‘মেটা’ এৱাৰ্ডছৰ পৰা ডিজনী+হটষ্টাৰলৈ যাত্ৰা নাট্যকাৰ বিদ্যুৎ কুমাৰ নাথৰ
ডিজনী+হটষ্টাৰৰ মঞ্চত নাট্যকাৰ-পৰিচালক-অভিনেতা বিদ্যুৎ কুমাৰ নাথ ৷ এখন নাটকৰ বাবে ভাৰতৰ কেইখনমান পৰিচিত চেহেৰাৰ সন্মুখত নাৰ্ভাছ হৈ দিছিল সাক্ষাৎকাৰ ৷ ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ-

By ETV Bharat Entertainment Team
Published : November 30, 2024 at 4:56 PM IST
গুৱাহাটী : চলিত বৰ্ষত Mahindra Excellence in Theatre Awards ত ভাৰতবৰ্ষৰ ৩৬৯ খন নাটকৰ ভিতৰত নিৰ্বাচিত হৈ শ্ৰেষ্ঠ ১০ খনত নাটকৰ ভিতৰত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হয় নাট্যকাৰ, পৰিচালক তথা অভিনেতা বিদ্যুৎ কুমাৰ নাথৰ নাটক ‘ৰঘুনাথ’ এ । নাটকখনে শ্ৰেষ্ঠ নাট্যদল, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ মৌলিক নাটক, শ্ৰেষ্ঠ মঞ্চসজ্জা, শ্ৰেষ্ঠ পোহৰৰ বঁটা নিজৰ নামত কৰে এই মহোৎসৱত । উক্ত অনুষ্ঠানত বিচাৰক হিচাপে আছিল কুলভূষণ খাৰবান্দা, ৰঘুবীৰ যাদৱ, বিনয় পাঠক, স্বৰূপা ঘোষ, অমিত শ্ৰীবাস্তৱৰ দৰে ভাৰতৰ বিখ্যাত ব্যক্তিসকল । এই সফলতাৰ বাবে নাট্যকাৰ, পৰিচালক তথা অভিনেতা বিদ্যুৎ কুমাৰ নাথৰ এটা বিশেষ সাক্ষাৎকাৰ প্ৰচাৰিত হৈছিল ডিজনী+হটষ্টাৰত । এই সমগ্র অভিজ্ঞতা সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে জনালে বহু কথা ।
বিদ্যুৎ কুমাৰ নাথৰ নাট্যযাত্ৰাৰ আৰম্ভণি
“চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ পৰাই মই নাটক কৰিবলৈ লৈছোঁ । কিন্তু মাজতে বিভিন্ন কাৰণত সেয়া বন্ধ হৈ গৈছিল । বি এ পঢ়ি থকাৰ সময়ৰ পৰাই একেধাৰে পুনৰ নাটক কৰিবলৈ ললো । তাৰ পাছতে এই নাটককে পেচা হিচাপে ল’লো । এতিয়া এয়া নিচাও লগতে পেচাও । ভাললগা কামটো এনেদৰে কৰি আছো আৰু আগলৈও কৰি থাকিম ।”
নাটক ভাল পাই বাবে নাটক কৰে নে নাটকক ভাল পাব খোজে তেওঁ ?
“নাটক ভাল পাওঁ বুলি নহয় বা ভাল পাব খোজো বুলি নহয় । ভাল লগা বস্তু এটা আচলতে সকলোৰে কৰি থাকিবলৈ মন যায় । আৰু ভাল লগা কামটোৰে যদি ঘৰ এখন চলোৱাত বা নিজৰ অভাৱ বা সমস্যাবোৰ দূৰ কৰাত কিছু সহায় হয় তেন্তে সেই কামটো পেচা হিচাপে ল’লে জীৱনটোক আগুৱাই নিবলৈ সুবিধা হয় ।”
লগতে পঢ়ক : অভিনয় কৰিবলৈ কোনে জোৰ দিছিল জলি লস্কৰক ?
ৰঘুনাথ আৰু ‘মেটা’ এৱাৰ্ডছৰ সন্দৰ্ভত মন্তব্য
“আচলতে মেটা সম্পৰ্কে ধাৰণাটো এতিয়াও অসমৰ বহু সংখ্যক মানুহে নাজানে । Mahindra Excellence in Theatre Awards চমুকৈ META এটা ডাঙৰ মহোৎসৱ । যিটো মহিন্দ্ৰাই পাতে । এই মহোৎসৱলৈ সমগ্ৰ ভাৰতবর্ষৰ পৰা নাটক পঠিওৱা হয় । তাৰে পৰা ১০ খন নাটক নিৰ্বাচন কৰা হয় আৰু সেই ১০ খন নাটকৰ মাজত প্ৰতিযোগিতা হয় । ভাৰতৰ বিখ্যাত বিখ্যাত পৰিচালক-অভিনেতাসকলে এই মহোৎসৱত অভিনয় কৰে, তেওঁলোকৰ নাটকসমূহ প্ৰদৰ্শন কৰে । মই কেতিয়াও ভবা নাছিলো মোৰ নাটক ৰঘুনাথে এনেকুৱা এটা পৰ্যায়ত সফলতা কঢ়িয়াই আনিব পাৰিব । অসমত চাগে আমিয়ে প্ৰথম যিয়ে ৬ টাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছো । এইটো আমাৰ বাবে বহু ডাঙৰ কথা ।”
‘ৰঘুনাথ’ নাটকখন সন্দৰ্ভত মন্তব্য
“নাটকখনত আচলতে দুটা কাহিনী আছে । পোৱা আৰু নোপোৱাৰ কিছুমান হাবিয়াস থাকে মানুহৰ । নাটকখনটো সেই দুটা বিশেষ কথাই উল্লেখ আছে । সমগ্ৰ অসমৰ এটা ডাঙৰ সমস্যা হৈছে বানৰ সমস্যা । সেই বানৰ সমস্যাটোক লৈয়ে এই নাটকখন ভবা হৈছিল আৰু তেনেকৈয়ে উপস্থাপন কৰা হৈছে । লগতে ঈশ্বৰৰ নাম লৈ যে মানুহক ঠগাটো সহজ এই দুটা বিষয় নাটকখনত উপস্থাপন কৰা হৈছে ।”
‘ডিজনী+হটষ্টাৰ’ত সাক্ষাৎকাৰ দিয়াৰ সন্দৰ্ভত মন্তব্য
“পুৰস্কাৰ পোৱাটোৰ লগতে দেশৰ বহুকেইগৰাকী বিশিষ্ট নাট্যকাৰৰ মাজত মোৰ নাটকখনে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটোৱে মোৰ বাবে ডাঙৰ কথা । কিন্তু পুৰস্কাৰ পোৱাৰ পাছত এটা বেলেগ ধৰণৰ আনন্দ লাগিছিল আমাৰ মনত । ডিজনী+হটষ্টাৰে META ই মতা ১০ খন নাটকৰে পৰিচালকসকলৰ সাক্ষাৎকাৰ লৈছে । তাৰে ভিতৰত মোৰ নাটকখন নিৰ্বাচিত হোৱাৰ বাবে এটা সাক্ষাৎকাৰ ল'লে আৰু পুৰস্কাৰ পোৱাৰ পাছতে এটা সাক্ষাৎকাৰ লৈছিল । ইমান ডাঙৰ অনুষ্ঠান এটাত ডিজনী+হটষ্টাৰৰ দৰে ডাঙৰ প্লেটফৰ্ম এটাত সাক্ষাৎকাৰ দিব পৰাটোও মোৰ বাবে এটা ডাঙৰ অভিজ্ঞতা ।”
উল্লেখ্য যে ‘মেটা’ত শ্ৰেষ্ঠ মৌলিক নাটকৰ পুৰস্কাৰ প্ৰাপ্ত ‘ৰঘুনাথ’ প্ৰকাশ পাব কিতাপ হিচাপে ।ন তুন দিল্লীৰ পৰা কিতাপ হিচাপে প্ৰকাশ কৰিব মেটাই । ইফালে পৰিচালক তথা অভিনেতা বিদ্যুৎ কুমাৰ নাথে কেৱল নাটকেই নহয় অসমীয়া ছবি, ধাৰাবাহিক আৰু ৱেব ছিৰিজটো অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে কি হৈছিল অভিনেত্ৰী গায়ত্ৰী বৰাৰ লগত !

