ETV Bharat / entertainment

দিগন্ত ভাৰতীক অপমান: জাঙুৰ খাই উঠিছে শিল্পীসমাজ - MUSIC COMPOSER DIGANTA BHARATI

দিগন্ত ভাৰতীক অপমানৰ ঘটনাক লৈ ভিন্নজনৰ প্ৰতিক্ৰিয়া । অতিশীঘ্ৰে ক্ষমা খোজাৰ দাবী অসমৰ শিল্পীসমাজৰ ।

MUSIC COMPOSER DIGANTA BHARATI
দিগন্ত ভাৰতী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2025 at 8:42 PM IST

4 Min Read

গুৱাহাটী: বুধবাৰে নিশা পূব-গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত চৰম অপমান কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক । বুধবাৰে পূব-গুৱাহাটী বিহু সন্মিলনীত অনুষ্ঠান আছিল দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীৰ । উক্ত অনুষ্ঠানত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী । দিগন্ত ভাৰতীক সেই অনুষ্ঠানত দেখি মঞ্চত গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজক সমিতিৰে কেইগৰাকীমান বিষয়ববীয়াই ।

দিগন্ত ভাৰতীয়ে বিষয়ববীয়া কেইগৰাকীৰ অনুৰোধ ৰক্ষা কৰি মঞ্চলৈ আগবাঢ়ে । কিন্তু তেওঁ জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ মাইক্ৰফোন কাঢ়ি লৈ মঞ্চৰ পৰা টানি নমাই আনে আন এগৰাকী বিষয়ববীয়াই । এই সমগ্ৰ ঘটনাৰ পাছত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

সমাজিক মাধ্যমত সমগ্র ঘটনাৰ সন্দৰ্ভত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বহুকেইগৰাকী কণ্ঠশিল্পীয়ে সমগ্র ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

কণ্ঠশিল্পী নিলোৎপল বৰাৰ প্ৰতিক্ৰিয়া

সমাজিক মাধ্যমত এক পোষ্টযোগে কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰে, "দিগন্ত ভাৰতী দাদাৰ দৰে এজন নম্ৰ ভদ্ৰ শিল্পীক মঞ্চলৈ মাতি নি মদ খাই অপমান কৰা ঘটনাটো শুনি খুবেই দুখ পাইছো আৰু গুৱাহাটীৰ চান্দমাৰী বিহু কমিটীক তীব্ৰ ভাষাৰে গৰিহণা দিছো । অতি শীঘ্ৰে ক্ষমা খোজক ।"

কণ্ঠশিল্পী ময়ুৰী দত্ত

"আমাৰ পৰম শ্ৰদ্ধাৰ আৰু সন্মানীয় গুৰু দিগন্ত ভাৰতী ছাৰক এনেধৰণে এখন মঞ্চত অপমানিত কৰাৰ বাবে আমি বৰ দুখ পাইছো... তেওঁ আমাৰ অভিভাৱকৰ দৰে... তেখেতক অপমান কৰা মানেই অসমৰ সংগীত জগতখনকেই অপমান কৰা হৈছে... অসমৰ সংগীত তথা সাংস্কৃতিক জগতখনৰ বাবে তেওঁৰ অৱদান কি সেয়া সকলোৱে জানে... ইমানবোৰ জানিও ইমান স্বনামধন্য ব্যক্তি এজনক বিহু মঞ্চ এখনত এনেধৰণে অপমান কৰাটো লজ্জাজনক, নিন্দনীয়... আমি বহুত দুখ পাইছো... ।" সমাজিক মাধ্যমযোগে এই পোষ্ট কণ্ঠশিল্পী ময়ূৰী দত্তৰ ।

কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ

"দিগন্ত ভাৰতী ছাৰৰ দৰে শিল্পী তথা সংগীতৰ সাধক এজনক মঞ্চলৈ মাতি অপমান কৰাত খুবেই দুখ পাইছো আৰু তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছো । অতি শীঘ্ৰে ভুল স্বীকাৰ কৰি ক্ষমা খোজক ।" ৰিছা ভৰদ্বাজে পোষ্টত কয় ।

পৰিচালক অচিন্ত্য শংকৰ

"জিনচ পিন্ধি বিহুমঞ্চত উঠাৰ বাবে বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীক, পূব গুৱাহাটী(চানমাৰি)বিহু কমিটীৰ তিনিগৰাকী মদাহীয়ে মাইক্ৰফোন কাঢ়ি অপমান কৰিলে । শিল্পীয়ে বিহুমঞ্চত জিনচ পিন্ধি উঠিব নোৱাৰে, কিন্তু কমিটীৰ সদস্যই মদ খাই উঠিব পাৰে । উল্লেখনীয়, দিগন্ত ভাৰতীয়ে অনুষ্ঠান পৰিবেশন কৰিবলৈ যোৱা নাছিল, পত্নী-কন্ঠশিল্পী ভাস্বতী ভাৰতীৰ অনুষ্ঠান চাবলৈ গৈছিল । কমিটীৰ কেইগৰাকীমান বিষয়ববীয়াৰ একান্ত অনুৰোধ ৰক্ষা কৰি মঞ্চত উঠিছিল দিগন্ত ভাৰতী । তাৰপিছত একেখন কমিটীৰ তিনিজন মদাহীয়ে কি অধিকাৰত এনে দুষ্কাৰ্য কৰিব সাহস পালে ? এনেবোৰ বিষয়ত বিহু সুৰক্ষা সমিতিৰ কৰণীয় কিবা আছেনে ? ভাস্বতীয়ে উল্লেখ কৰা কোন এই সীমান্ত ঠাকুৰীয়া ? আশাকৰো পূব গুৱাহাটী(চানমাৰি) বিহু সন্মিলনীয়ে সীমান্ত ঠাকুৰীয়াৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব ।"

কণ্ঠশিল্পী ৰাজশ্ৰী শইকীয়া

"পূব গুৱাহাটী বিহু সন্মিলনত কালি দিগন্ত ভাৰতী ছাৰৰ লগত হোৱা ঘটনাটো দেখি অত্যন্ত দুখ পাইছো । ছাৰক অপমান কৰা সকলক ধিক্কাৰ দিছো । পূব গুৱাহাটী বিহু সন্মিলনৰ কেইজনমান বিষয়ববীয়াই যোৱা ২ বছৰৰ আগত মোক অনুষ্ঠান পৰিৱেশনৰ চুক্তি কৰিবলৈ মাতি নি যি অপমান কৰিছিল... সেই অপমান কেতিয়াও পাহৰিব নোৱাৰো । কাৰোবাক সন্মান দিব নুখুজিলে নালাগে দিব কিন্তু অপমান কৰা অধিকাৰ কাৰোৰে নাই । দিগন্ত ছাৰৰ লগত হোৱা ঘটনাৰ বাবে ক্ষেমা খোজক সমিতিয়ে ।"

কণ্ঠশিল্পী দ্বীপলীনা ডেকা

"বিৰাট লাজ পাইছো । দিগন্ত ভাৰতী ছাৰৰ লগত কৰা এনে ব্যৱহাৰ কোনো কাৰণত গ্ৰহণ নকৰো । কিমান আৰু সকলো কথাতে 'কাপোৰ'ক দোষ দিব, বন্ধ কৰক এইবোৰ !"

এতিয়া এনেদৰে বিভিন্নজনে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, অসমীয়া সংগীত ক্ষেত্ৰখন সমৃদ্ধ কৰা ক্ষেত্ৰত এক বিশেষ নাম আছে দিগন্ত ভাৰতীৰ । বহু অসমীয়া গীতৰ সফলতাৰ আঁৰত থকা ব্যক্তিগৰাকী হৈছে দিগন্ত ভাৰতী । দিগন্ত ভাৰতী বুলি ক'লে অসমীয়া প্ৰতিগৰাকী শ্ৰোতাৰ কাণত বাজি উঠিব 'মনলৈ উভতি আহে ল'ৰালি', 'মন যায়' আদিকে ধৰি বহু চিৰসেউজ গীত । বৰ্তমানলৈকে প্ৰায় ৬,০০০ টাতকৈ অধিক গীত ৰচনা কৰিছে তেওঁ, বহু গীতত কণ্ঠদান কৰা এইগৰাকী সংগীতশিল্পীক কৰা এই অপমানক এতিয়া সহজভাৱে ল'ব পৰা নাই বহুজনে ।

লগতে পঢ়ক : বিহুমঞ্চত চৰম অপমান কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.