ETV Bharat / entertainment

শীঘ্ৰে আহি আছে এখন নতুন অসমীয়া ছবি ‘ভাকুটকুট’

‘ভূত জলকীয়া’ ৰ পিছত এইবাৰ পৰিচালক চিন্ময় শৰ্মাৰ পৰিচালনাৰে আহি আছে নতুন অসমীয়া ছবি ‘ভাকুটকুট’। ইতিমধ্যেই আৰম্ভ হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ ৷

director Chinmoy Sarmah is ready to make audience laugh with his upcoming assamese comedy movie bhakutkut
অসমীয়া ছবি ‘ভাকুটকুট’ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 19, 2025 at 11:59 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : শীঘ্ৰে আহি আছে আন এখন নতুন অসমীয়া ছবি । ‘ভূত জলকীয়া’ ৰ পিছত পৰিচালক চিন্ময় শৰ্মাৰ পৰিচালনাত এইবাৰ দৰ্শকে দেখিবলৈ পাব নতুন অসমীয়া ছবি ‘ভাকুটকুট’ ৷ সাই ক্ৰিয়েটিভ ফিল্মছ আৰু গ্ৰীণ গ্ৰাছ ফিল্মছৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া এই নতুন অসমীয়া ছবিখনৰ কাহিনী চিন্ময় শৰ্মাৰ । ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ ।

এখন গাঁৱৰ এটুকুৰা মাটি, সেই গাঁওখনৰেই কেইটামান চৰিত্ৰক লৈ নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনীভাগ । ছবিখন সন্দৰ্ভত কিছু কথা জানিবলৈ পৰিচালক চিন্ময় শৰ্মাৰ কাষ চাপিছিল ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি ৷ এক চমু টেলিফোনিক বাৰ্তালাপত পৰিচালক চিন্ময় শৰ্মাই জনাই কিছু কথা । ছবিখনৰ কাহিনীভাগ বৰ বেছিকৈ প্ৰকাশ কৰাৰ পৰা বিৰত থাকি তেওঁ মাত্ৰ ছবিখনৰ আধাৰ সন্দৰ্ভত কয়, “বেংগালুৰুৰ পৰা অসমলৈ উভতি অহা এটা পৰিয়াল তেওঁলোকৰ গাঁৱলৈ যায় আৰু গাঁওখনত তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ লোক, বন্ধুবৰ্গক লগ পায় । সেই পৰিয়ালটোৰ গোটেই গাঁৱৰ আত্মীয়, বন্ধুবৰ্গক সামৰি হাস্যমধুৰ ধাৰাত ছবিখন নিৰ্মাণ কৰা হৈছে ।”

আনহাতে এতিয়া তেজপুৰত পূৰ্ণগতিত চলি আছে ছবিখনৰ দৃশগ্ৰহণ । ছবিখনত অভিনয় কৰিছে ক্ৰমে মৃদুল চুতীয়া, প্ৰতিভা চৌধুৰী, দ্বীপজ্যোতি কাকতি, দ্বীপ কলিতা, জয়শ্ৰী ভূঞা, মনোজ বৰকটকী, দৰথী ভৰদ্বাজ, কৌশিক নাথ, বীনা পটংগীয়া, পৰাগ বৰুৱা, হিমাংশু প্ৰসাদ দাস, প্ৰিয়ংকা বৰঠাকুৰ, কাব্যশ্রী হাজৰিকা, বিশাল ওঝা, ভাৰ্গৱ কে বৰা, মানস শইকীয়া আদিকে ধৰি আৰু বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে জোশী শইকীয়া আৰু শব্দগ্ৰহণ কৰিছে দিকি শইকীয়াই । উল্লেখ্য যে, বিগত বৰ্ষত পৰিচালক চিন্ময় শৰ্মাৰ পৰিচালনাৰে মুক্তি লাভ কৰিছিল অসমীয়া ছবি ‘ভূত জলকীয়া’ । ‘ভূত জলকীয়া’ৰ দৰে দৰ্শকে ‘ভাকুটকুট’কো আদৰি ল’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

New assamees film
অসমীয়া ছবি ‘ভাকুটকুট’ (Photo : ETV Bharat Assam)

লগতে পঢ়ক : ভোট-জলকীয়াৰ জলা নহয় এইবাৰ ভূত-জলকীয়াৰ থ্ৰীলাৰ চাবলৈ সাজু হওক - Chinmoy Sarmah Bhoot Jolokiya