সুমন অধিকাৰীৰ 'মিশমী'ত মুখ্য চৰিত্ৰত ফ্ল’ৰিনা গগৈ
যেতিয়া কল্পনাৰ ৰঙীন দুনীয়াখন বাস্তৱৰ সৈতে মুখামুখি হয়...‘মিশমী’ত ১০ বছৰীয়া শিশুৰ দৃষ্টিকোণৰ পৰা সৰলতা আৰু আৱেগৰ এক অনন্য যাত্ৰা দৰ্শকৰ বাবে লৈ আহিছে নিৰ্মাতাই ৷

By ETV Bharat Entertainment Team
Published : October 13, 2025 at 2:21 PM IST
|Updated : October 13, 2025 at 2:26 PM IST
হায়দৰাবাদ : এটা কথা প্ৰাপ্তবয়স্কৰ পৰা সদায় শুনা যায় যে সপোন নেদেখিলে সপোন বাস্তৱায়িত কৰাৰ সাহস নাথাকে । পিছে বহু সময়ত কল্পনাৰ জগতখনৰ ৰঙীন ধেমালিবোৰ বাস্তৱৰ সৈতে বহুত কটু ৰূপত মুখামুখি হয় ।
সেই কল্পনা আৰু বাস্তৱৰ মাজৰ কাহিনীয়েই ‘MISHMI’ৰ জৰিয়তে লৈ আহিছে পৰিচালক সুমন অধিকাৰীয়ে । চিনেমাখনৰ চৰিত্ৰসমূহৰ প্ৰথম আভাস প্ৰকাশ পাইছে।
পৃষ্ঠভূমি
নদীদ্বীপ মাজুলীলৈ যোৱা ১০ বছৰীয়া এটি কন্যাশিশুৰ যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । এই যাত্ৰাত পৰিচালকৰ কেমেৰাৰ লেন্সে কল্পনা আৰু বাস্তৱৰ মাজৰ সূক্ষ্ম বা ধূসৰ ৰেখাবোৰ ধৰি ৰাখে । দহ বছৰীয়া মিশমী প্ৰতিভাশালী, সৃষ্টিশীল, বিস্ময়ৰে ভৰা । তাইৰ সপোনৰ জগতখনত ৰঙা-নীলা-সেউজীয়া ৰঙবোৰৰ সৈতে খেলি ভাল পায় । তাইৰ জীৱনৰ আটাইতকৈ মৰমৰ মানুহগৰাকী হ’ল তাইৰ আইতাক ।
প্ৰতিদিনে তাই সাধুকথা আৰু সপোনৰ ৰাজকুমাৰৰ সৈতে মৌনতাৰে কথা পাতি সময় কটায় । নিস্তব্ধ পুখুৰীত শিল পৰাৰ দৰে হঠাৎ মিশমীৰ সপোনৰ ঘৰতো শিল এটা পৰি যায় ।
কল্পনাৰ বাহিৰত জীৱনৰ কঠোৰ সত্যক কেনেকৈ মানি ল’ব কণমানি মিশমীয়ে ? এই চিনেমাখনে সেই কাহিনীয়েই উপস্থাপন কৰিব ।
পৰিচালক সুমনৰ ভাষাত "এই ছবিখনৰ জৰিয়তে মই সৰলতা আৰু কল্পনাৰ বিকাশক উজ্জ্বল কৰি তুলিব বিচাৰিছো । কল্পনাই আমাৰ বাস্তৱতাক কেনেকৈ পোহৰলৈ আনে সেয়া চিনেমাৰ ৰূপত ক'ব বিচাৰিছিলো । মাজুলীৰ নিস্তব্ধ প্ৰাকৃতিক দৃশ্যৰ পটভূমিত নিৰ্মিত এই ছবিখনে শিশুৰ দৃষ্টিকোণৰ পৰা সৰলতা আৰু আৱেগৰ এক বেলেগ যাত্ৰাৰ বৰ্ণনা কৰিছে ।"
মূল চৰিত্ৰত কোন?
ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে শংকলিতা ৰয়ে । সুবীৰ দত্ত প্ৰডাকশ্যন আৰু বাৰাট ৰেচ ফ্ৰেমৰ দ্বাৰা প্ৰযোজিত ছবিখন । অভিনয় কৰিছে ফ্ল’ৰিনা গগৈ, সুস্মিতা মুখাৰ্জী, অথৰ্ব বিশ্বকৰ্মা, পাৰ্থ দত্ত, মনোজ বৰঠাকুৰ, সিদ্ধাৰ্থ মুখাৰ্জী আৰু শংকলিতা ৰয়ে ।
অহা বছৰ মুক্তি পাব ‘মিশমী’ । তাৰিখ এতিয়াও নিৰ্ণয় কৰা হোৱা নাই । অৱশ্যে তাৰ পূৰ্বে বহুকেইটা চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰা হ’ব বুলি পৰিচালকে প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : আৰ্থিক সংকটত ভুগিছে গুৰুতৰভাৱে অসুস্থ বাঁহীবাদক দীপক শর্মাই; মুখ্যমন্ত্ৰীৰ দ্বাৰা ৫ লাখ টকাৰ চেক প্ৰদান

