ETV Bharat / entertainment

সত্ৰীয়া সংস্কৃতিৰ সাধনাত ব্ৰতী পদ্মভূষণ যতীন গোস্বামীৰ কথাৰে....

সত্ৰীয়া সংস্কৃতিৰ জগতখনত জ্ঞানৰ মুকুতা বিলোৱা এগৰাকী পুৰোধা ব্যক্তি হৈছে নৃত্যাচাৰ্য যতীন গোস্বামী । সত্ৰীয়া সংস্কৃতিৰ এই যাত্ৰাৰ আৰম্ভণি সন্দৰ্ভত শুনো আহক যতীন গোস্বামীৰ মুখেৰেই-

Jatin Goswami
নৃত্যাচাৰ্য যতীন গোস্বামী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 30, 2025 at 6:09 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ওৰেটো জীৱন নৃত্যকেই সাধনাৰ পথ হিচাপে বাছি লৈ সত্ৰীয়া সংস্কৃতিৰ জগতখনত জ্ঞানৰ মুকুতা বিলোৱা এগৰাকী পুৰোধা ব্যক্তি হৈছে নৃত্যাচাৰ্য যতীন গোস্বামী ।

অসমৰ খ্যাতিশীৰ্ষ নৃত্যশিল্পী তথা নৃত্য পৰিচালক নৃত্যাচাৰ্য যতীন গোস্বামীলৈ শেহতীয়াকৈ আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ । সাংস্কৃতিক জগতলৈ তেওঁ দিয়া অনবদ্য অৱদানৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান ।

নৃত্যাচাৰ্য যতীন গোস্বামীৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

‘পদ্মভূষণ’ৰে বিভূষিত হোৱাৰ পাছত ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অনুভৱ ব্যক্ত কৰি তেওঁ কয়, “মই আচলতে সত্ৰীয়া নৃত্যৰ এজন ছাত্ৰ । মোৰ চিনাকি এগৰাকী সত্ৰীয়া নৃত্যৰ ছাত্র হিচাপে । গতিকে এই যি স্বীকৃতি সেইটো যতীন গোস্বামীলৈ নহয়, এই স্বীকৃতিটো সম্পূৰ্ণ সত্ৰীয়া নৃত্যৰ স্বীকৃতি । এই সত্ৰীয়া নৃত্যৰ স্বীকৃতিটোৰ বাবে মই নিজেই অতি আনন্দিত হৈছো । অসম চৰকাৰলৈ ইয়াৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো, কাৰণ তেখেতলোকৰ অনুমোদন অবিহনে এয়া সম্ভৱ নহ’লহেতেন । লগতে অসমৰ সত্ৰসমূহৰ ভকত-বৈষ্ণৱসকলৰ আশীৰ্বাদৰ বাবে এয়া সম্ভৱ হৈছে ।”

সত্ৰীয়া সংস্কৃতিৰ এই অক্লান্ত যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল

১৯৩৩ চনৰ ২ আগষ্ট তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত জন্ম হৈছিল নৃত্যাচাৰ্য যতীন গোস্বামীৰ । সত্ৰীয়া সংস্কৃতিৰ যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, “অসমত বিশেষকৈ দুই ধৰণৰ সত্ৰ আছে, এবিধ হৈছে গৃহস্থী সত্ৰ আৰু আনবিধ উদাসীন । মোৰ জন্ম হৈছিল গৃহস্থী সত্ৰত । উদাসীন সত্ৰৰ তুলনাত গৃহস্থী সত্ৰত নৃত্য-গীতৰ চৰ্চা কমকৈ হৈছিল । তেনেকৈ আমাৰ সত্ৰতো কমকৈ হ’লেও নৃত্য-গীতৰ চৰ্চা হৈছিল, বিশেষকৈ ভাদ মাহত শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, জন্মাষ্টমী পালন কৰা হৈছিল । তেনেদৰে সৰুকালৰ পৰাই মই আচলতে সত্ৰীয়া নৃত্যৰ মাজত মই সোমাই পৰিছিলো ।”

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰিছিল গোস্বামীয়ে

২০ বছৰ বয়সতে বিষ্ণু প্ৰসাদ ৰাভাৰ সংস্পৰ্শলৈ আহিছিল যতীন গোস্বামী । এই সন্দৰ্ভত তেওঁ কয়, “মোৰ ঘৰ দেৰগাঁৱত, গোলাঘাটৰ এগৰাকী নৃত্যশিল্পীৰ ওচৰত মোৰ নৃত্য শিকিবলৈ যোৱাৰ পৰিকল্পনা আছিল ৷ কিন্তু তেখেতৰ ওচৰলৈ গৈ নৃত্য শিকা নহ’ল । তাৰ পাছত মোৰ দুগৰাকী সম্বন্ধীয় দাদাই বিষ্ণু প্ৰসাদ ৰাভাৰ ওচৰলৈ গৈ নৃত্য শিকাৰ পৰামৰ্শ প্ৰদান কৰিলে । তেখেতলোকৰ পৰামৰ্শ মৰ্মে তেখেতৰ ওচৰলৈ গৈ নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলো ।”

দিল্লী দূৰদৰ্শনত প্ৰথম সত্ৰীয়া সংগীতৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল

প্ৰথম অসমীয়া শিল্পী হিচাপে ১৯৬০ চনৰ ১৯ নৱেম্বৰত যতীন গোস্বামীয়ে দিল্লী দূৰদৰ্শনত সত্ৰীয়া সংগীতৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল । এই সন্দৰ্ভত তেওঁ কয়, “যোৰহাটৰ এটা ঊষা নৃত্য পৰিষদ বুলি অনুষ্ঠান আছিল । সেই অনুষ্ঠানটোৰ লগত ১৯৬০ চনত দিল্লী দূৰদৰ্শনত সত্ৰীয়া সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিলো । তাত আমি ১১ মিনিটৰ এটা অনুষ্ঠান প্ৰদৰ্শন কৰিছিলো । সেইটো ভাৰতীয় দূৰদৰ্শনত প্রথমটো সত্ৰীয়া অনুষ্ঠান আছিল ।”

উল্লেখ্য যে ১৯৬২ চনত বিষ্ণুপ্ৰসাদ ৰাভা, ৰসেশ্বৰ শইকীয়া বৰবায়ন আৰু যতীন গোস্বামীয়ে অংকীয়া নাট ভাওনাৰ প্ৰথম আৰু একমাত্ৰ ভ্ৰাম্যমাণ দল ‘প্ৰাগজ্যোতিষ কলা পৰিষদ’ গঠন কৰিছিল । ইয়াৰোপৰি তেওঁৰ প্ৰচেষ্টাতে আৰম্ভ হৈছিল ‘নৃত্যাঞ্জলি উৎসৱ’ । প্ৰতি বছৰে অনুষ্ঠিত এই উৎসৱৰ আধুনিক মঞ্চ সত্ৰীয়া নৃত্যৰ সংৰচনা আৰু সম্পৰীক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈ আহিছে । নৃত্যাচাৰ্য যতীন গোস্বামীৰ বৰ্তমানলৈকে প্ৰকাশিত গ্ৰন্থকেইখনমান হৈছে মাটি আখৰা, নৃত্য পৰিভাষিক শব্দ আৰু সংজ্ঞা, ঝুমুৰা নাচ-নাদু ভংগী, নৃত্য শিক্ষা আৰু নৃত্যৰ প্ৰাথমিক হস্ত পৰিচয় ।

আনহাতে, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত আছিল গোস্বামী । পৰৱৰ্তী সময়ত ‘নৃত্যাচাৰ্য’ সন্মানেৰে ভূষিত হৈ তেওঁ প্ৰসিদ্ধি লাভ কৰে । সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তেওঁলৈ আগবঢ়োৱা হৈছিল সংগীত নাটক একাডেমী বঁটা । ২০০৮ চনত তেওঁলৈ আগবঢ়োৱা হয় দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ । ২০১৯ চনত সংগীত নাটক একাডেমীয়ে গুৰু যতীন গোস্বামীক ২০১৮ চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল’শ্বিপ বা সদস্য ৰত্ন প্ৰদান কৰে । উল্লেখ্য যে মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকাৰ পিছত এই সন্মান লাভ কৰা যতীন গোস্বামী হৈছে তৃতীয়গৰাকী অসমীয়া ।

লগতে পঢ়ক : লোক সংস্কৃতিৰ সাধক মৃদুল কুমাৰ দাসলৈ বকুল বন বঁটা ২০২৫