আজি এটা দুখৰ দিন, এই বেদনা সহ্য কৰিব নোৱাৰি... : ধৰ্মেন্দ্ৰ
পুৱাই ‘শ্বোলে’ ৰ অভিনেতাৰ আৱেগিক পোষ্ট ৷ কিন্তু কাক লৈ ?

By ETV Bharat Entertainment Team
Published : July 7, 2025 at 11:09 AM IST
হায়দৰাবাদ: তেওঁ জ্যেষ্ঠ ভাতৃতকৈ কম নাছিল । ঘৰখনলৈ অনবৰতে অহা-যোৱা চলি আছিল । তেওঁক লগ কৰিবলৈ কোনো পূৰ্বৰ এপইণ্টমেণ্টৰ প্ৰয়োজন নাছিল । পিতৃ-মাতৃসম ডাঙৰ ভাতৃক হেৰুৱাই নিজৰ দুখ নিয়ন্ত্ৰণ কৰিব পৰা নাই ধৰ্মেন্দ্ৰই ।
অভিনেতা ধৰ্মেন্দ্ৰই এতিয়াও সেই দুখ হৃদয়ত কঢ়িয়াই লৈ ফুৰে । কিংবদন্তি তাৰকা দিলীপ কুমাৰৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীত আৱেগিক হৈ পৰিছে ধৰ্মেন্দ্ৰ । সোমবাৰে পুৱা এখন পুৰণি ফটো পোষ্ট কৰে অভিনেতাজনে । ভাৰতীয় চিনেমাৰ অন্যতম আইকন দিলীপ কুমাৰৰ মৃত্যু বাৰ্ষিকীত নষ্টালজিক হৈ পৰে শ্বোলেৰ অভিনেতাগৰাকী ।
শ্বেয়াৰ কৰা ক’লা-বগা ফটোখনত ধৰ্মেন্দ্ৰ আৰু দিলীপ কুমাৰে পাঞ্জা খেলি থকা দেখা গৈছে । ছ’চিয়েল মিডিয়াত ছবিখন শ্বেয়াৰ কৰি তেওঁ কেপশ্যন লিখিছে, “আজি এটা দুখৰ দিন । বৰ বেয়া দিন । আজিৰ দিনটোতে মোৰ মৰমৰ ভাতৃ, আপোনালোক সকলোৰে প্ৰিয় অভিনেতা, চলচ্চিত্ৰ জগতৰ দেৱতা, এজন অতি ভাল মানুহ দিলীপ চাহাব, যিয়ে আমাক এৰি থৈ গৈছিল ।"
তেওঁ লগতে আৰু লিখিছে, "এই যন্ত্ৰণা সহ্য কৰিব নোৱৰা । কিন্তু মই নিজকে সান্ত্বনা দিওঁ যে তেওঁ মোৰ চাৰিওফালে আছে ।" চলচ্চিত্ৰ জগতৰ সকলোৱে জানে যে দিলীপ কুমাৰ আৰু ধৰ্মেন্দ্ৰই যদিওবা মাত্ৰ এখন ছবিত একেলগে পৰ্দা শ্বেয়াৰ কৰিছিল, তথাপিও তেওঁলোকৰ বহুত ভাল সম্পৰ্ক আছিল । ।
১৯৬৬ চনত মুক্তি পোৱা ধৰ্মেন্দ্ৰৰ ছবি ‘পাৰী’ত বিশেষ অতিথি হিচাপে দেখা গৈছিল দিলীপ কুমাৰক । ইয়াৰ পিছত এই দুই তাৰকাক আন ক’তো একেলগে দেখা পোৱা নগ’ল ।
বিগত বছৰ দিলীপ কুমাৰৰ পত্নী ছাইৰা বানুৱে তেওঁৰ স্বামীৰ ধৰ্মেন্দ্ৰৰ সৈতে কেনে সম্পৰ্ক আছিল সেই বিষয়ে শ্বেয়াৰ কৰিছিল । তেওঁ কয় যে ধৰ্মেন্দ্ৰ পৰিয়ালটোৰ এজন সদস্য হৈ পৰিছে । ধৰ্মেন্দ্ৰৰ জীৱনত পোহৰ হৈ আহিছিল দিলীপ কুমাৰ । তেওঁ ধৰ্মেন্দ্ৰক শিকাইছিল যে কেনেকৈ ষ্টাৰডম আৰু সফলতা জীৱনত বজাই ৰাখিব পাৰি ।
চলচ্চিত্ৰ জগতত ‘ট্ৰেজেডী কিং’ হিচাপে জনপ্ৰিয় আছিল দিলীপ কুমাৰ । ২০২১ চনৰ ৭ জুলাইত তেওঁ ইহলীলা সম্বৰণ কৰে । দিলীপ কুমাৰে দৰ্শকক ‘মোগল-ই-আজম’, ‘দেৱদাস’, ‘নয়া দৌৰ’, ‘গংগা যমুনা’ৰ দৰে হিট চিনেমা উপহাৰ দিছিল ।
লগতে পঢ়ক : ভৱিষ্যতে কেতিয়াও নিৰ্মাণ নহ'ব 'কাঁটা লগা'ৰ ছিকুৱেল: জানেনে কিয় লোৱা হ'ল এই সিদ্ধান্ত ?

