ETV Bharat / entertainment

বৰ্ডাৰ 2 ত সৈনিকৰ ৰূপত গায়ক দিলজিৎ দোছাঞ্জ - Sunny Deol Border 2

Diljit Dosanjh in Border 2: জনপ্ৰিয় গায়ক দিলজিৎ দোছাঞ্জৰ অনুৰাগীসকলৰ বাবে ভাল খবৰ । দিলজিৎ দোছাঞ্জে ছানী দেউলৰ আটাইতকৈ প্ৰশংসিত ছবি বৰ্ডাৰ 2 ত অভিনয় কৰিব ৷ এজন সৈনিক ৰূপে সীমান্তত শত্ৰুৰ সৈতে মোকাবিলা কৰিব ।

Diljit Dosanjh enters as a Fauji Sunny Deol Border 2 after Varun Dhawan
বৰ্ডাৰ 2 ত দিলজিৎ দোছাঞ্জ (ANI)
author img

By ETV Bharat Assamese Team

Published : September 6, 2024 at 5:11 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ : ছানী দেউল অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি ‘বৰ্ডাৰ 2’ ৰ তাৰকাৰ নাম এটাৰ পিছত এটাকৈ প্ৰকাশ কৰি আছে নিৰ্মাতাই । বৰুণ ধৱনৰ কথা প্ৰকাশ কৰিছিল কিছু সময় পূৰ্বে । এই খবৰৰ পিছত বৰুণ ধৱনৰ অনুৰাগীসকলৰ মাজত সুখৰ জোৱাৰ উঠিছিল । ছবিখনৰ কাম দ্ৰুত গতিত চলি আছে আৰু এতিয়া ছবিখনৰ পৰা আন এটা ভাল খবৰ শুনিবলৈ পোৱা গৈছে । পাঞ্জাবী তাৰকা তথা জনপ্ৰিয় গায়ক দিলজিৎ দোছাঞ্জে ছবিখনত প্ৰৱেশ কৰিছে । ছ’চিয়েল মিডিয়াত ছানী দেওলে ছবিখনত দিলজিৎ দোছাঞ্জৰ প্ৰৱেশৰ কথা ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে ছানীয়ে বৰুণৰ প্ৰৱেশৰ কথা ঘোষণা কৰিছিল ।

বৰ্ডাৰ 2 ৰ নিৰ্মাতাসকলে দিলজিৎ দোছাঞ্জক আদৰণি জনাই এটা ভিডিঅ’ আপলোড কৰিছে । অনুৰাগ সিঙে পৰিচালনা কৰিছে বৰ্ডাৰ 2 ছবিখন । বৰ্ডাৰ 2 ৰ প্ৰযোজকসকল হৈছে ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ, জে পি দত্ত, নিধি দত্ত । 2026 চনৰ 23 জানুৱাৰীত ৰিপাব্লিক উইকেণ্ডত মুক্তি পাব ছবিখন । ছানী ,বৰুণ আৰু এতিয়া দিলজিতৰ বাহিৰে আন কোনো তাৰকাৰ কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বৰ্ডাৰ 2 ৰ বাবে অপেক্ষা কৰি থকা চিনেমাপ্ৰেমীসকলক সময়ে সময়ে আচৰিত কৰি আহিছে নিৰ্মাতাই । দিলজিৎ দোছাঞ্জে ছবিখনত সৈনিক হৈ শত্ৰুৰ বিৰুদ্ধে যুঁজ দিব ।

ইয়াৰ পূৰ্বে ছানী দেওলে 12 জুন, 2024 তাৰিখে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ পোষ্টত লিখিছিল, ‘কাইলৈ এটা ৰোমাঞ্চকৰ ঘোষণা হ'ব, আপুনি ক'ব পাৰিবনে ?’ এই পোষ্টটোৱে ছানীৰ অনুৰাগীসকলৰ হৃদস্পন্দন বৃদ্ধি কৰে আৰু 13 জুনত বৰ্ডাৰ 2 চলচ্চিত্ৰৰ নাম ঘোষণা কৰা হয় ।

আনহাতে, 2023 চনৰ 11 আগষ্টত মুক্তি পোৱা ‘গদৰ 2’ ছবিখনে বক্স অফিচত 600 কোটি টকাৰ ব্যৱসায় কৰে । ছানী দেওলৰ কেৰিয়াৰৰ আটাইতকৈ হিট আৰু লাভজনক ছবি বুলি ক’ব পাৰি ‘গদৰ 2’ ।

লগতে পঢ়ক : বৰ্ডাৰ 2ত বৰুণ ধৱন: নেটিজেনৰ মিশ্ৰিত প্ৰতিক্ৰিয়া - Sunny Deol Border 2