ETV Bharat / entertainment

বিবাহ বিচ্ছেদৰ প্ৰশ্নত পাপাৰাজ্জীক গান শুনিবলৈ ক’লে ধনশ্ৰীয়ে

চাহালৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ’ল নৃত্য পৰিচালক ধনশ্ৰী বাৰ্মাক ৷

entertainment news
য়ুজবেন্দ্ৰ চাহাল-ধনশ্ৰী বাৰ্মা (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 22, 2025 at 1:06 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : নৃত্য পৰিচালক ধনশ্ৰী বাৰ্মাই শেহতীয়াকৈ টীম ইণ্ডিয়াৰ বলাৰ য়ুজবেন্দ্ৰ চাহালৰ সৈতে বৈবাহিক জীৱন শেষ কৰিছে । বিবাহ বিচ্ছেদৰ সময়ত ধনশ্ৰীয়ে লাভ কৰিছে ৪.৭৫ কোটি টকা ভৰণ-পোষণৰ ধন । ২০২৪ চনত চাহালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ধনশ্ৰীৰ বৈবাহিক জীৱন ওঠৰ মাহহে টিকিল । খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ মাজত অশান্তিয়ে দেখা দিবলৈ ধৰিলে ৷ বিবাহ বিচ্ছেদৰ পিছত এতিয়া ছ’চিয়েল মিডিয়াত নেটিজেনৰ টাৰ্গেট হৈ পৰিছে ধনশ্ৰী বাৰ্মা । ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ প্ৰাক্তন পত্নী নাতাশা ষ্টানক’ভিচৰ দৰে নেটিজেনে ধনশ্ৰীকো বহুত ট্ৰ’ল কৰিছে । বিবাহ বিচ্ছেদৰ দিনাই ধনশ্ৰীয়ে তেওঁৰ এটা ভিডিঅ’ গীতো মুকলি কৰে, য’ত প্ৰেম আৰু বিশ্বাসঘাতকতাৰ কাহিনী দেখুওৱা বৰ্ণনা কৰা হৈছে । এতিয়া বিবাহ বিচ্ছেদৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গৈছে ধনশ্ৰীক ।

"প্ৰথমে গানটো শুনক"

শেহতীয়াকৈ বিচ্ছেদৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল বাৰ্মাক ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’ত টি ছিৰিজৰ অফিচত দেখা গৈছে ধনশ্ৰীক । ক’লা সাজ-পোছাকত দেখা গৈছে তেওঁক । শেহতীয়াকৈ ধনশ্ৰীয়ে টি ছিৰিজৰ জৰিয়তে মুকলি কৰিছে তেওঁৰ নতুন গীত দেখা জী দেখা মেইনে । সেই সময়তে পাপাৰাজ্জীয়ে ধনশ্ৰীক চাহালৰ সৈতে বিবাহ বিচ্ছেদ সম্পৰ্কে সোধাত ধনশ্ৰীয়ে একো উত্তৰ নিদি হাতেৰে ইংগিত দিয়ে । পাপাৰাজ্জীয়ে সোধে, "মেডাম, কালিৰ কথা ক’বলগীয়া আছে নেকি ?" ধনশ্ৰীয়ে হাঁহি হাঁহি নাকচ কৰি ক’লে, "প্ৰথমে গানটো শুনক ।" তেতিয়া তেওঁলোকে কয়, "এই গানটোৰ আপোনাৰ বাস্তৱ জীৱনৰ লগত মিল আছে ।" এই কথাত ধনশ্ৰীয়ে বুঢ়া আঙুলি দেখুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ট্ৰ’লৰ সন্মুখীন হৈছে ধনশ্ৰী

এতিয়া এই ভাইৰেল ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক বেয়াকৈ ট্ৰ’ল কৰা হৈছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “বাহ, বিবাহ বিচ্ছেদৰ পিছত আপুনি বৰ সুখী দেখা গৈছে ৷” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “মানুহে খ্যাতি আৰু ধনৰ বাবে কি কি নকৰে ?” তৃতীয়জনে লিখিছে, “এনেবোৰ কাৰণৰ বাবে তাৰকাসকলে বিয়া বন্ধ কৰি দিব ।” নেটিজেনে ধনশ্ৰীক সম্পূৰ্ণৰূপে আগুৰি ধৰিছে আৰু তেওঁক দোষাৰোপ কৰিছে ।

লগতে পঢ়ক : আনুষ্ঠিকভাৱে স্বামী-স্ত্ৰীৰ সম্পৰ্ক শেষ ধনশ্ৰী বাৰ্মা-ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহালৰ