নগাঁও : বিভিন্ন উন্নত কাৰিকৰী কৌশল ব্যৱহাৰেৰে নিৰ্মাণ কৰা হিন্দী অথবা অসমীয়া ছবিক ফেৰ মাৰি নিজৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা বিশ্বৰ ভিতৰতেই বিৰল একমাত্ৰ থলুৱা উদ্যোগটোৱেই হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ । দহ সহস্ৰাধিক পৰিয়ালৰ উপাৰ্জনৰ বাট মুকলি কৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ সামাজিক তথা বিভিন্ন দিশ উপস্থাপন কৰাৰো এক অন্যতম মাধ্যম ।
সম্প্ৰতি অসমত অধিক জনপ্ৰিয় হৈ পৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ আছে এক ঐতিহ্য তথা সুকীয়া বৈশিষ্ট্য । অসমত সৰু-বৰ প্ৰায় ৪০-৫০ টা ভ্ৰাম্যমাণ দল আছে, যিয়ে এটা নাট্যবৰ্ষত প্ৰায় ২৪০ নিশা নাট প্ৰদৰ্শন কৰি আহিছে ৷ প্ৰায় এশ কোটিৰো অধিক টকাৰ ব্যৱসায়েৰে বছৰটোত প্ৰতিটো নাট্য দলে ৮০-৮৫ খনকৈ পেণ্ডেলত গড়ে তিনিখনকৈ নাটক প্ৰদৰ্শন কৰি প্ৰায় ২৪০ নিশা নাট প্ৰদৰ্শন কৰে । এনেক্ষেত্ৰত অসমৰ প্ৰায় ৫০ টা ভ্ৰাম্যমাণ থিয়েটাৰ দলে ২৪০ নিশাত মুঠ ১২০০ পেণ্ডেলত নাট প্ৰদৰ্শন কৰি দৰ্শকক আকৰ্ষণ কৰি আহিছে বুলি ক'ব পাৰি ৷
প্ৰায়েই দৰ্শকৰ দাবীত দ্বিতীয় প্ৰদৰ্শনীও কৰিবলগীয়া হয় । ব্যৱসায়িক দিশত প্ৰায় ৫০ টা ভ্ৰাম্যমাণ নাট্য দলেই স্থানীয় আয়োজক সমিতিৰ আমন্ত্ৰণ ক্ৰমে এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিনিময়ত চুক্তিবদ্ধ হৈ নাট মঞ্চস্থ কৰে । নগাঁৱৰ এটা আয়োজক সমিতিয়ে ই টিভি ভাৰতক জনোৱা মতে, বিভিন্ন নাট্যগোষ্ঠীৰ ক্ষেত্ৰত ভিন্ন হয় ধনৰ পৰিমাণ । ভ্ৰাম্যমাণ থিয়েটাৰসমূহকো প্ৰথম, দ্বিতীয় আদি শ্ৰেণীত বিভক্ত কৰি ধনৰ পৰিমাণ নিৰ্ণয় কৰি চুক্তি স্বাক্ষৰিত কৰা হয় আয়োজক সমিতি আৰু থিয়েটাৰ দলৰ মাজত । অসমৰ প্ৰায় ৫০ টা ভ্ৰাম্যমাণ দলে বছৰটোত আনুমানিক এশ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰে বুলি ধাৰণা কৰাৰ কথা জানিবলৈ দিয়ে নগাঁৱৰ এটা আয়োজক সমিতিয়ে ।

লগতে পঢ়ক : ‘মেটা’ এৱাৰ্ডছৰ পৰা ডিজনী+হটষ্টাৰলৈ যাত্ৰা নাট্যকাৰ বিদ্যুৎ কুমাৰ নাথৰ
নাট্যদলসমূহে অসমৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ সৈতেও এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিনিময়ত এটা এটা নাট্যবৰ্ষৰ বাবে চুক্তি স্বাক্ষৰিত কৰে । অভিনেতা-অভিনেত্ৰীৰ উপৰিও এটা নাট্যদলত বিভিন্ন কলা-কুশলীৰ লগতে সমগ্ৰ মঞ্চ, প্ৰেক্ষাগৃহ আৰু দৰ্শকৰ বাবে চকী, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পেণ্ডেল কঢ়িয়াই নিয়া বাহন চালক, মেকআপ আৰ্টিষ্টলৈকে প্ৰায় ডেৰশৰ পৰা দুশ লোক জড়িত হৈ থাকে । এনেক্ষেত্ৰত অসমৰ সৰু-বৰ প্ৰায় ৫০ টা নাট্যদলত প্ৰায় দহ হেজাৰৰো অধিক পৰিয়ালে এই ভ্ৰাম্যমাণ নাটকৰ জৰিয়তেই সংস্থাপন লাভ কৰি আহিছে । এই কথা জনাইছে অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে ভ্ৰাম্যমাণ জগতৰো জনপ্ৰিয় অভিনেতা যতীন বৰাই ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ এক অন্যতম পৰম্পৰাই হৈছে Show must go on । কি এই Show must go on ?
নাট প্ৰদৰ্শনৰ বাবে থিয়েটাৰ দলসমূহে আগতীয়াকৈ চুক্তিবদ্ধ হয় আয়োজক সমিতিৰ সৈতে । এনেস্থলত কোনোবা অভিনেতা অথবা অভিনেত্ৰীৰ পৰিয়ালৰ কোনো লোকৰ পৰলোকপ্ৰাপ্তি হ’লেও ভ্ৰাম্যমাণত অভিনয় কৰি দৰ্শকক দিবলগীয়া হয় মনোৰঞ্জন । এইক্ষেত্ৰত অভিনেতা যতীন বৰাই ই টিভি ভাৰতৰ সন্মুখত ব্যক্ত কৰে নিজৰ অভিজ্ঞতাও । যতীন বৰাইয়ো পিতৃৰ বিয়োগৰ সময়ত কৰিবলগীয়া হৈছিল ভ্ৰাম্যমাণত অভিনয় । পিতৃৰ মুখাগ্নি কৰিয়েই ভ্ৰাম্যমাণত হাঁহি, ৰোমাঞ্চৰ অভিনয় কৰাৰ কথা উল্লেখ কৰি যতীন বৰাই কয়, “এফালে চিতাত জ্বলি আছিল মোৰ পিতৃ, আনফালে মই ভ্ৰাম্যমাণত অভিনয় কৰি দৰ্শকক দিছিলো আমোদ । বুকুত বিষাদ বেদনা সামৰি হাঁহি-ৰোমাঞ্চৰ অভিনয়েৰে দৰ্শকক আমোদ দিবলগীয়া হৈছিল । অৱশ্যে দৰ্শকৰ পৰাও লাভ কৰিছিলো সাহস ।”

ৰাজধানী থিয়েটাৰৰ পদ্ম বৰাই অভিনয় কৰি থাকোতেই পুত্ৰ দুৰ্ঘটনাত পতিত হৈ ভেণ্টিলেশ্যনত থকাৰ খবৰ লাভ কৰিও হাঁহি-ধেমালিৰে অভিনয় কৰাৰ কথা উল্লখ কৰি এনে অলেখ উদাহৰণ থকাৰ কথা জানিবলৈ দিয়ে অভিনেতা যতীন বৰাই ।
ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস
অচ্যুত লহকৰক ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃপুৰুষ বুলি কোৱা হয় । ১৯১০ চনত পাঠশালাত নাট্যকাৰ-অভিনেতা সন্তৰাম চৌধুৰীয়ে ‘পাঠশালা থিয়েটাৰ পাৰ্টী’ গঠন কৰি নাট্যদলৰ লগতে মঞ্চ আৰু মঞ্চাভিনয়ৰ সা-সঁজুলি কঢ়িয়াই লৈ যোৱাৰ প্ৰথা প্ৰথমে আৰম্ভ কৰা বুলি জনা যায় । ১৯৩০ চনত ব্ৰজনাথ শৰ্মাই গঠন কৰা কহিনুৰ অপেৰা পাৰ্টী বিপুলভাৱে জনপ্ৰিয় হৈছিল আৰু সমগ্ৰ অসম ভ্ৰমণ কৰি নাট প্ৰদৰ্শন কৰিছিল । কহিনুৰ অপেৰাই স্বয়ংনিৰ্ভৰশীলভাৱে পৰিভ্ৰমণকাৰী নাট্যদল গঠন কৰাত বিশেষ বৰঙণি যোগাইছিল । প্ৰথম প্ৰদৰ্শনী আৰু থিয়েটাৰ নামকৰণ কৰি ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগণত সজা অস্থায়ী প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে নাটক মঞ্চস্থ কৰা হৈছিল ।

লগতে পঢ়ক : থিয়েটাৰ কৰা ছোৱালী বুলি বহুতে সহজে নলয় : অনিতা চক্ৰৱৰ্তী - Anita chakraborty Interview
নটৰাজ থিয়েটাৰ নামেৰে নামাকৰণ কৰা থিয়েটাৰ গোষ্ঠীটোৰ প্ৰথম নাটক আছিল ফণী শৰ্মাৰ ‘ভোগজৰা’ । তেতিয়ালৈ অৱশ্যে ইয়াক ভ্ৰাম্যমাণ থিয়েটাৰ নাম দিয়া হোৱা নাছিল । প্ৰথম বছৰেই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটীৰ টাউন ক্লাবৰ সাহায্যাৰ্থে নটৰাজ থিয়েটাৰক নিমন্ত্ৰণ কৰিছিল আৰু বাতৰি কাকতত "বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ" বুলি ডাঙৰ হৰফেৰে বিজ্ঞাপন দিছিল । তেতিয়াৰে পৰাই এই অনুষ্ঠান 'ভ্ৰাম্যমাণ থিয়েটাৰ' বুলি সৰ্বত্ৰে জনাজাত হয় । অৱশ্যে পৰৱৰ্তী সময়ত বহুকেইটা থিয়েটাৰ গোষ্ঠী গঢ়ি উঠে অসমত । ২০১১ চনলৈকে অসমত এশৰো অধিক ভ্ৰাম্যমাণ গোষ্ঠীয়ে জন্মলাভ কৰিছিল যদিও অতি শেহতীয়াকৈ ৪০-৪৫ টা গোষ্ঠীয়ে নাট মঞ্চস্থ কৰি জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । সম্প্ৰতি অসমত প্ৰায় ৪০-৪৫ টা দলে থিয়েটাৰ প্ৰদৰ্শন কৰি আহিছে যদিও ইয়াৰ ভিতৰত অন্যতম হৈছে - আৱাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, ইতিহাস থিয়েটাৰ, হেঙুল থিয়েটাৰ, শংকৰদেৱ থিয়েটাৰ, ৰাজমুকুট থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, বৃন্দাৱন থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, ৰুদ্ৰাক্ষ থিয়েটাৰ আদি । আৱাহান থিয়েটাৰত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, ইতিহাস থিয়েটাৰত যতীন বৰাৰ লগতে অন্যান্য থিয়েটাৰত মৃদুল ভূঞাৰ দৰে শিল্পীয়ে বলিষ্ঠ অভিনয়েৰে দৰ্শকক মোহাচ্ছন্ন কৰি আহিছে ।

আধুনিক ছবিৰ চমকে আজিও ম্লান পেলাব পৰা নাই অসমৰ ভ্ৰাম্যমাণক থিয়েটাৰক: প্ৰস্তুতি পৰাশৰ
অসমীয়া অথবা হিন্দী ছবিৰ আধুনিক চমকে কিন্তু ম্লান পেলাব পৰা নাই অসমীয়া থলুৱা উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰক । আধুনিক ছবিৰ ধামখুমীয়াৰ মাজতো অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তা হ্ৰাস কৰিব নোৱৰা সন্দৰ্ভত জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰথম শ্ৰেণীৰ ভ্ৰাম্যমাণ গোষ্ঠী আৱাহান থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে ই টিভি ভাৰতৰ সাংবাদিকৰ আগত কয়, “ছবি যিমানেই চমকপ্ৰদ নহওক কিয় অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছে অসমীয়াৰ আৱেগ । ভ্ৰাম্যমাণ থিয়েটাৰত কলা-কুশলী অথবা অসমীয়া লোক জড়িত হৈ থকাটোৱেই থলুৱা উদ্যোগটোৰ জনপ্ৰিয়তা বৃদ্ধিৰ অন্যতম কাৰণ । দ্বিতীয়তে, ছবি এখন কেৱল পৰ্দাত উপভোগ কৰাৰ বিপৰীতে থিয়েটাৰত প্ৰত্যক্ষভাৱে অভিনয় উপভোগ কৰিব পৰাটোও ভ্ৰাম্যমাণৰ জনপ্ৰিয়তা ম্লান পেলাব নোৱৰাৰ আন এটা কাৰণ । ইয়াৰ লগতে স্থানীয় আয়োজক সমিতিয়ে স্থানীয় বহু লোকক জড়িত কৰি থিয়েটাৰ মঞ্চস্থ কৰোৱাটোও ভ্ৰাম্যমাণৰ জনপ্ৰিয়তাৰ আন এক কাৰণ । বিশেষকৈ ছবি এখন নিৰ্দিষ্ট এগৰাকী প্ৰযোজকৰ প্ৰযোজনাত নিৰ্মাণ হোৱাৰ বিপৰীতে থিয়েটাৰ মঞ্চস্থ কৰাত এটা অঞ্চলৰ বহু লোক জড়িত হৈ পৰে “।

ইয়াৰোপৰি ৯৫ শতাংশ আয়োজক সমিতিয়ে বিভিন্ন সামাজিক অনুষ্ঠানৰ সাহায্যাৰ্থে থিয়েটাৰ আয়োজন কৰাৰ বাবেও দৰ্শকৰ স্বতস্ফূৰ্ত সহাঁৰি লাভ কৰা বুলিও ব্যক্ত কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে । বিশ্বৰ কোনো ঠাইতেই নথকা কলা-কুশলীয়ে জন্ম দিয়া থলুৱা উদ্যোগ ভ্ৰাম্যমাণত জড়িত হৈ নিজকে গৌৰৱ অনুভৱ কৰাৰ কথা উল্লেখ কৰে অভিনেতা যতীন বৰাই । এইবাৰ ইতিহাসৰ মঞ্চত অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ চৰিত্ৰত অভিনয় কৰা যতীন বৰাই অভিনয় জগতত ভৰি দিয়াৰ পৰাই বীৰ লাচিত বৰফুকনৰ চৰিত্ৰত অভিনয় কৰাৰ সপোন আছিল বুলিও ই টিভি ভাৰতৰ আগত উল্লেখ কৰে ।
লগতে পঢ়ক : ৪২ বছৰে কেমেৰাৰ আঁৰত থকা জাহ্নু বৰুৱা এইবাৰ অভিনেতাৰ ৰূপত