ETV Bharat / entertainment

'হাজাৰ উত্তৰতকৈ মোৰ মৌনতাই ভাল...', কনচাৰ্টত ড৹ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি দিলজিৎ দোছাঞ্জৰ

পাঞ্জাবী গায়ক-অভিনেতা দিলজিৎ দোছাঞ্জে তেওঁৰ দিল-লুমিনাটী ইণ্ডিয়া ট্যুৰ ২০২৪ ৰ শেষৰটো কনচাৰ্ট ড৹ মনমোহন সিঙৰ নামত উৎসৰ্গা কৰে । ভিডিঅ’টো চাওক...

DILJIT DOSANJH ON DR MANMOHAN SINGH
ড৹ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি দিলজিৎ দোছাঞ্জৰ (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : December 30, 2024 at 1:05 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : পাঞ্জাবী গায়ক-অভিনেতা দিলজিৎ দোছাঞ্জে তেওঁৰ দিল-লুমিনাটী ইণ্ডিয়া ট্যুৰ ২০২৪ ৰ শেষৰ কনচাৰ্টটো আৰু অধিক বিশেষ কৰি তুলিলে ৷ শেষৰ কনচাৰ্টটো প্ৰয়াত ড৹ মনমোহন সিঙৰ নামত উৎসৰ্গা কৰে শিল্পীগৰাকীয়ে । কণ্ঠশিল্পীগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ এটি বিখ্যাত কবিতা আবৃত্তি কৰি সন্ধ্যাটো তেওঁৰ নামত উৎসৰ্গা কৰে । এই ভিডিঅ’টো ছচিয়েল মিডিয়াত অতিকে ভাইৰেল হৈ পৰিছে । সংগীতানুষ্ঠানটো গুৱাহাটীত অনুষ্ঠিত হয় ৷

দেওবাৰে, দিলজিৎ দোছাঞ্জে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত দিল-লুমিনাটী শ্ব'ৰ অন্তিম কনচাৰ্টৰ এটা হৃদয়স্পৰ্শী ভিডিঅ’ পোষ্ট কৰে আৰু শিৰোনামটোত লিখে, "আজিৰ সংগীতানুষ্ঠানটো ড৹ মনমোহন সিংজীক উৎসৰ্গিত । দিল-লুমিনাটী ভ্ৰমণ বৰ্ষ '২৪ ।" ভিডিঅ’টোত দিলজিতে ড৹ মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে । তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এটা কবিতা গাই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ড৹ মনমোহন সিঙৰ সৰলতাৰ কথা উল্লেখ কৰি দিলজিতে কয়, "আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ড৹ মনমোহন সিঙে অতি সহজ জীৱন যাপন কৰিছিল । যদি মই তেওঁৰ জীৱনৰ যাত্ৰাটোলৈ চাওঁ, তেন্তে তেওঁ ইমানেই সহজ-সৰল জীৱন কটালে যে কোনোবাই তেওঁৰ বিষয়ে বেয়াকৈ ক’লেও তেওঁ কেতিয়াও প্ৰত্যুত্তৰ নিদিলে । কিন্তু ৰাজনীতিৰ কেৰিয়াৰত এইটোৱেই আটাইতকৈ কঠিন কাম । কেৱল ড৹ মনমোহন সিঙেই একমাত্ৰ, যিয়ে কেতিয়াও কাকো উত্তৰ দিয়া নাই । এই কথা আমি তেওঁৰ জীৱনৰ পৰা শিকিব লাগে ।"

দিলজিৎ দোছাঞ্জে ড৹ মনমোহন সিঙৰ এটা কবিতাৰ কথা মনত পেলাই কয়, "তেওঁ প্ৰায়ে এটা কবিতা গাইছিল যে হাজাৰ উত্তৰতকৈ মোৰ মৌনতাই ভাল, মই নাজানো কিমান প্ৰশ্নই মোৰ সন্মান ৰাখিছে...মই ভাবো আজিৰ যুৱক-যুৱতীসকলে এই কথা শিকিব লাগে । আমি এইটোও শিকিব লাগে যে আপোনাৰ লগত যিমানেই বেয়া ব্যৱহাৰ নকৰক কিয়, যিমানেই আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা নকৰক কিয়, আপোনাৰ লক্ষ্য স্পষ্ট হ’ব লাগে, আপুনি নিজৰ কামত মনোনিৱেশ কৰিব লাগে । কাৰণ আপোনাৰ বিষয়ে বেয়াকৈ কোৱা ব্যক্তিজনো ঈশ্বৰৰ এটা ৰূপ । আপোনাক মাত্ৰ পৰীক্ষা কৰি থকা হৈছে যে আপুনি ইয়াৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।"

ড৹ মনমোহন সিঙৰ এই বিশেষ কৃতিত্বৰ কথা সোঁৱৰাই দিলজিতে কয়, "ড৹ মনমোহন সিং আছিল প্ৰথমজন শিখ যাৰ স্বাক্ষৰ ভাৰতীয় মুদ্ৰাত আছিল । যাৰ পিছে পিছে গোটেই পৃথিৱীখনে দৌৰিছে তাৰ ওপৰত তেওঁৰ চহী আছিল । গতিকে এইটো এটা ডাঙৰ কথা, এই পৰ্যায়ত উপনীত হোৱাটো ।"

ড৹ মনমোহন সিঙৰ ৰাজনৈতিক জীৱন কেইবাটাও দশকজুৰি চলিছিল, য’ত ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে তেওঁ বিত্তমন্ত্ৰীকে ধৰি কেইবাটাও উল্লেখযোগ্য পদত আছিল ৷ তেওঁ ভাৰতৰ অৰ্থনীতিৰ পৰিৱৰ্তন ঘটোৱা অৰ্থনৈতিক সংস্কাৰৰ নেতৃত্ব দিছিল । ২০০৪ চনৰ পৰা ২০১৪ চনলৈ অটল বিহাৰী বাজপেয়ীৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল তেওঁ । অৰ্থনৈতিক সংকটৰ সময়ত তেওঁৰ স্থিৰ নেতৃত্ব আৰু ভাৰতৰ অৰ্থনীতি আধুনিকীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁৰ কাৰ্যকাল বিশেষভাৱে স্মৰণীয় ।

লগতে পঢ়ক : সমগ্ৰ ভাৰতকে সুৰামুক্ত কৰিবলৈ আহ্বান দিলজিৎ দোছাঞ্জৰ