ETV Bharat / entertainment

শ্বাহৰুখ খানৰ ‘কিং’ ছবিৰে বলীউডত অভিষেক ঘটাব নেকি এড শ্বীৰাণে ? ছেফায়াৰ গায়কৰ মন্তব্যই লগাইছে খলকনি

এড শ্বীৰাণে শ্বাহৰুখ খানৰ আগন্তুক ছবিখনৰ বাবে হিন্দী গীত গোৱাৰ ইংগিত দিছে, যিয়ে তেওঁৰ সম্ভাৱ্য বলীউড অভিষেকক লৈ চলা গুজৱত ইন্ধন যোগাইছে ৷

Ed Sheeran hinted at singing a Hindi song for Shah Rukh Khan's upcoming film king
এড শ্বীৰাণ-শ্বাহৰুখ খান (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : June 18, 2025 at 7:04 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ব্ৰিটিছ পপ ছেন্সেশ্যন এড শ্বীৰাণৰ বিগত এটা বছৰত ভাৰতত জনপ্ৰিয়তা বৃদ্ধি পাইছে, তেওঁৰ ভ্ৰমণৰ ট্যুৰৰ বাবে আৰু এতিয়া তেওঁৰ নতুন একক গীত - ছেফায়াৰ - য’ত তেওঁ অৰিজিত সিঙৰ সৈতে সহযোগিতা কৰিছে আৰু গানটোত শ্বাহৰুখ খানেও কেমিঅ’ কৰিছে ৷ ভাৰতৰ দুই জনপ্ৰিয় তাৰকাৰ উপস্থিতিয়ে গানটোক অধিক উচ্চতালৈ লৈ গৈছে ।

শেহতীয়াকৈ এড শ্বীৰাণে ভাৰতীয় অনুৰাগীৰ মাজত পুনৰ হুলস্থুলৰ সৃষ্টি কৰিছে । অৰিজিত সিং আৰু শ্বাহৰুখ খানৰ বিশেষ কেমিঅ’ৰ সৈতে তেওঁৰ নতুন একক গীত ছেফায়াৰ মুক্তি পোৱাৰ মাত্ৰ কেইদিনমানৰ পিছতে গায়কগৰাকীয়ে বলীউডত অভিষেক ঘটোৱাৰ ইংগিত দিছে ।

এটা ইউটিউব ভিডিঅ’ত এডে অনুৰাগীসকলৰ সৈতে ছেফায়াৰ নিৰ্মাণৰ প্ৰক্ৰিয়া শ্বেয়াৰ কৰিছে আৰু ভাৰতত কটোৱা মুহূৰ্তসমূহৰ বিষয়ে উল্লেখ কৰিছে । গোৱাত ছেফায়াৰ ৰেকৰ্ডিং কৰা হৈছিল আৰু মিউজিক ভিডিঅ’টোত ভাৰতৰ মনোমোহা দৃশ্যপট আৰু সংস্কৃতিক চিত্ৰিত কৰা হৈছে ।

অৰিজিত সিঙৰ সৈতে এডৰ সহযোগিতাই ইতিমধ্যেই অনুৰাগীসকলক উত্তেজিত কৰি তুলিছিল যদিও শেহতীয়াকৈ এডে অনলাইনত এজন অনুৰাগীৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে ।

এজন অনুৰাগীয়ে সুধিলে যে ছেফায়াৰৰ হিন্দী সংস্কৰণৰ কাম চলি আছে নেকি ? এডে উত্তৰ দিয়ে, "হিন্দী গীতটো আছিল এছ আৰ কেয়ে কৰি থকা বলীউড চিনেমাখনৰ বাবে, এইটো অৰিজিতৰ সৈতে ছেফায়াৰৰ পাঞ্জাবী সংস্কৰণ । মই এইখিনিতে মাত্ৰ সকলো ভাষা কৰি আছো ।" সেই এটা বাক্যই ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে ৷ অনুৰাগীসকলে অনুমান কৰিছে যে এডে নিশ্চয়কৈ কিং ছবিখনৰ কথা কৈছে, যিখন ছবিৰ কাম শ্বাহৰুখ খানে বৰ্তমান কৰি আছে ।

পাথানৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত কিঙত কন্যা সুহানা খানৰ সৈতে শ্বাহৰুখে প্ৰথমবাৰৰ বাবে পৰ্দাত ধৰা দিব । খবৰ অনুসৰি ছবিখনত দীপিকা পাডুকন, ৰাণী মুখাৰ্জী, অভিষেক বচ্চন, অনিল কাপুৰ ইত্যাদিকে ধৰি এক শক্তিশালী অভিনেতা-অভিনেত্ৰীৰ তালিকা আছে । অনুৰাগীয়ে ছেফায়াৰৰ বিটিএছ ফুটেজত সিদ্ধাৰ্থ আনন্দৰ সৈতে এডক দেখা পাইছিল, সেয়ে আগন্তুক ছবিখনত এডক দেখিবলৈ পোৱা যাব বুলি অনুমান কৰিছে সকলোৱে ।

যদিও শ্বাহৰুখ আৰু সিদ্ধাৰ্থ আনন্দ, দুয়োজনেই কিঙৰ সৈতে এড শ্বীৰাণ জড়িত থকাৰ বিষয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই, তথাপিও অনুৰাগীসকল উৎসাহিত । যদিহে আশা কৰা ধৰণে হয়, তেন্তে এইটোৱেই হ’ব এড শ্বীৰাণৰ বলীউডত আত্মপ্ৰকাশ । সঁচাকৈয়ে ই বলীউড আৰু বিশ্বব্যাপী সংগীত অনুৰাগী উভয়ৰে বাবে এক উল্লেখনীয় মুহূৰ্ত হ’ব ।

লগতে পঢ়ক : এড শ্বীৰাণৰ নতুন গান “ছেফায়াৰ”ত ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন, কেমিঅ’ত শতিকাৰ জনপ্ৰিয় তাৰকাৰ এভূমুকি