ETV Bharat / entertainment

দিশা ছালিয়ানৰ মৃত্যুৰ চি বি আই তদন্ত বিচাৰিছে পিতৃয়ে: দিশাৰ পিতৃক সমৰ্থন সুশান্ত সিং ৰাজপুতৰ পিতৃৰো

২০২০ চনত মুম্বাইৰ মালাদত দিশাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল । ইয়াৰ ৬ দিনৰ পাছত সুশান্তৰ মৃতদেহো উদ্ধাৰ হৈছিল তেওঁৰ বান্দ্ৰাৰ বাসগৃহত ।

DISHA SALIAN DEATH CASE
দিশা ছালিয়ান (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : March 21, 2025 at 3:51 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দিশা ছালিয়ানৰ সন্দেহজনক মৃত্যুৰ সৈতে জড়িত এটা নতুন আপডেট, সুশান্তৰ পিতৃ কে কে সিঙে দিশাৰ পিতৃ সতীশ ছালিয়ানে দাখিল কৰা আবেদনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে । সতীশ ছালিয়ানে কন্যাৰ মৃত্যুত CBI তদন্ত বিচাৰিছে । ২০২৫ চনৰ ১৯ ​​মাৰ্চত বম্বে উচ্চ ন্যায়ালয়ত এই আবেদন দাখিল কৰা হয় ৷ আবেদনে দিশাৰ ৰহস্যজনক মৃত্যুৰ নতুন তদন্তৰ প্ৰয়োজনীয়তা আৰু লুকুৱাই ৰখা বহু গুৰুত্বপূৰ্ণ তথ্য বাহিৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সিঙে এই সন্দৰ্ভত এটা সংবাদ সংস্থাৰ আগত মতামত প্ৰকাশ কৰে যে ই দিশা আৰু তেওঁৰ পুত্ৰ সুশান্তৰ মৃত্যু সন্দৰ্ভত এক স্পষ্ট বাৰ্তা দিব । তেওঁ কয়, "তেওঁ (সতীশ ছালিয়ানে) যি কৰিছে সেয়া সঠিক, যদি ইয়াৰ জৰিয়তে আমি এইটো আত্মহত্যা নে হত্যা সেই বিষয়ে সিদ্ধান্ত ল'ব পাৰো আৰু সুশান্তৰ সৈতে কি ঘটিছিল জানিব পাৰো, সেয়া ভাল হ'ব ।"

অভিনেতাজনৰ পিতৃয়ে লগতে কয় যে সতীশ ছালিয়ানে কিয় আবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে সেই বিষয়ে তেওঁ অৱগত নহয় ৷ তেওঁ কেৱল দিশাৰ মৃত্যুৰ পুনৰ তদন্তৰ পক্ষত আছে ৷ ইতিমধ্যে মুম্বাই আৰক্ষীয়ে এই ঘটনাক নিজকে শেষ কৰিবলৈ লোৱাৰ চেষ্টা নতুবা দুৰ্ঘটনা বুলি ৰায় দিছিল । সিঙে মন্তব্য কৰে যে যে দিশাৰ পিতৃয়ে এই কথা মানি লৈছিল যদিও এতিয়া তেওঁ নিশ্চিত নহয় আৰু তেওঁৰ কন্যাৰ মৃত্যুৰ পুনৰ তদন্ত বিচাৰিছে ।

দিশাৰ মৃত্যু কিবা কাৰণত তেওঁৰ পুত্ৰৰ মৃত্যুৰ সৈতে জড়িত নেকি বুলি সোধাত সিঙে কয়, "মই একো ক'ব নোৱাৰো, মই নজনা বিষয় এটাৰ ওপৰত কেনেকৈ ক'ম ?" সকলো জল্পনা-কল্পনাই দুয়োটা মৃত্যুৰ ঘটনা কোনোবা নহয় কোনোবা প্ৰকাৰে সম্পৰ্কিত বুলি অনুমান হয়, সেয়ে সিঙে প্ৰকাশ কৰে যে এই কাণ্ডৰ অতি সতৰ্কতাৰে তদন্তৰ প্ৰয়োজন ।

তদুপৰি, সিঙে মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ ওপৰত আস্থা ব্যক্ত কৰি আশা কৰে যে ৰাজ্য চৰকাৰে বিষয়টোত দ্ৰুত আৰু ন্যায়সংগত পদক্ষেপ ল'ব । তেওঁ আশা প্ৰকাশ কৰে যে তদন্তৰ ফলত মৃত্যুৰ আঁৰৰ সত্য ওলাই পৰিব আৰু শোকাস্তব্ধ পৰিয়াল দুটাই সকাহ লাভ কৰিব ।

২০২০ চনৰ ৮ জুনত মুম্বাইৰ মালাদত দিশাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল । ইয়াৰ ৬ দিনৰ পাছত ২০২০ চনৰ ১৪ জুনত সুশান্তৰ মৃতদেহ উদ্ধাৰ হয় তেওঁৰ বান্দ্ৰাৰ বাসগৃহত । দুটা ঘটনাৰ সন্দেহজনক স্বৰূপে এই সকলোবোৰ সম্পৰ্কিত বুলি মানুহৰ মাজত চৰ্চা লাভ কৰি আহিছে ।

(যদি আপুনি নিজকে শেষ কৰাৰ কথা চিন্তা কৰিছে, বা কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সহায়ৰ প্ৰয়োজন হৈছে, তেন্তে শুনিবলৈ কোনোবা সদায় থাকে । স্নেহা ফাউণ্ডেশ্যন - ০৪৪২৪৬৪০০৫০( 04424640050) (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অফ ছ’চিয়েল ছায়েন্স হেল্পলাইন - ৯১৫২৯৮৭৮২১(9152987821), যিটো সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ফোন কৰক ।

লগতে পঢ়ক : ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আহ্বান