‘অসমীয়া শব্দৰ উচ্চাৰণ ভুলকৈ কৰোতে মোক এটা চৰ মাৰিছিল ভূপেন দাই’ : সূৰ্য দাস
শ্ৰদ্ধাৰ শিল্পী ড৹ ভূপেন হাজৰিকাকক সুঁৱৰি নষ্টালজিক হৈ পৰে কণ্ঠশিল্পী সূৰ্য দাস ৷ ইটিভি ভাৰতৰ সৈতে এক অন্তৰংগ আলাপ-

By ETV Bharat Entertainment Team
Published : November 6, 2024 at 12:48 PM IST
গুৱাহাটী : বিশ্ব বৰণ্য শিল্পী ড৹ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী কালি ৰাজ্যজুৰি পালন কৰা হয় । বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ মাজেৰে ৰাজ্যজুৰি স্মৰণ কৰা হয় শ্ৰদ্ধাৰ শিল্পীগৰাকীক । বিশেষ দিনটোত শ্ৰদ্ধাৰ শিল্পীগৰাকীক সুঁৱৰি কণ্ঠশিল্পী সূৰ্য দাস আৱেগিক হৈ পৰে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপৰ সময়ত নষ্টালজিক হৈ পৰে তেওঁ । দাসে কয়, “সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই যি সৃষ্টিৰাজি দি থৈ গৈছে আৰু অসম মাতৃৰ বাবে তেওঁৰ যিখিনি অৱদান সেই অৱদানখিনি কেৱল তেওঁৰ মৃত্যু আৰু জন্ম এই দুটা তাৰিখতে স্মৰণ কৰিলে নহয় ৷ ভূপেন দাৰ গীতবোৰৰ যি কথা বা যি সুৰ সেইবোৰ উপস্থাপনৰ বাবে যথেষ্ট সাধনাৰ প্ৰয়োজন । ভূপেন দাৰ গানখিনি, যিখিনি তেওঁ অসম মাতৃৰ বাবে জাতিটোৰ বাবে দি থৈ গ’ল, বৰ্তমান জাতিটো যি এটা সমস্যাত পৰি আছে, এটা অগ্নি পৰীক্ষাত আছে সেই কথাবোৰ ভূপেন দাৰ গীতত পোৱা যায় । ভূপেন দা অদ্বিতীয় । ভূপেন দাৰ প্ৰতিটো শব্দই এখন এখন অভিধানৰ নিচিনা ।”
ইয়াৰ লগতে শিল্পীগৰাকীক স্মৰণ কৰি দাসে কয়, “মই যিকেইটা দিন পাৰ কৰিলো, মোৰ সংগীতময় জীৱনতেই হওক বা মোৰ দৈনিক জীৱনতেই হওক ভূপেন দাৰ দুটামান শব্দ বা দুটামান কথা চিন্তা নকৰাকৈ মই আগনাবাঢ়ো । ভূপেন দা সকলো দিশৰ পৰাই নিখুঁত । ভূপেন দাৰ দৰে শব্দ উচ্চাৰণ কোনেও কৰিব নোৱাৰে বা আজিলৈ তেনে কোনো জন্মই হোৱা নাই । তেওঁ ইমান সুন্দৰ উচ্চাৰণ কৰে ।”
উচ্চাৰণ প্ৰসংগত তেওঁ আমাৰ আগত এটা ঘটনা দাঙি ধৰে ৷ তেওঁ কয়, “মোক যেতিয়া ১৯৫৮-৫৯ মান চনত ভূপেন দাই কলিকতালৈ গীত বাণীবদ্ধ কৰিবলৈ লৈ গৈছিল, তেতিয়া মই এটা গানৰ অসমীয়া শব্দ উচ্চাৰণ ভুলকৈ কৰোতে কলিকতাৰ বহুকেইজন কণ্ঠশিল্পীৰ সন্মুখতে তেওঁ মোক এটা চৰ মাৰিছিল আৰু কৈছিল অসমীয়া কথা ক’ব নাজানিলে গান গাব নালাগে, অসমীয়া উচ্চাৰণ কৰিব নাজানিলে অসমীয়া বুলি নকবা । তেতিয়া বাকী শিল্পীসকলে আহি ভূপেন দাক কৈছিল এনেকৈ খং কৰিলে ল’ৰাটোৱে কেনেদৰে গান গাব । ভূপেন দা জীৱন সম্পৰ্কে বহু সাৱধান । ভূপেনৰ সৃষ্টি অন্যতকৈ পৃথক ।”
এনেদৰে বিশ্ব বৰণ্য শিল্পীগৰাকীক স্মৰণ কৰে কণ্ঠশিল্পী সূৰ্য দাসে ।
লগতে পঢ়ক : সুধাকণ্ঠ বিহীন 13 টা বছৰ

