ETV Bharat / entertainment

বিয়াৰ 7 বছৰ, কোলাত এটি দেৱশিশু-এতিয়াও পত্নীৰ সৌন্দৰ্য দেখি ৰণবীৰ সিঙৰ মুখৰ পৰা ওলাই-‘ভগৱান...

পেৰিছৰ শেহতীয়া ফটোশ্বুটৰ নতুন ফটো পোষ্ট কৰিছে দীপিকা পাডুকনে । দীপিকা পাডুকনৰ লুকটোৱে স্তম্ভিত কৰি তোলে ৰণবীৰ সিঙক ৷ তেওঁৰ প্ৰতিক্ৰিয়াই দৃষ্টি কাঢ়িছে নেটিজেনৰ ।

deepika padukone shares pictures from paris ranveer singhs reaction going viral
দীপিকা পাডুকন-ৰণবীৰ সিং (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 11, 2025 at 6:45 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন পুনৰ চৰ্চালৈ আহিছে নিজৰ হাই ফেশ্বন ষ্টেটমেণ্টৰ বাবে । বৰ্তমান পেৰিছত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে দীপিকাই । এটা শ্ব’ত অংশ লৈ শিৰোনাম দখল কৰি আছে অভিনেত্ৰীগৰাকীয়ে । দীপিকা পাডুকনে পেৰিছত আয়োজিত এক অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিছে । ফ্ৰান্সৰ বিলাসী ব্ৰেণ্ডৰ দ্বাৰা হাউছ এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ হোৱা প্ৰথমগৰাকী ভাৰতীয়ৰূপে পৰিগণিত হৈছে দীপিকা পাডুকন ।

কন্যা দুআৰ জন্মৰ পিছত এতিয়া লাহে লাহে কামলৈ উভতিছে দীপিকা পাডুকন । ১০ মাৰ্চৰ সন্ধিয়া দীপিকাই নিজৰ শেহতীয়া ফটোশ্বুটৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । ফটো দেখাৰ লগে লগে অনুৰাগীসকলে প্ৰশংসাৰে উপচাই পেলাই কমেণ্ট ছেকশ্যন ৷ সেই অনুৰাগীৰ শাৰীত থিয় দিলে স্বামী ৰণবীৰ সিঙেও ৷ পত্নীৰ প্ৰশংসা কৰি ভাগৰি নপৰা স্বামী ৰণবীৰ সিং ৷ মোহনীয়া পত্নীৰ শেহতীয়া ফটোক লৈ তেৱোঁ দিছে এক আচৰিত প্ৰতিক্ৰিয়া ।

ফটোসমূহত দীপিকা পাডুকনক আইফেল টাৱাৰৰ সন্মুখত পোজ দিয়া দেখা গৈছে । বগা শীতকালীন কোট, বডিকন পেণ্ট, হাই হীল আৰু টুপী পিন্ধা দেখা গৈছে অভিনেত্ৰীগৰাকীক । ৰঙা লিপষ্টিক, ক’লা হাতমোজা আৰু কাণফুলিয়ে তেওঁৰ লুকটো সম্পূৰ্ণ কৰি তুলিছে ।

পত্নীক প্ৰতিটো খোজতে সমৰ্থন আগবঢ়াই যোৱা অভিনেতা ৰণবীৰ সিঙে তেওঁৰ ফটোবোৰ চাই নিজৰ সুখ প্ৰকাশ কৰাৰ পৰা নিজকে বাধা দিব নোৱাৰিলে । তেওঁৰ পোষ্টত লিখিছে, ‘ভগৱানে মোক দয়া কৰক । শেহতীয়াকৈ আবুধাবিত অনুষ্ঠিত হোৱা ফৰ্বছ ৩০/৫০ গ্ল’বেল ছামিটত অংশ লৈ দীপিকাই নিজৰ ঐতিহ্য আৰু পেছাদাৰী জীৱনৰ বিষয়ে আলোচনা কৰে ।

কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে দীপিকা পাডুকনক শেষবাৰৰ বাবে দেখা গৈছিল ৰোহিত শ্বেট্টীৰ কপ ইউনিভাৰ্ছ ছবি সিংঘম এগেইনত ডিচিপি শক্তি শ্বেট্টীৰ চৰিত্ৰত । মাতৃ হোৱাৰ পিছত পাঠান অভিনেত্ৰীগৰাকীয়ে নিজৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰা নাই । ইফালে, কল্কী ২ৰ নিৰ্মাতাসকলে তেওঁ উভতি অহাৰ আশা কৰিছে ।

লগতে পঢ়ক : অন্তঃসত্বা অৱস্থাতো কাম অব্যাহত ৰখা অভিনেত্ৰী