ETV Bharat / entertainment

যদি গান গাব লাগে, তেন্তে বয়সৰ কথা নুসুধিব : দ্বীপেন বৰুৱা - Dwipen Baruah stage show

Dwipen Baruah : শুকুৰবাৰে মৰিগাঁৱত অনুষ্ঠিত এটি সংগীতানুষ্ঠানত নিজৰ গীতেৰে উপস্থিত দৰ্শকক মুহিলে সংগীত শিল্পী দ্বীপেন বৰুৱাই ৷ চাওক অনুষ্ঠানটিৰ পৰা এই বিশেষ ভিডিঅ’টি-

Dwipen Baruah performs at a musical event in morigaon
দ্বীপেন বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 21, 2024 at 5:18 PM IST

2 Min Read
Choose ETV Bharat

ধিং, 21 ছেপ্টেম্বৰ : মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সহযোগত শুকুৰবাৰে অনুষ্ঠিত হয় ‘স্বচ্ছতাই সেৱা 2024 ’ শীৰ্ষক এটি অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত গীত পৰিৱেশন কৰে চিৰসেউজ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই । দ্বীপেন বৰুৱাৰ সংগীত উপভোগ কৰিবলৈ বহুসংখ্যক লোক উক্ত অনুষ্ঠানত সমবেত হয় ৷ সকলোৱে বহা ঠাইৰ পৰাই নাচি নাচি দ্বীপেন বৰুৱাৰ সংগীত উপভোগ কৰে ৷ কালি আছিল বহু কালজয়ী গীতৰ স্ৰষ্টা জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী ৷ ৰাণা দা হিচাপে পৰিচিত জয়ন্ত হাজৰিকাৰ 81 সংখ্যক জন্ম জয়ন্তীত তেওঁৰ এটি গীতেৰেই এই অনুষ্ঠানৰ পাতনি মেলে বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে ৷

অনুষ্ঠানৰ অন্তত শিল্পীগৰাকীয়ে সাংবাদিকৰে সৈতে মনৰ ভাৱো শ্বেয়াৰ কৰে ৷ তেওঁ কয় যে বহুতে তেওঁক তেওঁৰ চেহেৰা আৰু কণ্ঠ ইমান একেই হৈ থকাৰ আঁৰৰ ৰহস্য সোধে ৷ উত্তৰত তেওঁ কয়- ওপৰৱালাইহে সকলো জানে ৷ বহুতে তেওঁক বয়সৰ কথাও সোধে ৷ ‘গান যদি গায়ে থাকিব লাগে, তেন্তে বসয়ৰ কথা মোক নুসুধিব’ বুলি তেওঁ প্ৰত্যুত্তৰ দিয়াৰ কথাও উল্লেখ কৰে ৷ ৰাইজৰ ভাষাত 25 বছৰ আগতে তেওঁ যেনেকুৱা আছিল আজিও একেই আছে ।

শুকুৰবাৰে মৰিগাঁৱত অনুষ্ঠিত এটি সংগীতানুষ্ঠানত দ্বীপেন বৰুৱা (ETV Bharat Assam)

লগতে পঢ়ক : বিপ্লৱী মনৰ সমাজ সংস্কাৰক তথা সংগীতেৰে সমন্বয়ৰ বাট কাটিব খোজা এজন যুৱশিল্পী - Humayun Choudhury interview

সাংবাদিকৰ আগত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰো প্ৰশংসা কৰে তেওঁ ৷ দৰ্শকৰ সঁহাৰি দেখি মঞ্চ এৰিবলৈ মন নাছিল কিন্তু নিজৰ বেণ্ডটো নহাৰ কাৰণে তেওঁ সোনকালেই সামৰণি পেলাই বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, মৰিগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হোৱা "স্বচ্ছতাই সেৱা 2024" অভিযান অনুষ্ঠানৰ সন্ধিয়া অসমৰ চিৰসেউজ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই পৰিবেশন কৰা গীতত মন্ত্ৰমুগ্ধ অনুৰাগী সমাজ । ৰাণাদাৰ 81 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি কণ্ঠশিল্পীগৰাকীয়ে জয়ন্ত হাজৰিকাৰ এটি গীতেৰে আৰম্ভ কৰা সংগীতানুষ্ঠানত পৰিবেশন কৰিছিল এটাৰ পাছত এটাকৈ জনপ্ৰিয় গীত । আনহাতে স্বচ্ছতাই সেৱা অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সংগীত শিল্পীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন - Jayanta Hazarika birth anniversary