হিন্দী ছবিৰ বাবে পুনৰ থমকি ৰ'বলগীয়া হ'ল অসমীয়া ছবি
আজি মুক্তি লাভ কৰিলে দুখনকৈ অসমীয়া ছবি 'কলাজ' আৰু 'কিয় ?' । 'কলাজ'ৰ পৰিচালনা অমৰদীপ গগৈৰ আনহাতে 'কিয়'ৰ পৰিচালনা অপৰূপ আগৰৱালাৰ ।

Published : August 2, 2025 at 2:50 PM IST
গুৱাহাটী: শুকুৰবাৰে মুক্তিলাভ কৰিলে দুখনকৈ অসমীয়া ছবিয়ে । ৭০-৮০দশকৰ এভাগ কাহিনীলৈ মুক্তিলাভ কৰে এখন অসমীয়া ছবি 'কলাজ' আৰু আনখন অসমীয়া ছবি হ'ল নটসূৰ্য্য ফণী শৰ্মাৰ কালজয়ী নাটকৰ আধাৰত নিৰ্মিত ছবি 'কিয় ?' ।
মুক্তিপালে অসমীয়া ছবি 'কলাজ'
অমৰদীপ গগৈৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত 'কলাজ' ছবিখনৰ কাহিনী তথা প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ । ৭০-৮০দশকৰ সেই সময়ছোৱাৰ বাস্তৱিক কাহিনীসমূহক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । সেইসময়ত চলি থকা অৰাজকতা, নক্সালবাদ, আলফা স্বাধীনৰ গঠন আৰু অসম আৰক্ষীৰ দমনমূলক অভিযান আৰু এই আটাইবোৰ পৰিস্থিতিৰ মাজত অসমৰ সাধাৰণ জনতা কেনেদৰে জৰ্জৰিত হৈছিল অথবা তেওঁলোকৰ অব্যক্ত কিছু কাহিনী দৰ্শকে দেখিবলৈ পাব 'কলাজ'ত ।

কিন্তু হিন্দী ছবিৰ বাবে ছবিগৃহ লাভৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল 'কলাজ' । 'চন অফ চৰ্দাৰ 2' আৰু 'ধৰক 2' ৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ছবিগৃহ লাভৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল ছবিখন । এই সন্দৰ্ভত ছবিখনৰ পৰিচালক অমৰদীপ গগৈৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কয়,"আমি সমগ্ৰ অসমতে ৩০ টা ছবিগৃহত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছিলোঁ । কিন্তু আমি তাৰ পৰিৱৰ্তে কেৱল ১৪ টা ছবিগৃহহে লাভ কৰিলোঁ । এয়া আমাৰ বাবে অতি দুখজনক খবৰ ।"
তেওঁ লগতে কয়,"শিৱসাগৰ, যোৰহাট, নগাঁও, বিশ্বনাথ চাৰিআলি, মৰাণ আদিকে ধৰি উজনি অসমৰ প্ৰায়কেইটা ছবিগৃহতে আমি নাই পোৱা । নামনি অসমত কেইটামান ছবিগৃহ পাইছোঁ যদিও গুৱাহাটীত আমি ৭ টা ছবিগৃহ বিচাৰিছিলোঁ তাৰে ৩ টা হে পালোঁ । ৰাইজৰ ওপৰত আশা ৰাখিছোঁ ৰাইজে 'কলাজ'খন চাওক আৰু আমাক অকমান উৎসাহিত কৰক, 'কলাজ' চাই যে ভাল পাব সেইয়া পৰিচালক হিচাপে মোৰ অকণমান হ'লেও আত্মবিশ্বাস আছে ।"
ছবিখনত অভিনয় কৰিছে কুল কুলদীপ, ৰাজীৱ কলিতা, দীপজ্যোতি কাকতি, মেঘালী কলিতা, দীপক তাঁতী, অপু অপূৰ্ব বৰ্মন, ৰাজু ৰয়, অন্তৰা জি জি চৌধুৰী, বিদ্যা ভাৰতী, কৃষ্ণা কল্যাণী, কাব্যশ্ৰী হাজৰিকা, লক্ষ্যজিত বৰুৱা, বিশ্বজিৎ বৰা, মহেন্দ্ৰ দাস, তুলিকা ৰাজখোৱা, অভয় দিচাং, প্ৰাণজিৎ, বিনোদ লাল দাস, দিলীপ গগৈৰ লগতে বিশাল গগৈয়ে ।
ছবিখনত সংগীতৰ দায়িত্ব বহন কৰিছে সৌৰভ মহন্তই, শব্দ গ্ৰহণ আৰু মিশ্ৰণ দেৱজিত গায়নৰ, ডি আই ঘনশ্যাম কলিতাৰ । সম্পাদনা ডৰেন্দ্ৰ অৰেবাম সিঙৰ, ৰূপসজ্জা পলি গগৈ । ইফালে ছবিখনৰ চিত্ৰগ্ৰহণ নাহিদ আহমেদৰ । মুক্তিৰ পূৰ্বে ছবিখনে কেইবাটাও শিতানত ইতিমধ্যে সপ্তম শৈলধৰ বৰুৱা আৰু প্ৰথম গুৱাহাটী এছিয়ান ছবি মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
মুক্তি পালে অসমীয়া ছবি 'কিয় ?'
আজি মুক্তি লাভ কৰিলে নটসূৰ্য্য ফণী শৰ্মাৰ কালজয়ী নাটকৰ আধাৰত নিৰ্মিত ছবি 'কিয় ?' । শ্ৰী হৰিবিলাস মুভিজৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ভতিজা অপৰূপ আগৰৱালাৰ । মুক্তি লাভ কৰাৰ পূৰ্বেই ইতিমধ্যে বাৰ্লিন কিয়েজ ফিল্ম ফেষ্টিভেলৰ 'বেষ্ট ফাৰ্ষ্ট টাইম ডিৰেক্টৰ এৱাৰ্ড' লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে । ৰাজ্য প্ৰায় ২০ টা ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে ।

অপৰূপ আগৰৱালাৰ পৰিকল্পনা, চিত্রনাট্য, পৰিচালনা আৰু সংগীতৰে নিৰ্মাণ কৰা ছবিখনৰ চিনেমেটোগ্রাফী সুমন দুৱৰাৰ । কলা নির্দেশনা কৰিছে কুলেন বৰাই, শব্দ দেবজিৎ গায়নৰ । সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰে । পাৰ্থ দত্ত, প্ৰাইমৰোজ শইকীয়া, উদয়ন গোস্বামী, নবা বৰুৱা, ভূপেন শৰ্মা, সুজিত শৰ্মা, উজ্জ্বল শইকীয়া, পলাশ্ৰী দাস, প্ৰীতি খাউণ্ড মহন্ত, প্ৰশান্ত বৰা, অনিমা কলিতা বৰদলৈ, ৰসমিতা ভূঞা, তিলক নাথ, পূৰ্বশ্ৰী আগৰৱালা, মিনু তিব্ৰেৱাল, ভাৰ্গৱ কলিতা বৰা আদিকে ধৰি একাংশ কলা-কুশলীয়ে অভিনয় কৰিছে ছবিখনত ।

