ৰাজীৱ শদিয়াৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৰাইজৰ মাজত থকা গণশিল্পীৰ ভেঁটি
শিল্পী ৰাজীৱ শইকীয়াৰ মৃত্যুৰ পাছত শিল্পী ৰাজীৱ শইকীয়া সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত কি ক’লে শিল্পী নয়ন অসম কলিয়াবৰীয়াই ?

By ETV Bharat Entertainment Team
Published : January 21, 2025 at 7:59 PM IST
নগাঁও : অসম তথা অসমীয়া জাতি-মাটিৰ বাবে গীত গাই অসমভূমিৰ পৰা চিৰবিদায় লোৱাৰ পাছতহে অধিক জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে শিল্পী ৰাজীৱ শদিয়া ৷ মৃত্যুৰ পাছতহে তেওঁ বিশেষভাৱে স্বীকৃতি লাভ কৰিছে ৷ কেইদিনমান পূৰ্বে মঞ্চত গীত পৰিবেশন কৰি থাকোতে হঠাৎ অসুস্থ হৈ ঢলি পৰি প্ৰাণঢালি ভালপোৱা দেশখন এৰি অজান দেশলৈ গুচি গ’ল শিল্পী ৰাজীৱ শদিয়া ।
জাতি-মাটিৰ বাবে গীত গাই জীৱনৰ পৰা মেলানি মগা শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতহে যেন সাৰ পালে বিভিন্নজনে । মৃত্যুৰ পাছতে সমগ্ৰ অসমজুৰি চৰ্চা লাভ কৰে শিল্পী ৰাজীৱ শদিয়াই ৷ প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালৰ কাষলৈ এতিয়া বৈছে দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে জনতাৰ স্ৰোত । মৃত্যুৰ পাছত এতিয়া বহুতেই গণশিল্পী, জাতীয় শিল্পী আখ্যা দিছে ৰাজীৱ শদিয়াক । এগৰাকী উদীয়মান শিল্পীৰ অকাল বিয়োগ আৰু মৃত্যুৰ পাছত প্ৰদান কৰা স্বীকৃতি সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত মন্তব্য কৰিছে নীৰৱে শিল্প সাধনা কৰি যোৱা আন এগৰাকী শিল্পী নয়ন অসম কলিয়াবৰীয়াই ।
ই টি ভি ভাৰতৰ সাক্ষাৎকাৰত শিল্পী নয়ন অসম কলিয়াবৰীয়াই কয়, "ৰাজীৱ শদিয়াৰ বিয়োগত আমি মৰ্মাহত, তেওঁৰ মৃত্যুৱে ৰাইজৰ মাজত এতিয়াও গণশিল্পৰ ভেটি থকাটো প্ৰমাণ কৰিছে । ৰাজীৱ শদিয়াই দেশ আৰু মাটিৰ বাবে আপোচবিহীনভাৱে গান গাই ৰাইজৰ বুকুত আছিল । ৰাজীৱ শদিয়াৰ মৃত্যুৱে অসমীয়া সংগীতৰ ক্ষেত্ৰত এটা জোকাৰণি আনিছে ।"
ডাৱৰে সূৰ্যক চিৰদিনৰ বাবে ঢাকি ৰাখিব নোৱাৰে বুলি উল্লেখ কৰি শিল্পী নয়ন অসম কলিয়াবৰীয়াৰ মন্তব্য, "জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা ড৹ ভূপেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, সদানন্দ গগৈৰ দৰে শিল্পীয়ে মানুহক জগাই তোলা গান গাই গাইছিল, সেই গীতসমূহো নিৰলসভাৱে গাই মানুহৰ হৃদয়ত স্থান লাভ কৰিবললৈ সক্ষম হৈছিল ৰাজীৱ শদিয়াই । যাৰ বাবে শিল্পীগৰাকীৰ মৃত্যুৰ পাছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বৈছে জনতাৰ স্ৰোত । অসমীয়া সংগীতজতত বিশেষ কোনো চিন্তা-চেতনা নথকা, টুলুঙা শব্দৰে কিছু বিজতৰীয়া গান-বাজনাৰ মাজত অসমীয়া সংগীতৰ ঐতিহ্য কঢ়িয়াই লৈ গৈছিল ৰাজীৱ শদিয়াই । তেনেদৰে বহুতেই নীৰৱে কাম কৰি আহিছে, তেওঁলোক প্ৰচাৰলৈ নাহে, মঞ্চ নাপায় । এনেবোৰ কাৰণতে ৰাজীৱ শদিয়াই এতিয়া গণশিল্পীৰ মৰ্যদা লাভ কৰিছে ।"
কম বয়সতেই এগৰাকী উঠি অহা শিল্পী হেৰুৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি নয়ন অসম কলিয়াবৰীয়াই কয়, "শিল্পীগৰাকীৰ মৃত্যুৰ পাছত যি জোঁৱাৰ উঠিছে সেয়া তেওঁ চাবলৈ নাপালে । তেওঁ কষ্ট কৰি কৰা সংগীত এতিয়া সামাজিক মাধ্যমযোগে ৰাইজৰ মাজলৈ গৈছে ।" ড৹ ভূপেন হাজৰিকাকো সমসাময়িক স্বীকৃতি প্ৰথমাৱস্থাত দিয়া হোৱা নাছিল বুলি উল্লেখ কৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ দৰে হুবহু গীত গাই চৰ্চা লাভ কৰা শিল্পী নয়ন অসম কলিয়াবৰীয়াই ।
লগতে পঢ়ক : 'ৰসাতলে গ'ল ঐ অসমীয়া...' বুলি ক'বলৈ ৰাজীৱ শদিয়া আৰু নাহে

