ব’হাগ বিহু আহি পালেহি; আহৰি নোহোৱা হৈছে দীপলিনাৰ
এইটো ছিজনৰ বাবে সাজু হৈছে কণ্ঠশিল্পী দীপলিনা ডেকা ৷ নিজৰ বাদ্যযন্ত্ৰীসকলৰ সৈতে শেহতীয়াকৈ ব্যস্ত ছাউণ্ড চেকত ৷

By ETV Bharat Entertainment Team
Published : April 9, 2025 at 12:53 PM IST
|Updated : April 9, 2025 at 1:15 PM IST
হায়দৰাবাদ : বিহু বিহু লাগিছে গাত ৷ ৰঙালী আহি পদূলি মুখত ৷ ঘৰে ঘৰে এতিয়া এৰাব নোৱৰা ব্যস্ততা অসমীয়াৰ ৷ বিহুৰ সমান্তৰালকৈ নতুন বছৰক আদৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ৷ গোটেই বছৰটোৱেই অৱশ্যে অসমীয়াৰ গাত বিহু লাগি থাকে, যদিও ব’হাগৰ সময়ছোৱাই মন-প্ৰাণ উতনুৱা কৰি তোলে ৷
বিহুৰ আগমনৰ সময়ছোৱাত দূৰৈৰ পৰা ভাঁহি অহা ঢোলৰ গুমগুমনিৰ শব্দতে নাচো নাচো লাগে ৷ পিঠা-পনা বনোৱাৰ জা-যোগাৰ, ঘৰখনক নতুনকৈ সজোৱাৰ প্ৰস্তুতি, গাৱে-ভূঞে, চহৰে-নগৰে ৰঙালী বিহুৰ কৰ্মশালা, বিহুৰ আখৰা-কি যে মনোমোহা পৰিৱেশ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৷ ঠাই বিশেষে ৰঙালী বা ব’হাগ বিহু কিছু কিছু বেলেগ ধৰণেও উদযাপন কৰা পৰিলক্ষিত হয় ৷
এই সকলো ব্যস্ততাৰ মাজতে অতিকে ব্যস্ত হৈ পৰিছে কণ্ঠশিল্পীসকল ৷ বহুতে বিহুলৈ বুলি নিজৰ নতুন নতুন গানো সাজু কৰি উলিয়াইছে ৷ সমান্তৰালকৈ চলি আছে তেওঁলোকৰ অনুশীলন ৷ বহু শিল্পীয়ে ৰঙালী বিহুক লৈ তেওঁলোকৰ প্ৰস্তুতি সন্দৰ্ভত ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক অৱগতও কৰি ৰাখিছে ৷
অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা দলে-বলে সাজু হৈ উঠিছে ৰঙালী বিহুৰ এই ছিজনৰ বাবে ৷ বৰ্তমান কণ্ঠশিল্পীগৰাকী ব্যস্ত হৈ আছে ছাউণ্ড চেকত ৷ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে দীপলিনাই ৷ কেইখনমান ফটোৰ লগতে এটা ভিডিঅ’ আপলোড কৰি দীপলিনাই প্ৰস্তুতিৰ বতৰা দিছে ৷ এটা ক’লা ৰঙৰ টি চাৰ্ট আৰু খাকী ৰঙৰ পেণ্টত দীপলিনাই নিজকে অনুভৱ কৰিছে মেইন কেৰেক্টাৰ হিচাপে ৷ তলৰ পোষ্ট দুটাত ক্লিক কৰি আপোনালোকেও চাই লওক দীপলিনাৰ প্ৰস্তুতি-
লগতে পঢ়ক : শংকুৰাজ-দীপলিনা, প্ৰবীণ-নাহিদৰ কণ্ঠত প্ৰেমৰ গান, উপভোগ কৰক প্ৰেমাস্পদৰ সৈতে

