ETV Bharat / entertainment

“গুণ গুণ কথা মৰমৰ” ধাৰাবাহিকৰ অভিনেতা অনিৰ্বাণ কলিতাৰ জীৱনত এভুমুকি - Anirban kalita Gungun Kotha Moromor

Actor Anirban kalita interview: বহুকেইখন ধাৰাবাহিকত অভিনয় কৰি বৰ্তমান দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা এগৰাকী অভিনেতা হৈছে অনিৰ্বাণ কলিতা । কেনেদৰে অভিনয় যাত্ৰা আৰম্ভ হৈছিল অভিনেতা অনিৰ্বাণ কলিতাৰ ? ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে জনালে তেওঁৰ সন্দৰ্ভত বহু কথা ।

etv bharat special interview with Gungun Kotha Moromor actor Anirban kalita
অভিনেতা অনিৰ্বাণ কলিতাৰ মনৰ ভাষা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 23, 2024 at 12:24 PM IST

|

Updated : August 23, 2024 at 12:31 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, 23 আগষ্ট : নাটকত অভিনয় কৰি অভিনয় জগতত খোজ পেলোৱা বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেতা অনিৰ্বাণ কলিতা । বৰ্তমানলৈ বহু কেইখন ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীয়ে শেহতীয়াকৈ অভিনয় কৰিছে “গুণ গুণ কথা মৰমৰ” নামৰ এখন জনপ্ৰিয় ধাৰাবাহিকত ।

বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

কেনেদৰে অভিনয় যাত্ৰা আৰম্ভ হৈছিল অভিনেতা অনিৰ্বাণ কলিতাৰ ?

এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘‘আৰম্ভণি বুলি ক’লে এইটো নহয় যে মই অভিনয়ৰ লগত সৰুৰ পৰাই জড়িত । 2006 চনৰ কথা, তেতিয়া মই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দি ঘৰতে আছিলোঁ, তেনেকৈ থাকোতে এদিন মোৰ ঘৰলৈ বন্ধু কেইজনমান আহিল আৰু সিহঁতে মোক এখন নাটক কৰিবলৈ লগ ধৰিলে । মোৰ কাৰণে তেতিয়া নাটক একেবাৰে নতুন বিষয়বস্তু । তেনেকৈ নাটকখন কৰিলোঁ । সৰু সৰু কথা তেনেকৈয়ে শিকিলোঁ, এখন দুখনকৈ তেনেদৰে নাটক কৰি 2009 চনত গুৱাহাটীলৈ আহিলোঁ । ইয়ালৈ আহিও নাটক শিকিলোঁ । তেনেদৰেই এই যাত্ৰাৰ আৰম্ভণি হৈছিল ।’’

কেনেধৰণৰ সংগ্ৰাম কৰিব লগাত পৰিছিল অনিৰ্বাণে ?

বাহিৰৰ তুলনাত অসমত অভিনেতা-অভিনেত্ৰীসকলে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বহু সংগ্ৰাম কৰিবলগীয়া হয় । এনেক্ষেত্ৰত অভিনেতাগৰাকীয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ কেনেধৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰ তেওঁ কয়, ‘‘সংগ্ৰামটো নিশ্চয় কৰিব লগা হৈছে । কিন্তু অভিনয় কৰিম বুলি যিহেতু মই নিজেই সিদ্ধান্ত লৈছিলোঁ, গতিকে কষ্ট কৰিবই লাগিব । সংগ্ৰামটো বহুতেই হৈছে বিশেষকৈ পইচা-পাতিৰ ক্ষেত্ৰত । এতিয়া যি নহওক অভিনয় কৰি দুই এটকা পাওঁ, নিজেও চলোঁ ঘৰখনো চলে । কিন্তু তেতিয়া পইচাৰ খুব এটা নাটনি হৈছিল কাৰণ কামবোৰ কৰিছিলো যদিও পইচা ইমান পোৱা নাছিলো । যিখিনি পাইছিলো সেইখিনি ঘৰভাড়া দিওঁতেই যায় । তেনেকুৱা কিছুমান পৰিস্থিতি হৈছিল ।’’

লগতে পঢ়ক : YouTube ৰ পৰা কেনেকৈ ছবিজগত পালেগৈ ৰাজীৱ দুৱৰী - Actor Rajib Dowari interview

ধাৰাবাহিকৰ লগত কেনেদৰে জড়িত হ'ল অভিনেতাগৰাকী ?

‘‘জোনাকৰ প্ৰথম ধাৰাবাহিক ‘সৃষ্টি’ ত মই মোৰ বন্ধু এজনৰ দ্বাৰা প্ৰথম ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ পাইছিলো । 2014 চনৰ কথা এয়া আৰু মোৰ বন্ধুজন সেই ধাৰাবাহিকখনত সহঃপৰিচালক হিচাপে আছিল । তেনেদৰে ধাৰাবাহিকত মোৰ যাত্ৰা আৰম্ভ হৈছিল ।’’

লগতে শেহতীয়াকৈ অভিনেতাগৰাকীয়ে অভিনয় কৰি থকা ধাৰাবাহিকখনৰ সন্দৰ্ভত কয়, ‘‘গুণ গুণ কথা মৰমৰ ধাৰাবাহিকখনত এটা নিগেটিভ চৰিত্ৰত অভিনয় কৰিছোঁ মই আৰু ৰাইজৰ গালিও খাইছো যথেষ্ট । ধাৰাবাহিকখন কৰি বহুত ভাল লাগিছে ৰাইজেও বহুত মৰম দিছে । লগতে আৰু এখন ধাৰাবাহিকৰ কাম কৰি আছোঁ 'বাপ বেটা কচু কটা বুলি ।’’

অভিনয় কৰি চলিব পৰাটো সম্ভৱ নে ?

এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘‘মই বিশ্বাস কৰো কামটো লৈ । হয় চলিব পৰা যাব, গোটেই জীৱন বুলি নকওঁ মই কিন্তু এটা সময়লৈকে চলিব পৰা যাব । কিন্তু তেতিয়ালৈকেহে চলিব পৰা যাব যেতিয়ালৈ সেই অভিনেতা-অভিনেত্ৰীগৰাকীৰ কামৰ অভাৱ নহয় । মূল কথা হৈছে কামটো লৈ ।’’

লগতে পঢ়ক : নিচা আৰু পেছা সমান্তৰালকৈ চলাই নিয়া মানুহজনে ক’লে- শিপাক কেতিয়াও পাহৰিব নাপায় - All about Dr Hitesh Baruah

Last Updated : August 23, 2024 at 12:31 PM IST