হায়দৰাবাদ : দক্ষিণ তাৰকা মহেশ বাবুলৈ জাননী প্ৰেৰণ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে । অভিনেতাগৰাকীক চলিত মাহৰ ২৭ এপ্ৰিলত সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছে । জানিব পৰা মতে অভিনেতাগৰাকী ছাই সূৰ্য ডেভেলপাৰ্ছ আৰু সুৰানা প্ৰজেক্টৰ সৈতে জড়িত । তেওঁৰ বিৰুদ্ধে এই প্ৰকল্পত বিনিয়োগ কৰিবলৈ প্ৰভাৱান্বিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।
প্ৰতিবেদন অনুসৰি মহেশে ছাই সূৰ্য্য ডেভেলপাৰ্ছ আৰু সুৰানা গ্ৰুপে আৰম্ভ কৰা ৰিয়েল ইষ্টেট প্ৰকল্পক সমৰ্থন কৰিছিল ৷ এই ৰিয়েল ইষ্টেট প্ৰকল্পৰ বিজ্ঞাপনৰ চেহেৰা আছিল মহেশ বাবু ৷ এই গ্ৰুপসমূহে গ্ৰাহকক প্ৰতাৰণা কৰিছে, গতিকে ধন সৰবৰাহৰ গোচৰত তেওঁলৈ জাননী জাৰি কৰা হৈছে । খবৰ অনুসৰি এই এণ্ডাৰছমেণ্টৰ বাবে মহেশে লাভ কৰিছিল ৫.৯ কোটি টকা – চেক যোগে ৩.৪ কোটি টকা আৰু নগদ ২.৫ কোটি টকা । এতিয়া নগদ ধন পৰিশোধৰ ক্ষেত্ৰত ইডিৰৰ আওতালৈ আহিছে অভিনেতাজন ।
অভিযোগ উত্থাপন হৈছে যে মহেশ বাবুৱে এই কোম্পানী দুটাৰ বিজ্ঞাপন কৰিছে । ইয়াৰ উপৰিও এই প্ৰকল্পৰ ধনৰ অপব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পিছতে ইডিয়ে জাননী জাৰি কৰে । অভিযোগ অনুসৰি মহেশ বাবুৱে বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ মানুহ আৰু গ্ৰাহকক এই প্ৰকল্পত বিনিয়োগ কৰিবলৈ প্ৰভাবান্বিত কৰিছে ।
তেলেংগানা আৰক্ষীয়ে ভাগ্যনগৰ প্ৰপাৰ্টিজ লিমিটেডৰ নৰেন্দ্ৰ সুৰনা আৰু সাই সূৰ্য্য ডেভেলপাৰ্ছৰ সতীশ চন্দ্ৰ গুপ্তাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছে । অভিযোগ অনুসৰি এই যুটিয়ে একেটা প্লট লেআউটত একাধিকবাৰ বিক্ৰী কৰি ক্ৰেতাক প্ৰতাৰণা কৰিছিল আৰু পঞ্জীয়ন সন্দৰ্ভতো মিছা প্ৰতিশ্ৰুতি দিছিল । ইডিয়ে তদন্ত আৰম্ভ কৰাৰ লগে লগে মহেশ বাবুৰ সৈতে হোৱা বিত্তীয় লেনদেনো চকুত পৰিছে । সন্দেহ কৰা হৈছে যে নগদ ধনেৰে দিয়া আনুমানিক ২.৫ কোটি টকা আৰ্থিক জালিয়াতিৰ অংশ ।