নাটকৰ লগত জড়িত হৈছিল স্কুলীয়া দিনতে; আজি এজন প্ৰতিষ্ঠিত নাট্যকাৰ - PRABHAT GOSWAMI INTERVIEW
Scriptwriter Prabhat Goswami : 20 খনৰো অধিক শিশু উপন্যাস আৰু 11 খন চুটি সাধুকথাৰ পুথি, কেইবাখনো উপন্যাস, নাটক ৰচনা কৰাৰ লগতে ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি কেইবাখনো বোলছবিৰ চিত্ৰনাট্য ৰচনা কৰা লেখক প্ৰভাত গোস্বামীৰ এই নাট্য যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল ? চাওক ইটিভি ভাৰত অসমৰ এই বিশেষ সাক্ষাৎকাৰ য’ত আপোনালোকে জানিব পাৰিব এগৰাকী লেখকৰ মনৰ ভিতৰৰ কথা-

By ETV Bharat Entertainment Team
Published : September 14, 2024 at 1:15 PM IST
গুৱাহাটী, 14 ছেপ্টেম্বৰ : বহু প্ৰতিভা সম্পন্ন এগৰাকী ব্যক্তি, যাৰ নামেই পৰিচয় । একাধিকাৰে তেওঁ এগৰাকী সাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ । অসমীয়া ভাষাত শিশুসকলৰ বাবে সৰ্বাধিক নাটক ৰচনা কৰা নাট্যকাৰজনেই হৈছে প্ৰভাত গোস্বামী ।
1978 চনত দৈনিক জনমভূমিত গল্প লেখক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰভাত গোস্বামীয়ে বৰ্তমান সময়লৈকে শিশু উপযোগী প্ৰায় 20 খনৰো অধিক শিশু উপন্যাস আৰু 11 খন চুটি সাধুকথাৰ পুথি ৰচনা কৰিছে । ইয়াৰোপৰি তেওঁ বহু কেইখন উপন্যাস, নাটক ৰচনা কৰাৰ লগতে ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি কেইবাখনো বোলছবিৰ চিত্ৰনাট্যও ৰচনা কৰিছে ।
গোস্বামীয়ে বৰ্তমান সময়লৈকে পঞ্চাছখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে বিভিন্ন সংবাদপত্ৰ আলোচনীত তেখেতৰ এহেজাৰৰো অধিক ব্যংগ গল্প সিঁচৰতি হৈ আছে । ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বিশিষ্ট নাট্যকাৰ তথা লেখক প্ৰভাত গোস্বামীয়ে জনালে কিদৰে তেওঁ নাটকৰ দিশটোৰ সৈতে জড়িত হৈ পৰিছিল -
- প্ৰভাত গোস্বামীৰ নাট্য যাত্ৰাৰ আৰম্ভণি :
এই সন্দৰ্ভত নাট্যকাৰ তথা লেখক প্ৰভাত গোস্বামীয়ে কয়, ‘‘আৰম্ভণি হৈছিল মোৰ স্কুলীয়া দিনত । বিদ্যালয়ত পঢ়ি থাকোতে তেতিয়া বিদ্যালয় সপ্তাহত মই প্ৰথম নাটক কৰিছিলো । সেই নাটকখনত মই মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিলো আৰু তাত মই পুৰস্কাৰ লাভ কৰিলো । তেনেদৰেই মই নাটকৰ এই জগতখনৰ লগত জড়িত হৈ পৰিলো ।’’
বহুকেইখন নাটক ৰচনা তথা পৰিচালনা কৰাৰ লগতে এসময়ত দূৰদৰ্শনৰ বহুকেইখন ধাৰাবাহিকৰ চিত্ৰনাট্য ৰচনা কৰিছে তেওঁ ৷ লগতে শাহু-বোৱাৰী ধাৰাবাহিকখনৰ প্ৰায় 100 টাৰো অধিক চিত্ৰনাট্য ৰচনা কৰিছে । তেখেতে ৰচনা কৰা সংকলনৰ ভিতৰত জনপ্ৰিয় উপন্যাস নিবেদিতা গাৰ্লছ হোষ্টেল, খামপাট গাভৰু, অভিনেত্ৰীৰ দিনলিপি, নিষিদ্ধ স্পৰ্শ, স্বাধীনতাৰ চোলা পিন্ধা মানুহজন, লাঙছিংখাম, শুকুলা হাতীৰ খোজ, অন্তৰ্যুদ্ধ, কেন্সাৰৰ কেলেণ্ডাৰ তুমি, মন্ত্ৰীৰ ঘৰত কদোৱা, ব্যংগ গল্প সংকলন চৰকাৰী উগ্ৰপন্থী আদি ।
প্ৰভাত গোস্বামীয়ে তেওঁৰ লিখিত জীৱনৰ কথাৰ সৈতে বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভতো মত প্ৰকাশ কৰে ৷ লগতে তেওঁ উল্লেখ কৰে যে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ কেতিয়াও নাটক লিখা নাই ৷ বিশিষ্ট লেখকগৰাকীয়ে বৰ্তমান আগবাঢ়ি অহা নৱ-প্ৰজন্মৰ লেখক-লেখিকাসকলক সস্তীয়া জনপ্ৰিয়তাৰ পিছত নদৌৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : অসমত পোন প্ৰথমবাৰলৈ গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ - Guwahati Asian Film Festival

