ETV Bharat / entertainment

"ট্ৰেজেডি কিং" খ্যাত মৃদুল ভূঞাৰ নাট্য যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল ? - mridul bhuyan acting career

Actor Mridul Bhuyan interview : ট্ৰেজেডি কিং খ্যাত মৃদুল ভূঞাই কিয় এইবাৰ নিৰ্বাচিত কৰিলে এটা নতুন নাট্যগোষ্ঠী ? অভিনেতাগৰাকীৰ অভিনয় জগতৰ আৰম্ভণি কেতিয়া হৈছিল ? ৰাইজক হাতযোৰ কৰি কি আহ্বান কৰিলে অভিনেতাগৰাকীয়ে...

Mridul Bhuyan interview
ট্ৰেজেডি কিং খ্যাত মৃদুল ভূঞা (ETV Bharat Assam (Mridul Bhuyan facebook))
author img

By ETV Bharat Assamese Team

Published : July 1, 2024 at 5:41 PM IST

|

Updated : July 1, 2024 at 5:47 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, 1 জুলাই : ভ্ৰাম্যমাণজগতৰ এখন চিনাকি মুখ মৃদুল ভূঞা । নিজৰ অভিনয়শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকী দৰ্শকৰ মাজত পৰিচিত "ট্ৰেজেডি কিং" ৰূপে । আজিৰ পৰা প্ৰায় ৩৩ বছৰ পূৰ্বে ভ্ৰাম্যমান জগতত খোজ পেলোৱা অভিনেতাগৰাকীৰ অভিনয় জীৱনৰ আৰম্ভণি হৈছিল পিতৃৰ বোকোচাত উঠি থকা অৱস্থাৰ পৰাই ।

মৃদুল ভূঞাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

অভিনয় জগতৰ আৰম্ভণি সন্দৰ্ভত মন্তব্য কৰি জনপ্ৰিয় অভিনেতাগৰাকীয়ে কয়, ‘মোৰ পিতৃ সত্ৰৰ মানুহ আছিল । বিয়া বাৰু কৰোৱাৰ পাচতো দেউতাই ভাওনাত ভাগ লৈ আছিল । সৰুতে দেউতাই মোক ভাওনাত ভাও লোৱাইছিল । সেয়ে অভিনয়ৰ আদিক্ষেত্ৰ বুলি ক’বলৈ হ’লে দেউতাই বোকোচাত উঠাই নিয়া সেই ভাওনাই আছিল । তেতিয়া কিন্তু মই নাজানিছিলোঁ এয়া অভিনয় নে কি ? কিন্তু সেই বতাহজাকেই আজি মোৰ উশাহ-নিশাহ হ'ল ।'

ভ্ৰাম্যমান যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি মৃদুল ভূঞাই কয়, ‘ভ্ৰাম্যমান জগতৰ লগত মই ১৯৯৩ চনত হেঙুল থিয়েটাৰৰ যোগেৰে জড়িত হৈছিলো । সেই সময়ত মই গুৱাহাটীত আছিলো । বহুকেইজন বিশিষ্ট অভিনেতাৰ তত্বাৱধানত মই নাটক শিকিছিলো । সেই সময়ত চিগালৰ এখন নাটক হৈছিল "গুৱাহাটী গুৱাহাটী" ৷ নাটকখন মানুহে খুব ভাল পাইছিল । তাতেই মোৰ অভিনয়ৰ কথা গম পাই হেঙুলৰ প্ৰযোজক স্বৰ্গীয় প্ৰশান্ত হাজৰিকাই মোক ভ্ৰাম্যমানত অভিনয়ৰ সুযোগটো দিয়ে ।’

লগতে পঢ়ক : ৰীলছতো লাগে নেকি কপিৰাইট ? - copyright on reels

আনহাতে অসমীয়া ছবিত অভিনয় সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘অসমীয়া ছবিত মই অভিনয় কৰিছো যদিও, ছবি মোৰ ক্ষেত্ৰ নহয় । ছবিত মই সহজ নহয়, সেইবাবে মোৰ ছবিৰ সংখ্যা একেবাৰে কম । মূলতঃ মই মঞ্চৰ অভিনেতা । মই মঞ্চত নাটক কৰি শান্তি পাওঁ, সুখ পাওঁ । কেমেৰাৰ আগত মই ইমান সহজ নহয় । মই অভিনয় কৰা প্ৰথমখন ছবি আছিল "বুকুৰ মাজত জ্বলে"। তেনেকৈ মই খুব কম ছবিতহে অভিনয় কৰিছো ।’

উল্লেখ্য যে, ভ্ৰাম্যমাণ থিয়েটাৰৰ ট্ৰেজেডি কিং খ্যাত মৃদুল ভূঞা এইবাৰ থাকিব নতুনকৈ আত্মপ্ৰকাশ ঘটা ৰাজধানী থিয়েটাৰ গোষ্ঠীত । মৃদুল ভূঞাৰ নেতৃত্বত এদল শক্তিশালী নাট্যযোদ্ধাৰ সমাহাৰেৰে সাজু হৈছে ৰাজধানী থিয়েটাৰ গোষ্ঠী । নাট্যগোষ্ঠীটোত আছে কাজল শৰ্মা, জুনজুন বৰা, ৰূপম শৰ্মা, পদ্ম বৰা, ননী দেৱী, অৰুণ বৰা, কোকিল শইকীয়া, ভৈৰৱ জ্যোতি ভূঞাকে ধৰি বহু কেইগৰাকী নতুন-পুৰণি অভিনেতা-অভিনেত্ৰী । মল্লিকা ৰয়ৰ প্ৰযোজনা আৰু পদ্ম চেতিয়াৰ সম্পাদনাৰে তিনিখন নাটেৰে সাজু হৈছে নাট্যগোষ্ঠীটো । নাট কেইখন হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাট ‘তপস্যা’ আৰু ‘মচি দিম সেন্দুৰ তোমাৰ’ আৰু ৰাজদ্বীপৰ ‘বিশ্বনাথ জীয়াই আছে’ ।

লগতে পঢ়ক : অভিনেতা অৰূপ বৈশ্যৰ অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ? - Arup Baishya interview

Last Updated : July 1, 2024 at 5:47 PM IST