গুৱাহাটী : ‘শ্বিলঙৰে গধুলি, নামি আহে কুঁৱলি’ এই গীতটি নুশুনা মানুহ অসমত কমেই ওলাব ৷ এই জনপ্ৰিয় গীতটিৰ আঁৰৰ মানুহগৰাকী হৈছে অসমৰ সংগীত জগতৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ কল্লোল বৰঠাকুৰ ।
১৯৯৯ চনত পোন প্ৰথমবাৰৰ বাবে সংগীত জগতখনত খোজ দিয়ে কল্লোল বৰঠাকুৰে ৷ এইগৰাকী কণ্ঠশিল্পীয়ে বহু কেইটা জনপ্ৰিয় গীতৰ লগতে চুৰেন চোৰৰ পুতেক, সৰু-বোৱাৰী, জুমন-চুমনকে ধৰি প্ৰায় ২০ খনমান অসমীয়া ছবিত কণ্ঠ নিগৰাই শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।
ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শিল্পীগৰাকীয়ে প্ৰকাশ কৰে জীৱনৰ টাৰ্ণিং পইণ্ট আৰু তেওঁৰ যাত্ৰা সন্দৰ্ভত বহু কথা ।
কেনেদৰে আৰম্ভ হৈছিল সংগীত যাত্ৰা ?
গোলাঘাটৰ লেটেকুজানত জন্মগ্ৰহণ কৰা বৰঠাকুৰে কয়, “শৈশৱৰ পৰাই আচলতে এটা সাংগীতিক পৰিৱেশত ডাঙৰ হৈছিলো । ঘৰখনৰ প্ৰতিজন সদস্যই কিবা নহয় কিবা প্ৰকাৰে সাংস্কৃতিক পৰিৱেশৰ লগত জড়িত আছিল । তাৰ পৰাই আচলতে অনুপ্ৰাণিত হৈ আজি সংগীত জগতখনৰ লগত জড়িত হৈ আছো । সেইখিনি নথকা হ’লে আজি হয়তো মই সংগীত জগতত নাথাকিলোহেঁতেন ৷”
গুৱাহাটীয়ে কিদৰে দিলে সুবিধা ?
এই সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, “গুৱাহাটীলৈ আচলতে মই গান গাম বুলি অহা নাছিলো । গুৱাহাটীলৈ মই পঢ়িবলৈহে আহিছিলো । মই প্ৰথম এটা এলবামত গীত গোৱাৰ সুবিধা পাইছিলো সংগীত পৰিচালক স্বৰ্গীয় বসন্ত বৰদলৈৰ আমন্ত্ৰণত, লগতে মোৰ কেইবাগৰাকীও শুভাকাংক্ষীৰ সহযোগত মই গুৱাহাটীলৈ আহিছিলো । এলবামটোৰ নাম আছিল ‘তোমাক কাষত পালে’ । অনুষ্ঠানবোৰ কৰি থাকো যদিও ষ্টুডিঅ’ত গীত ৰেকৰ্ডিং কৰাৰ অভিজ্ঞতা তেতিয়াৰ পৰাই পালো । শ্যামল পাটগিৰীৰ প্ৰযোজনাত মোৰ এটি একক কণ্ঠৰ এলবাম ‘তোমাৰ মৰমেৰে’ কৰিলো । তেনেকৈয়ে আগবাঢ়ি গ'লো । বহুকেইখন অসমীয়া ছবিত কণ্ঠদান কৰাৰো সুবিধা পালো । বহুকেইখন এলবামৰ কামো কৰিলো । এনেদৰেই এই যাত্ৰা অব্যাহত আছে ।”
গুৱাহাটীলৈ আহি প্ৰথমে জাহাজত গান গাইছিল শিল্পীগৰাকীয়ে
এই সন্দৰ্ভত তেওঁ কয়, “ষ্টুডিঅ’ত কণ্ঠ নিগৰোৱাৰ আগতে গুৱাহাটীলৈ প্ৰথম আহি মই শুক্ৰেশ্বৰ ঘাটত জাহাজত গীত গাইছিলো । সেই সময়ত আমাৰ এটা বেণ্ড আছিল, তাত আমি বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰো । সেইটো মোৰ বাবে এটা খুব ডাঙৰ অভিজ্ঞতা আছিল । সেই সুযোগটো দিছিল মোক মোৰ এজন বন্ধুয়ে আৰু সেই সুযোগটোৱেই মোক বহুত কামত দিলে । সেই জাহাজখনত মোৰ বহুত গীত চর্চা হ'ল ।”
জীৱনৰ টাৰ্ণিং পইণ্ট-
“এলবামৰ গীত গোৱাৰ পাছত লাহে লাহে অনুষ্ঠানবোৰত মোক মানুহে বিচাৰিবলৈ ধৰিলে । খুব মৰমৰ হৈ পৰিছিলো সেই সময়ত । ২০০৭ চনত খুব জনপ্ৰিয় হৈ পৰিছিল মোৰ এটা গীত ‘শ্বিলঙৰে গধুলি’ ৷ সেই সময়ত অডিঅ’ কেছেট আছিল । গীতটো এতিয়াও অনুষ্ঠানবোৰত পৰিৱেশন কৰিবলৈ অনুৰোধ কৰে । যিটো মোৰ টাৰ্ণিং পইণ্ট বুলি ক’ব লাগিব । এই গীতটিৰ পাছত সকলো মানুহে মোক চিনি পোৱা হ'ল ।”
বিহুক লৈ প্ৰস্তুতি -
“বিহুকলৈ প্ৰস্তুতি চলি আছে । আখৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে । ন-পুৰণি বহুকেইটা গীত ৰাইজে শুনিবলৈ পাব । শেহতীয়াকৈ মোৰ ‘অৰুণাচলৰে আবেলি’ বুলি এটা গীত মুক্তি লাভ কৰিছে, সেইটোও এইবাৰ ৰাইজে শুনিবলৈ পাব । নতুন নতুন বিহু কিছুমান শুনিবলৈ পাব । এনেদৰে প্ৰস্তুতি চলি আছে ।”
লগতে পঢ়ক : ভয় থাকিব লাগে, ভয়ে শ্ৰোতালৈ যি সন্মান সেয়া বুজায়: সান্নিধ্য ভূঞা