মোবাইলত নহয় এইবাৰ ৰূপালী পৰ্দাত "বিদুৰভাই" - Assamese film Bidurbhai
Assamese film Bidurbhai : "বিদুৰভাই" ক ছবি হিচাপে নির্মাণ কৰাৰ আঁৰৰ কাহিনী কি ? কিয় বিজ্ঞান শাখাৰ ছাত্ৰ সুব্ৰত কাকতিয়ে বাচি ল’লে পৰিচালকৰ কাম ? বিয়াৰ ভিডিঅ’গ্ৰাফী কৰি নিজে কেমেৰাৰ কাম শিকি যাত্ৰা আৰম্ভ কৰা পৰিচালকগৰাকী আজি অসমৰ জনপ্ৰিয় পৰিচালকসকলৰ ভিতৰত এজন ।

Published : July 4, 2024 at 5:41 PM IST
|Updated : July 4, 2024 at 5:47 PM IST
গুৱাহাটী, 4 জুলাই : নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় পৰিচালক সুব্ৰত কাকতি । বিজ্ঞান শাখাৰ ছাত্ৰ হৈ ডাক্তৰ বা ইঞ্জিনীয়াৰ হোৱাৰ পৰিৱৰ্তে পৰিচালক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে সুব্ৰত কাকতি । জনপ্ৰিয় "বিদুৰভাই" ৱেব চিৰিজখনৰ জৰিয়তে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা সুব্ৰত কাকতিৰ পৰিচালনাৰে এইবাৰ "বিদুৰভাই" আহিব ডাঙৰ পৰ্দালৈ । যি কথাই এতিয়া উৎসাহিত কৰি তুলিছে "বিদুৰভাই"ৰ দৰ্শকসকলক । দৰাচলতে "বিদুৰভাই" ৱেব চিৰিজখন মুক্তিৰ পাচত "বিদুৰভাই" চিজন ২ ৰ বাবে অপেক্ষা কৰি আছিল দর্শকে । অৱশেষত চলিত বৰ্ষৰ আৰম্ভণিতে ঘোষণা কৰা হয় "বিদুৰভাই" দ্বিতীয় চিজনৰ পৰিৱৰ্তে ছবি নিৰ্মাণৰ কথা ।
চলিত বৰ্ষৰ ১৯ জুলাইত মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে । পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা প্ৰথমখন ছবি হৈছে "শ্ৰী ৰঘুপতি"। বিদুৰভাই ৱেব চিৰিজখনৰ পূৰ্বে আৰম্ভ হৈছিল বিগত বৰ্ষৰ চুপাৰহিট অসমীয়া ছবি "শ্ৰী ৰঘুপতি"ৰ কাম । কিন্তু কিবা এটা কাৰণত ছবিখনৰ মুক্তিত পলম হোৱাৰ বাবে "বিদুৰভাই" বেৱ চিৰিজখন "শ্ৰী ৰঘুপতি" ৰ পূৰ্বে মুক্তি দিয়া হয় । পৰিচালনাৰ যাত্ৰাৰ আৰম্ভণিৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালকগৰাকীয়ে কয়, ‘মই কোনো অনুষ্ঠানিক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পৰিৱৰ্তে মই বিয়াৰ ফটো আৰু ভিডিঅ’গ্ৰাফী কৰা আৰম্ভ কৰিলোঁ । তাৰ পৰা মই কেমেৰাৰ সম্পৰ্কে জানিবলৈ এই কাম আৰম্ভ কৰিলোঁ । লগতে মিউজিক ভিডিঅ’ৰ কাম কৰিবলৈ ললো । তেনেকৈয়ে শিকি শিকি আজি এনেকুৱা এটা পৰ্যায়ত থিয় হ’ব পাৰিছো । এতিয়াও শিকি আছো ।’
বিদুৰভাইক ৱেবচিৰিজ হিচাপে মুক্তি দিয়াৰ সলনি ছবি আকাৰে মুক্তি দিয়া সিদ্ধান্তৰ লগতে "বিদুৰভাই" ৱেব চিৰিজখন নিৰ্মাণৰ পৰিকল্পনা সন্দৰ্ভত মন্তব্য কৰি পৰিচালক সুব্ৰত কাকতিয়ে কয়, ‘বিদুৰভাই নিৰ্মাণৰ কোনো পৰিকল্পনা নাছিল । লকডাউনৰ সময়ত সময়বোৰ অতিবাহিত কৰিবলৈয়ে এই কাম কৰিছিলো । ২০২১ চনৰ শেষত বেৱ চিৰিজখন মুক্তি দিয়া হ'ল । তাৰ পাচত "বিদুৰভাই" চিজন ২ ৰ বাবে শ্বুটিঙো কৰা হৈছিল । কিন্তু শ্বুটিং কৰি থকা অৱস্থাতে ৰঘুপতিৰ কাম পুনৰ আৰম্ভ হয় ।’
লগতে পঢ়ক : উৎকণ্ঠাৰ অন্ত পেলাই মুক্তি পালে বিদুৰভাই-২ ৰ ট্ৰেইলাৰ - Bidurbhai 2 Trailer released

