YouTube ৰ পৰা কেনেকৈ ছবিজগত পালেগৈ ৰাজীৱ দুৱৰী - Actor Rajib Dowari interview
Comedy content creator Rajib Dowari: সামাজিক মাধ্যমত ৰাজীৱ দুৱৰীৰ যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ? নিজৰ জীৱনৰ ঘাট-প্ৰতিঘাত সন্দৰ্ভত বহু কথাই ক’লে অভিনেতাগৰাকীয়ে ৷

By ETV Bharat Entertainment Team
Published : August 6, 2024 at 1:01 PM IST
|Updated : August 6, 2024 at 10:24 PM IST
গুৱাহাটী, 6 আগষ্ট : ‘‘অ' নবৌ, মই যাম গৈ আউ... ’’ - এই সংলাপেৰে অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতা ৰাজীৱ দুৱৰীৰ এক বিশেষ সাক্ষাৎকাৰ আজি আপোনালোকলৈ আগবঢ়াইছো ৷ জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে নিজৰ সহজ-সৰল স্বভাৱেৰে ইতিমধ্যে দৰ্শকক মুহি পেলাইছে ।
সামাজিক মাধ্যমযোগে আত্মপ্ৰকাশ কৰা অভিনেতাগৰাকীয়ে বৰ্তমান খোজ পেলাইছে ছবি জগতত । কেইবাখনো ধৰাবাহিকত অভিনয় কৰা ৰাজীৱ দুৱৰীয়ে শেহতীয়াকৈ অভিনয় কৰিছে বিদুৰভাইত । ছবিখনত এটা বিশেষ চৰিত্ৰত কিছু সময়ৰ বাবেহে দুৱৰীক দেখা যায়, কিন্তু সেই সময়খিনিতেই স্ক্ৰীণত দুৱৰীক দেখি ছবিগৃহত দৰ্শকে উছাহ কৰা দেখিবলৈ পোৱা গৈছে ৷
সামাজিক মাধ্যমত ৰাজীৱ দুৱৰীৰ প্ৰথম যাত্ৰা
সামাজিক মাধ্যমত আৰম্ভ হোৱা যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি অভিনেতা ৰাজীৱ দুৱৰীয়ে কয়, ‘‘অভিনয়ৰ প্ৰতি আগ্ৰহ সৰুৰে পৰাই আছিল । কিন্তু এখন উচিত মঞ্চ বিচাৰি পোৱা নাছিলো । মইনা পাৰিজাত, গাঁৱৰ ভাওনা, নাটক আদিত অভিনয় কৰিছিলো । কিন্তু সেইবোৰৰ সীমিত দৰ্শকহে থাকে । কিন্তু মানুহে আমাক চিনি পাবলৈ এখন বৃহৎ মঞ্চৰ প্ৰয়োজন ।
সামাজিক মাধ্যমত কাম মই 2017 চনৰ পৰাই আৰম্ভ কৰিছিলো যদিও 2018 চনৰ শেষৰফাললৈ এনেকুৱা কমেডী ভিডিঅ’ বনাবলৈ আৰম্ভ কৰিলো । পিছে সেই সময়ত অর্থনৈতিকভাৱে অকণমান দুৰ্বলো আছিলো । কম বয়সতে বিয়া পতা বাবে বহু আৰ্থিক সমস্যাও হৈছিল । সেই সময়ত মই বেলেগৰ দোকানত কাম কৰিছিলো, বেংকটো কাম কৰিছিলো এনেদৰেই বহু সৰু-সুৰা কাম কৰিলো । সেই সময়তে YouTube ৰ ঢৌতো আৰম্ভ হৈছিল । তেনেদৰে আৰম্ভ হৈছিল এই যাত্ৰা ।’’
কমেডী ভিডিঅ‘ বনোৱা অভিনেতাগৰাকীলৈ আহিল ধাৰাবাহিকৰ অফাৰ
ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ লাভ কৰা সন্দৰ্ভত দুৱৰীয়ে কয়, ‘‘2019 চনত নগাঁৱৰ দাদা এজনে মোক প্ৰথমে টিভি শ্ব’ এটাৰ বাবে যোগাযোগ কৰিছিল । তেনেদৰে "হে ভগৱান" বুলি এখন ধাৰাবাহিকত অভিনয়ৰ সুযোগ পালো । আৰু তেনেদৰে এই যাত্ৰা আৰম্ভ হৈছিল ।"
বিদুৰভাই ছবিখনৰ লগত কেনেদৰে জড়িত হ’ল দুৱৰী ?
বিদুৰভাই ছবিখন সন্দৰ্ভত মন্তব্য কৰি ৰাজীৱ দুৱৰীয়ে কয়, ‘‘সুব্ৰত কাকতিৰ লগত মই আগতে কাম কৰিছিলো আৰু বিদুৰভাই টীমটোৰ লগত মোৰ খুব এটা ঘৰুৱা সম্পর্ক আছিল । তেনেদৰে বিদুৰভাইৰ লগত জড়িত হৈ পৰিলো ।’’
উল্লেখ্য যে, সামাজিক মাধ্যমত এনেদৰে বহু ঘাট-প্ৰতিঘাটৰ মাজৰে যাত্ৰা আৰম্ভ কৰা অভিনেতাগৰাকীয়ে বৰ্তমান অভিনয় কৰাৰ সুযোগ লাভ কৰিছে জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টত ।
লগতে পঢ়ক : ‘বেহাৰবাৰী আউটপোষ্ট’ খ্যাত চুমকী কছাৰীয়ে সঁচাকৈয়ে ভয় কৰে নেকি শিঙিমাছলৈ ? - ASSAMESE FILM BIDURBHAI cast

