ETV Bharat / entertainment

যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ ছবিসমূহ প্ৰায়ে কিয় ভৌতিকধৰ্মী হয় ?

Chinmoy Barma : ইটিভি ভাৰতৰ সৈতে যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে জনালে বহু কথা-

etv bharat exclusive interview with film maker Chinmoy Barma
যুৱ পৰিচালক চিন্ময় বাৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 11, 2024 at 1:53 PM IST

|

Updated : October 11, 2024 at 3:02 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, 11 অক্টোবৰ : অসমৰ সাংস্কৃতিক দিশটো আগুৱাই নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগোৱা পৰিচালকসকলৰ ভিতৰত অন্যতম এগৰাকী যুৱ পৰিচালক হৈছে চিন্ময় বাৰ্মা । হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰিবলৈ সক্ষম হোৱা বাৰ্মাই ‘নৰকাসুৰ’, ‘যখিনী’, ‘অহল্যা’, ‘তেজৰ টুকুৰা’, ‘ঘোঁৰা পাক’ আদিকে ধৰি কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি তেওঁৰ দক্ষতা আৰু ব্যতিক্ৰমী চিন্তাক ইতিমধ্যে ৰাইজৰ মাজত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে । পৰিচালকগৰাকীৰ কাহিনীসমূহত সাধাৰণতে ভৌতিকধৰ্মী বিষয়বস্তুৱে স্থান পোৱা পৰিলক্ষিত হয় । শেহতীয়াকৈ পৰিচালকগৰাকীয়ে ঘোষণা কৰিছে তেওঁৰ আহিবলগীয়া নতুন এখন চুটি ছবিৰ নাম । ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে জনালে তেওঁৰ সন্দৰ্ভত বহু কথা ।

ছবি পৰিচালনাৰ লগত কেনেদৰে জড়িত হ’ল চিন্ময় বাৰ্মা ? ভৌতিকধৰ্মী (Horror)ছবি নিৰ্মাণ কৰি ভাল পায় নেকি পৰিচালকগৰাকীয়ে ? নাৰীৰ নান্দনিক সৌন্দৰ্যক লৈ শীঘ্ৰেই আহি আছে চিন্ময় বাৰ্মাৰ নতুন চুটি ছবি ‘খিৰিকী’, এই সকলো কথা সামৰি এই বিশেষ প্ৰতিবেদন-

পৰিচালক চিন্ময় বাৰ্মাৰে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

ছবি পৰিচালনাৰ লগত কেনেদৰে জড়িত হ’ল চিন্ময় ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “পঢ়াৰ মাজতে যিখিনি সময় ওলাই সেই সময়খিনিত বিভিন্ন ধৰণৰ আৰ্ট, ছেণ্ড আৰ্ট আদি কৰিছিলো । তেনেদৰে কলেজত থাকোতে এটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । তাৰ পূর্বে মই কেতিয়াও ছবি নিৰ্মাণ কৰি পোৱা নছিলো, সেই প্ৰতিযোগিতাৰ বাবে আমি এখন ছবি নিৰ্মাণ কৰিলো আৰু তাত আমি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’লো । তাৰ পাছত 2015 চনত মোৰ প্ৰথমখন চুটি ছবি নিৰ্মাণ কৰিছিলো । প্ৰথমে জি'ৰ বাজেটৰ কেইখনমান ছবি নিৰ্মাণ কৰিলো । 2020 চনত ‘ঘোঁৰাপাক’ৰ কথা মনলৈ আহিছিল । ‘ঘোঁৰাপাক’ খনকে মোৰ টাৰ্ণিং পইণ্ট বুলি ক’ব লাগিব । ছবিখনক ৰাইজে বহুত মৰম দিলে । তেনেদৰে ছবিসমূহ নিৰ্মাণ কৰি আহিছো ।”

লগতে পঢ়ক : যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন চুটি ছবিৰ ঘোষণা - Chinmoy Barma short film khiriki

চিন্ময় বাৰ্মাই কেনেকুৱা ধৰণৰ ছবি নিৰ্মাণ কৰি ভাল পায় ?

“আচলতে নতুন নতুন বিষয়বস্তুৰ ওপৰত মই ছবি নিৰ্মাণ কৰি ভাল পাওঁ। যিহেতু মই ছবি নিৰ্মাণৰ ওপৰত কোনো ধৰণৰ অনুষ্ঠানিক শিক্ষা গ্ৰহণ নাই কৰা সেয়ে নতুন নতুন কিছু বিষয়বস্তু লৈ মই নিজকে পৰীক্ষা কৰি আছো । প্ৰথমে মোৰ ছবিসমূহ থ্ৰীলাৰ ধৰ্মী আছিল, তাৰ পাছত মই ভৌতিকতাৰ ওপৰতো অকণমান পৰীক্ষা কৰিলো । এতিয়া আকৌ মই কলাধৰ্মী এখন ছবি নিৰ্মাণ কৰি আছো”, এই ভাষ্য চিন্ময়ৰ ৷

ভৌতিক ছবি নিৰ্মাণ কৰি ভাল পাই নেকি চিন্ময় বাৰ্মাই ?

“আচলতে ঘোঁৰাপাক, যখিনী এই ছবিসমূহৰ জৰিয়তে মই কেতিয়াও কোৱা নাই যে ভূত আছে । এইটো আচলতে অতীজৰে পৰা মুখে মুখে প্ৰচলিত হৈ অহা লোককথাৰে এটা অংশ হয় । এই ভৌতিক কথাবোৰো আমাৰ মুখে মুখে প্ৰচলিত হৈ অহা লোককথাৰে এটা অংশ । সেয়ে মই ভাবিলো যে আমাৰ যি ভয় হয়, সেই ভয়টোৰ মাজেৰেও মানুহক বুজাব পাৰি । সেয়ে মই ইয়াক মাধ্যম হিচাপে লৈ সমাজত যিবোৰ ভুল বাখ্যা চলি আছে সেয়া ছবিৰ মাধ্যমেৰে মানুহক সজাগ কৰিবলৈ চেষ্টা কৰিছো ।”

উল্লেখ্য যে, ছবি নিৰ্মাণ কৰাৰ উপৰিও ভিন্ন ধৰণৰ আৰ্ট কৰি ভাল পোৱা পৰিচালকগৰাকীয়ে ক্ৰাইম ব্ৰান্সতো চাকৰি কৰিছিল । লগতে অতি শীঘ্ৰে এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ পৰিকল্পনা আছে চিন্ময় বাৰ্মাৰ ।

লগতে পঢ়ক : China Dragon Awards ত এইবাৰ মনোনীত অসমীয়া চুটি ছবি নৰকাসুৰ - Chinmoy Barma Short film Narakasura

Last Updated : October 11, 2024 at 3:02 PM IST