ETV Bharat / entertainment

সেও মানিলে পূব-গুৱাহাটী বিহু সন্মিলনীয়ে

অৱশেষত নিজৰ ভুলৰ বাবে দোষ স্বীকাৰ কৰিলে পূব-গুৱাহাটী বিহু সন্মিলনে । বুজাবুজিৰে সমাধান হ'ল বিতৰ্কৰ ।

East-Guwahati Bihu Summit apologises to Diganta Bharti after admitting guilt
সেও মানিলে পূৱ-গুৱাহাটী বিহুসন্মিলনীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 8:24 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অৱশেষত নিজৰ ভুলৰ বাবে দোষ স্বীকাৰ কৰিলে পূব-গুৱাহাটী বিহু সন্মিলনীয়ে । শিল্পী দিগন্ত ভাৰতী, অসম চলচ্চিত্ৰ সমাজৰ বিষয়বীয়াৰ সৈতে মিলিত হৈ গুৱাহাটীৰ গীতানগৰস্থিত হোটেল 'ঈগল গাৰ্ডেন'ত আয়োজিত এখন সংবাদমেলৰ জৰিয়তে নিজৰ ভুল স্বীকাৰ কৰিলে পূব-গুৱাহাটী বিহু সন্মিলনীৰ বিষয়ববীয়াই । দিগন্ত ভাৰতীক মঞ্চত কৰা অপমানৰ বাবে দুখ প্ৰকাশ কৰি ভৱিষ্যতে তেনেধৰণৰ কামৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিহু কমিটীখনে ।

সংবাদমেল সম্বোধন কৰি পূব-গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক সীমান্ত ঠকুৰীয়াই কয়, "আমাৰ মাজত যিটো বিবাদ হৈছিল সেইটোৰ ওপৰত যোৱানিশা আমি আলোচনাত মিলিত হৈ এটা সুস্থিৰ সিদ্ধান্তত উপনীত হৈছো ৷ ১৬ তাৰিখৰ ঘটনাত আমি দুখ প্ৰকাশ কৰি এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰে কামনা কৰিলো । শিল্পী সমাজৰ লগত সমিলমিলেৰে বিবাদৰ অন্ত পেলোৱাৰ সন্মতি প্ৰকাশ কৰিছো ।" লগতে ফিল্ম ফেটাৰনিটীক এজাহাৰ উঠাই ল’বলৈ আহ্বান চানমাৰি বিহু কমিটীৰ ।

সেও মানিলে পূব-গুৱাহাটী বিহু সন্মিলনীয়ে (ETV Bharat Assam)

আনহাতে ১৬ এপ্ৰিলৰ ঘটনাক অবাঞ্চনীয় আখ্যা দি দিগন্ত ভাৰতীয়ে কয়, "বিহু কমিটীয়ে দুখ প্ৰকাশ কৰি ভুল স্বীকাৰ কৰিছে । শিল্পী সমাজক আগত ৰাখি দুখ প্ৰকাশ কৰিছে । ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে আমিও সজাগ হ'ম । তেওঁলোকে শিল্পী সমাজক আগত ৰাখি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে । আমিও কথাবোৰ ধৰি নাথাকো । ইজনে-সিজক অসমীয়া হিচাপে আমি আঁকোৱালি ল'বই লাগিব আৰু আমাৰ এইধৰণৰ উৎসৱবোৰে যাতে আমাৰ কলাত্মক আৰু কলাসুলভ মনটোক ৰাইজৰ আগত তুলি ধৰে আৰু আমাৰ ইচ্ছাৰ যিখিনি কাম সেইখিনিক যাতে গতি দিব পাৰো, তাৰ বাবেও তেওঁলোকে হাত আগবঢ়াইছে ।"

তেওঁ লগতে কয়, "আমিও ফিল্ম ফেটাৰনিটী ছ'চাইটি অফ আছাম, চলচ্চিত্ৰ সমাজ আৰু শিল্পী সমাজে তেওঁলোকে যিটো ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিছে আমি তেওঁলোকক আগৰ দৰেই আদৰণি জনাইছো ।" লগতে সাংবাদ মাধ্যমৰ সন্মুখতে ভাস্বতী ভাৰতীৰ মাননি প্ৰদান কৰে পূব-গুৱাহাটী বিহু সমিতিয়ে । ইফালে অসম চলচ্চিত্ৰ সমাজে চানমাৰী থানাত দিয়া এজাহাৰখনো উঠাই লোৱাৰ কথা সংবাদ মেলতে ঘোষণা কৰে ।

লগতে পঢ়ক: বিহুমঞ্চত চৰম অপমান কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক - DIGANTA BHARATI CHANDMARI BIHU

দিগন্ত ভাৰতীক অপমান: জাঙুৰ খাই উঠিছে শিল্পীসমাজ - MUSIC COMPOSER DIGANTA BHARATI