মাটিৰ ভেটিৰে সজা মঞ্চ... টোপাটোপে সৰা নিয়ৰ... নাটক ভাল পাই যদি আপুনিও আহক ধনেখনা জানৰ পাৰলৈ
চোম গছৰ তলৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত আৰম্ভ হ'ল ‘ধনেখনা নাট উৎসৱ-২০২৫’

By ETV Bharat Entertainment Team
Published : January 28, 2025 at 12:35 PM IST
ডিব্ৰুগড় : ‘গাঁৱলীয়া বাটেৰে, লুইতৰ ঘাটেৰে, পৃথিৱী চাবলৈ ওলাবি কোন’ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ এই চহা কথাকেইটাকে সৰোগত কৰি বুৰঞ্জীপ্ৰসিদ্ধ ডিব্ৰুগড় জিলাৰ ধেমেচী মাজুমেলীয়াৰ ধনেখনা জানৰ পাৰৰ ৰাঙীমুখ চোমনিত আৰম্ভ হৈছে ধনেখনা নাট উৎসৱ । নাটক ভালপোৱা একাংশ লোকৰ পূৰ্ণ উদ্যমত তিনি বছৰ পূৰ্বে আৰম্ভ হৈছিল এই ধনেখনা নাট উৎসৱ ।
ৰাইজৰ দান-বৰঙণিৰে ধেমেচীত এক অগতানুগতিক প্ৰচেষ্টাত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত ২০২৩ বৰ্ষৰ পৰা আৰম্ভ হোৱা ‘ধনেখনা নাট উৎসৱ’ এ এইবাৰ ভৰি দিলে তৃতীয়টো বৰ্ষত ৷ ধেমেচী মাজুমেলীয়াৰ ধনেখনা জানৰ পাৰত ৰাঙীমুখ চোমনিত মুকলি আকাশৰ তলত মাটিৰ ভেঁটিৰে সজা মঞ্চত সোমবাৰে নিশাৰে পৰা আৰম্ভ হ’ল ‘ধনেখনা নাট উৎসৱ-২০২৫’ ৷
প্ৰথমনিশা মঞ্চস্থ কৰা হয় দুখন নাট ৷ প্ৰথমখন নাট ‘ৰজাৰ দেউল’ মঞ্চস্থ কৰে স্থানীয় ধনেখনা নাট্যগোষ্ঠীৰ কণ কণ শিশুশিল্পীসকলে ৷ দ্বিতীয়খন নাট ‘চৰণদাস চোৰ’ পৰিৱেশন কৰে গুৱাহাটীৰ 'বা থিয়েটাৰ'ৰ শিল্পীসকলে ৷ ইয়াৰ আগতে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মঞ্চ উদ্বোধন কৰে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক লোহিত ডেকাই ।

ধনেখনা নাট্যগোষ্ঠীৰ সম্পাদক ড° নিৰোদ গোঁহায়ে আঁত ধৰা অনুষ্ঠানত স্মৃতিগ্ৰন্থ ‘ধনেখনা’ উন্মোচন কৰে কবি-সাংবাদিক, চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰীয়ে ৷ হিমসনা নিশা প্ৰাকৃতিক পৰিৱেশৰ মাজত মাটিৰ ভেটিৰে সজা মঞ্চত নাটক চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে ভিৰ কৰিলেহি ।

ৰাইজৰ সৈতে নাটক উপভোগ কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বড়ায়ো । উল্লেখ্য যে এইবাৰ ধনেখনা নাট উৎসৱত গুৱাহাটীৰ ‘বা থিয়েটাৰ’ৰ লগতে নগাঁৱৰ ৰংগালয়, দেৰগাঁৱৰ নাট্যচৰ্চা কেন্দ্ৰ আৰু চাবুৱাৰ শিল্পবন নাট্যগোষ্ঠীয়ে নাট পৰিৱেশন কৰিব ৷
নাটকৰ লগত মানুহৰ যি নিবিড় সম্পৰ্ক সেয়া ইয়াত ফুটি উঠিছে : মনোজ বৰপূজাৰী
‘ধনেখনা নাট উৎসৱ-২০২৫’ ত অংশগ্ৰহণ কৰি কবি, চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰীয়ে কয়, “এই কাৰ্যসূচী সঁচাকৈ অভিনৱ আৰু অভিনন্দন যোগ্য । ইয়াত ৰাইজৰ যি উপস্থিতি ই সঁচাকৈ উৎসাহজনক । চোম গছৰ তলৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত যি নাট মহোৎসৱ হৈছে ই অসমৰ ৰাইজৰ বাবে এটা ভাল প্ৰচেষ্টা । চহৰৰ পৰা নাটকক গাঁৱলৈ অনা প্ৰচেষ্টা সঁচাই ভাল লগা কথা । নাটকৰ লগত মানুহৰ যি নিবিড় সম্পৰ্ক সেয়া ইয়াত ফুটি উঠিছে ।”
লগতে পঢ়ক : লোক সংস্কৃতিৰ সাধক মৃদুল কুমাৰ দাসলৈ বকুল বন বঁটা ২০২৫

