বিবাহ বিচ্ছেদ নোহোৱাকৈ পৃথকে থাকিবলৈ লোৱা বলীউড যুটিবোৰৰ কথা জানেনে ?
গোবিন্দা-সুনীতাৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজত সেই তাৰকাসকলৰ বিষয়ে জানো আহক যিসকলে জীৱন বাটত বিবাহ বিচ্ছেদ নোলোৱাকৈয়ে পৃথকে থাকিবলৈ লয় ।

By ETV Bharat Entertainment Team
Published : February 28, 2025 at 11:43 AM IST
হায়দৰাবাদ : বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা আৰু তেওঁৰ পত্নী সুনীতা আহুজাৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিয়ে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । শেহতীয়াকৈ, গোবিন্দাৰ মেনেজাৰ আৰু উকীলে প্ৰকাশ কৰিছে যে আহুজাই ছমাহ আগতে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল ৷ কিন্তু এতিয়াৰ বাবে তেওঁলোকৰ মাজত সকলো ঠিকেই আছে ।
এইটোও পোহৰলৈ আহিছে যে তেওঁলোকে পৃথক এপাৰ্টমেণ্টত বাস কৰে । কিন্তু অভিনেতাগৰাকীৰ অধিবক্তাই এই কথা অস্বীকাৰ কৰে ৷ এই খবৰৰ মাজতে চলচ্চিত্ৰ উদ্যোগৰ সেইসকল দম্পতীক এবাৰ চাওঁ আহক যিসকলে বিবাহ বিচ্ছেদ অবিহনেই পৃথকে থকাৰ সিদ্ধান্ত লয় ।
- ৰাজেশ খান্না-ডিম্পল কাপাড়িয়া
হিন্দী চলচ্চিত্ৰৰ প্ৰথম ছুপাৰষ্টাৰ বুলি জনাজাত ৰাজেশ খান্না আৰু তেওঁৰ পত্নী ডিম্পল কাপাড়িয়াৰ মাজতো আহি পৰিছিল দূৰত্ব ৷ সেই তেতিয়াই তেওঁলোকে পৃথকে বসবাস কৰিবলৈ আৰম্ভ কৰে ।
তেওঁলোকে কেতিয়াও আনুষ্ঠিকভাৱে বিবাহ বিচ্ছেদ লোৱাৰ কথা নাভাবিলে । বাঢ়ি অহা দূৰত্ব কম নোহোৱাৰ বাবে তেওঁলোকে একেবাৰে পৃথক হোৱাৰ সিদ্ধান্ত লয় ।
- মহেশ ভাট-কিৰণ
বলীউডৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা আলিয়া ভাটৰ পিতৃ মহেশ ভাট আৰু তেওঁৰ প্ৰথম পত্নী কিৰণৰ সম্পৰ্কও একেধৰণে শেষ হয় । দুয়োজনে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ নোলোৱাকৈয়ে সম্পৰ্কৰ অন্ত পেলাইছিল । মহেশ আৰু কিৰণৰ কন্যা পূজা ভাট ।
কিৰণক বিবাহ বিচ্ছেদ নিদিয়াকৈ ১৯৮৬ চনত মহেশ ভাট ছোনী ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ ১৯৯৩ চনত তেওঁলোকৰ মাজলৈ আলিয়া ভাট আহে ।
- গুলজাৰ-ৰাখী
সংগীত জগতৰ কিংবদন্তি গুলজাৰ ১৯৭৩ চনত অভিনেত্ৰী ৰাখীৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কন্যা মেঘনা গুলজাৰৰ জন্মৰ এবছৰৰ পাছত দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল যদিও কেতিয়াও বিবাহ বিচ্ছেদৰ বাবে আগনাবাঢ়িলে ।
- ৰণধীৰ কাপুৰ-ববিতা
বলীউড অভিনেতা ৰণধীৰ কাপুৰ আৰু ববিতাও বিবাহ বিচ্ছেদ অবিহনে পৃথকে থাকে । অৱশ্যে, প্ৰতিবেদন অনুসৰি, প্ৰায় ৩৫ বছৰ পৃথক হৈ থকাৰ পিছত তেওঁলোকৰ মাজত সকলো ঠিকেই আছে । দম্পতীটোক ৰাজ কাপুৰৰ ১০০ সংখ্যক জন্ম জয়ন্তীত একেলগে দেখা গৈছিল ।
- ধৰ্মেন্দ্ৰ-প্ৰকাশ কৌৰ
হিন্দী চলচ্চিত্ৰৰ হি-মেন হিচাপে জনাজাত ধৰ্মেন্দ্ৰই প্ৰথমে প্ৰকাশ কৌৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল, যি ছানী দেওল আৰু ববি দেওলৰ মাতৃ । কেইবছৰমানৰ পিছত, ধৰ্মেন্দ্ৰৰ হেমা মালিনীৰ সৈতে ঘনিষ্ঠতা বাঢ়ে আৰু তেওঁলোক বিবাহপাশত অৱদ্ধ হয় । অৱশ্যে এই বিয়াৰ পূৰ্বে ধৰ্মেন্দ্ৰই প্ৰকাশ কৌৰক বিবাহ বিচ্ছেদ দিয়া নাছিল ।

