‘আশা পাৰেখ আৰু স্বৰ্গীয় মনোজ কুমাৰ’ - এওঁলোক দুয়ো কিংবদন্তী আইকন আৰু হিন্দী চলচ্চিত্ৰ জগতৰ এক প্ৰসিদ্ধ যুটি ৷ দো বদন, সাজন আৰু উপকাৰৰ দৰে হিট ছবিত স্মৰণীয় অন-স্ক্ৰীণ কেমিষ্ট্ৰী শ্বেয়াৰ কৰিছিল দুয়োৱে । অৱশ্যে আপোনালোকে জানি আচৰিত হ’ব যে যেতিয়া মনোজ কুমাৰে উদ্যোগটোত ভৰি দিছিল, যেতিয়া কোনো অভিনেত্ৰীয়ে তেওঁৰ সৈতে কাম কৰিবলৈ ইচ্ছুক নাছিল; কেৱল আশা পাৰেখ, যাক জুবিলী গাৰ্ল হিচাপে জনা গৈছিল আৰু এগৰাকী নায়িকা যাৰ নামত সেই সময়ত চলচ্চিত্ৰ বিক্ৰী হৈছিল, তেওঁহে মনোজ কুমাৰক লৈ বেলেগ ধৰণে ভাবিছিল ।
জয় মুখাৰ্জী, বিশ্বজিৎ, শশী কাপুৰ, প্ৰতিগৰাকী অভিনেতাৰ সৈতে হিট ছবি দিছে আশা পাৰেখে ৷ ১৯৬২ চনত মুক্তি প্ৰাপ্ত আপনা বানাকে দেখোত মনোজ কুমাৰৰ সৈতে কাম কৰিবলৈ সন্মত হৈছিল আশা । "মই একমাত্ৰ অভিনেত্ৰী আছিলো যিয়ে মনোজৰ সৈতে এই ছবিখন কৰিবলৈ সন্মত হৈছিলো । আন সকলো অভিনেত্ৰীয়ে অস্বীকাৰ কৰিছিল কিয়নো তেওঁ অতি নতুন আছিল, তেওঁ অলপতে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেতিয়ালৈকে তেওঁ কোনো বিশেষ স্থান দখল কৰা নাছিল । কিন্তু মই কেতিয়াও এইবোৰত বিশ্বাস কৰা নাছিলো, কাৰণ মই অনুভৱ কৰিছিলো যে উদ্যোগটোলৈ অহাৰ সময়ত সকলোৱে নৱাগত," ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত আশা পাৰেখে এইদৰে কয় ।
ফেশ্বন (১৯৫৭)ছবিত অলপ মনোগ্ৰাহী চৰিত্ৰৰে আত্মপ্ৰকাশ কৰাৰ পিছত ছাহাৰা (১৯৫৮), চান্দ (১৯৫৯) আৰু হনিমুন (১৯৬০)ৰ দৰে ছবিত সাধাৰণ চৰিত্ৰত অভিনয় কৰি মনোজ কুমাৰে কাঞ্চ কি গুড়িয়া (১৯৬১)ত প্ৰথমটো মুখ্য চৰিত্ৰত অভিনয় কৰে । ইয়াৰ পিছত পিয়া মিলন কী আস (১৯৬১), সুহাগ সিন্দুৰ (১৯৬১), ৰেশমী ৰুমাল (১৯৬১) আদি ছবিত কাম কৰে যদিও ছবিসমূহে ভাল প্ৰদৰ্শন কৰা নাছিল ।
“এয়া অতি দুখজনক খবৰ ...তেওঁৰ মৃত্যু.. তেওঁ আছিল এজন মহান পৰিচালক, তেওঁ আছিল এজন মহান লেখক, তেওঁ আছিল এজন মহান গীতিকাৰ, তেওঁ আছিল এজন অল-ৰাউণ্ডাৰ... আৰু লগতে এজন মহান মহান হোমিঅ’পেথিক চিকিৎসক যাৰ বিষয়ে বহুতে নাজানে,” আশা পাৰেখে প্ৰকাশ কৰে । অভিনেত্ৰীগৰাকীয়ে কয়, "একমাত্ৰ দুখৰ কথাটো হ'ল তেওঁ হোমিঅ'পেথীৰ ওপৰত কিতাপ লিখা নাছিল আৰু মই তেওঁক সদায় লিখিবলৈ কৈছিলো । তেওঁৰ কিতাপখন (হোমিঅ'পেথীৰ ওপৰত) কেতিয়াও লিখা নহ'ল বুলি মই বিচলিত হৈছো । তেওঁ এজন মহান চিকিৎসক আছিল । এবাৰ বা দুবাৰ যেতিয়া তেওঁ ফোন কৰিছিল, এইটো বহু আগৰ কথা...মই তেওঁক কৈছিলো যে তেওঁ কিতাপ এখন লিখিব লাগে কিন্তু দুৰ্ভাগ্যজনকভাৱে সেয়া নহ'ল ।”
মনোজ কুমাৰৰ সৈতে প্ৰথমখন চলচ্চিত্ৰত কাম কৰোতে, আশা পাৰেখে উপলব্ধি কৰিছিল যে তেওঁৰ সহ-অভিনেতা এগৰাকী অত্যন্ত প্ৰতিভাশালী লেখক । “যেতিয়া আমি আপনা বানাকে দেখোৰ শ্বুটিং কৰি আছিলো তেতিয়া ছেটত তেওঁ লিখি আছিল । মই তেওঁক কৈছিলো আপুনি নিলিখে কিয় ? পিছত তেওঁ আমাৰ ছবি দো বদন (১৯৬৬)ত বহুতো দৃশ্য লিখিছিল,” পাৰেখে কয় ৷ তেওঁ লগতে প্ৰকাশ কৰে যে মনোজ কুমাৰ দো বদনৰ ক্লাইমেক্সৰ বাবে তেওঁৰ পৰামৰ্শত অসন্তুষ্ট হৈছিল । ‘আমি ৰিশ্বুট কৰিবলগীয়া হৈছিল’, আশাৰ ভাষ্য । অৱশ্যে বিদেহী আত্মাৰ সৈতে থকা স্মৃতি শ্বেয়াৰ কৰোতে অভিনেত্ৰীগৰাকীয়ে এই বিষয়ত গভীৰভাৱে সোমাই যাব বিচৰা নাছিল ।
আশা পাৰেখে বিশ্বাস কৰে যে মনোজ কুমাৰৰ লিখাৰ দক্ষতা তেওঁৰ অভিনয় দক্ষতাৰ তুলনাত অতুলনীয় আছিল । "তেওঁৰ অভিনয়ৰ নিজা শৈলী আছিল কিন্তু মই ক'ম যে তেওঁ এজন মহান পৰিচালক, এজন অভিনেতাতকৈ এজন মহান লেখক আছিল । তেওঁৰ কেমেৰাৰ কাম মন-প্ৰাণ উজাৰি দি কৰিছিল । তেওঁৰ মৃত্যু চলচ্চিত্ৰ উদ্যোগৰ বাবে এক ডাঙৰ ক্ষতি । আশা কৰো তেওঁ যদি আৰু অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰিলেহেঁতেন," প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে এইদৰে কয় ৷
১৯৬৭ চনত মুক্তি পোৱা মনোজ কুমাৰৰ পৰিচালনাৰ প্ৰথম ছবি উপকাৰত মনোজ কুমাৰৰ লিডীং লেডী আছিল আশা পাৰেখ । "তেওঁ এজন ভাল পৰিচালক আছিল । তেওঁৰ কেমেৰাৰ উপস্থাপন ইমান ভাল আছিল । তেওঁ যি ধৰণে গানৰ চিত্ৰাংকন কৰিছিল, যি ধৰণে তেওঁ দৃশ্যবোৰ কল্পনা কৰিছিল...তেওঁ ইয়াত মেধাৱী আছিল," আশা পাৰেখে কয় ।
পিছলৈ মনোজ কুমাৰে পূৰব ঔৰ পশ্চিম (১৯৭০), শ্ব’ৰ (১৯৭২), ৰোটী কপড়া ঔৰ মকান (১৯৭৪) আৰু ক্ৰান্তি (১৯৮১)কে ধৰি বহুকেইখন হিট ছবিৰ ৰচনা আৰু পৰিচালনা কৰে । বিভিন্ন শাখাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল তেওঁ ।
আশাই কয় যে তেওঁৰ সৈতে যোগাযোগ হেৰাই গৈছিল যদিও যোৱা বছৰ অক্টোবৰৰ জন্মদিনত তেওঁৰ বাৰ্তা লাভ কৰি তেওঁ সুখী হৈছিল । তেওঁ কয়, "তেওঁৰ মেছেজটো দেখি মই সঁচাকৈয়ে আচৰিত হৈছিলো কিন্তু মোৰ স্বাস্থ্য ভাল নাছিল, মোৰ মাতটো হেৰাই গৈছিল । মই তেওঁক ফোন কৰিব পৰা নাছিলো বা কথা পাতিব পৰা নাছিলো । মই তেওঁৰ জন্মদিনৰ শুভেচ্ছাৰ উত্তৰো দিব পৰা নাছিলো কাৰণ মই বহুত অসুস্থ আছিলো ।"
হোমিঅ’পেথীৰ বিষয়ে মনোজ কুমাৰৰ জ্ঞান পুনৰবাৰ উল্লেখ কৰি পাৰেখে কয় যে চলচ্চিত্ৰ উদ্যোগৰ বহু লোক তেওঁৰ ওচৰলৈ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে আহিছিল । “মনোজে বহু আগতেই হোমিঅ’পেথী আৰম্ভ কৰিছিল । মোৰ মনত আছে কাৰণ মোৰ প্ৰিয় বন্ধু (প্ৰয়াত) শাম্মীজীয়ে কান্ধত আঘাত পাইছিল আৰু তাই পঞ্জাৱত শ্বুটিং কৰি আছিল, এইটো আছিল ৭০ৰ দশকৰ কোনোবা এটা সময়ৰ কথা । তাই মাজভাগত শ্বুটিং বন্ধ কৰিব নোৱাৰিলে আৰু বিষটো অসহ্যকৰ আছিল, গতিকে তাই মনোজক ফোন কৰিলে । তেওঁ তাইক ঔষধ পঠিয়াই দিলে আৰু তাইৰ বিষ ভাল হৈ গ’ল । তেওঁ ইমান ভাল আছিল । গতিকে বহু উদ্যোগৰ মানুহ তেওঁৰ ওচৰলৈ গৈছিল ঔষধৰ বাবে ৷
মই প্ৰায়ে তেওঁক কওঁ – “আপুনি কিয় কিতাপ নিলিখে ? তেওঁ কয়, ‘থিক হে, কৰনা হে...’এইটোৱে লাখ লাখ মানুহক সহায় কৰিলেহেঁতেন ।”- আশাই কয় ৷
লগতে পঢ়ক : দহখন চলচ্চিত্ৰ যিয়ে মনোজ কুমাৰক দিছিল 'ভাৰত কুমাৰ' উপনাম: হৰিকৃষণ গোস্বামী কোন আছিল ?