক : আশাবাদ আৰু ইতিবাচক বার্তাৰে সৃষ্টিৰাজি প্ৰতিফলিত কৰা এগৰাকী চিত্ৰশিল্পী

Last Updated : March 28, 2025 at 6:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.