Bihar Election Results 2025

ETV Bharat / entertainment

ৰাজনীতিত প্ৰৱেশ ৰাম গোপাল বাৰ্মাৰ, পৱন কল্যাণৰ বিৰুদ্ধে পিঠাপুৰমৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব

Pawan Kalyan Vs RGV: ‘ৰংগীলা’ আৰু ‘চৰকাৰ’ৰ দৰে ছবি পৰিচালনা কৰা পৰিচালক ৰাম গোপাল বাৰ্মাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে ।

Director Ram Gopal Varma announces his entry into politics
ৰাজনীতিত প্ৰৱেশ ৰাম গোপাল বৰ্মাৰ
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 7:45 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: ৰাজনীতিত প্ৰৱেশ চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বাৰ্মাৰ ৷ ৰাম গোপাল বাৰ্মাই নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । নিজৰ সিদ্ধান্তক হঠাৎ সিদ্ধান্ত বুলি অভিহিত কৰি তেওঁ লিখিছে, "হঠাৎ সিদ্ধান্ত... মই জনাবলৈ পাই সুখী যে মই পিঠাপুৰমৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছো ।"

কিন্তু মনকৰিবলগীয়া কথা যে, পৱন কল্যাণেও এই আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে । তেলুগু অভিনেতা তথা জনসেনা পাৰ্টিৰ নেতা পৱন কল্যানেও অন্ধ্ৰপ্ৰদেশ নিৰ্বাচনৰ পৰিকল্পনাৰ বিষয়ে কৈছে । পৱন কল্যাণৰ দল জনসেনাৰ অফিচিয়েল এক্স হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছে । ইয়াৰ কেপচনত তেওঁ লিখিছে, ‘‘মই পিঠাপুৰমৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ম ।’’

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ অৰ্থ এয়া যে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণ আৰু ছবি নিৰ্মাতা ৰাম গোপাল বাৰ্মাই একেখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । অন্ধ্ৰ প্ৰদেশৰ বিধানসভাৰ আসন পিঠাপুৰম আৰু ইয়াৰ পৰা ৰাম গোপাল বাৰ্মাই পৱন কল্যাণৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব । ৰাম গোপাল বাৰ্মাই কোন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেই সম্পৰ্কে তথ্য প্ৰকাশ কৰা নাই যদিও পৱন কল্যানে নিজৰ জনসেনা দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । খবৰ অনুসৰি বিধানসভা নিৰ্বাচনৰ বাবে জনসেনা পাৰ্টিয়ে মুঠ ১৭৫খন আসনৰ ভিতৰত ২১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে বিজেপিয়ে ১০ খন আসনৰ পৰা আৰু টিডিপিয়ে ১৪৪খন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

  • \

ৰাম গোপাল বৰ্মাৰ ছবি

৬১ বছৰীয়া ৰাম গোপাল বৰ্মা বলীউডৰ এজন সুপৰিচিত চলচ্চিত্ৰ পৰিচালক-প্ৰযোজক । তেওঁ সত্য, কাতৰা, ৰংগীলা, সৰকাৰ, কৌন, ৰক্ত চৰিত্ৰ, কোম্পানী, বীৰপ্পন, ভূত আদি ছবি নিৰ্মাণ কৰিছে । ৰাম গোপাল বৰ্মাই বেছিভাগে ছাচপেন্স-থ্ৰিলাৰ ছবি নিৰ্মাণ কৰিছে । ৰাম গোপাল বৰ্মাই দক্ষিণ উদ্যোগতো কাম কৰি আহিছে ।

পৱন কল্যানৰ ছবি

৫২ বছৰীয়া অভিনেতা পৱন কল্যাণ মূলতঃ তেলুগু অভিনেতা । তেলুগুৰ উপৰিও তেওঁ তামিল আৰু কানাড়া ছবিতো কাম কৰি আহিছে । পৱন কল্যাণৰ হিন্দী ডাবিং চিনেমাবোৰো মানুহে খুব ভাল পায় ।

লগতে পঢ়ক: CAA ক লৈ দুটা ভাগত বিভক্ত হ’ল ছবিজগত, জানো আহক কোনে কোনে কৰিছে বিৰোধিতা