২০২৫ বৰ্ষৰ এল ভি এম এইচ বঁটাৰ প্ৰথম ভাৰতীয় জুৰী সদস্য হিচাপে পৰিগণিত দীপিকা পাডুকন
দীপিকা পাডুকনে পুনৰবাৰ বিশ্বজনিন মঞ্চত ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি কৰিলে ৷ ২০২৫ চনৰ এল ভি এম এইচ বঁটাৰ প্ৰথমগৰাকী ভাৰতীয় জুৰীৰ সদস্য হৈ পৰিছে অভিনেত্ৰীগৰাকী ৷

By ETV Bharat Entertainment Team
Published : September 4, 2025 at 4:41 PM IST
হায়দৰাবাদ: বৰ্তমান সময়ত দীপিকা পাডুকন ভাৰতীয় চিনেমা উদ্যোগৰ এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰী । অভিনেত্ৰীগৰাকীৰ ছবিৰ তালিকাই তেওঁৰ সফলতা আৰু বিশ্বজনীন আবেদনৰ প্ৰমাণ দাঙি ধৰে ৷ একেৰাহে ব্লকবাষ্টাৰ আৰু হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰা ছবিৰ নামেৰে ভৰি আছে তেওঁৰ কেৰিয়াৰ ৷ দীপিকাই প্ৰমাণ কৰিছে যে তেওঁ সঁচাকৈয়ে ভাৰতীয় চিনেমাৰ বিশ্বব্যাপী চেহেৰা হৈ পৰিছে ৷
পিছে কেৱল মনোৰঞ্জন জগতত লাভ কৰা সফলতাই নহয়, ফেশ্বন আৰু বিলাসিতাৰ জগততো ভাৰতৰ পৰিচয়ক এক নতুন মাত্ৰা প্ৰদান কৰিছে দীপিকাই । বিশ্বৰ বহু প্ৰসিদ্ধ ব্ৰেণ্ডৰ বাবে ভাৰতৰ দুৱাৰ মুকলি কৰি দিছে আৰু আজি তেওঁ বিশ্বৰ বৃহত্তম আন্তঃৰাষ্ট্ৰীয় নামসমূহৰ ব্ৰেণ্ড এম্বেছাদৰ । এইদৰে দীপিকাই বিশ্বৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰি আছে ।
২০২২ চনত দীপিকা পাডুকনে ইতিহাস ৰচনা কৰিছিল যেতিয়া তেওঁক লুই ভিটন আৰু কৰ্টিয়েৰৰ দৰে আগশাৰীৰ বিলাসী ফেশ্বন হাউছে চুক্তিবদ্ধ কৰিছিল । এইদৰে চুক্তিবদ্ধ হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় দীপিকা, যাৰ ফলত আন ভাৰতীয় তাৰকাসকলে অনাগত বছৰবোৰত এই ধাৰাত যোগদান কৰাৰ সুযোগ লাভ কৰে ।
এতিয়া দীপিকাই নিজৰ এই অনন্য যাত্ৰাত আৰু এক কৃতিত্ব সংযোজন কৰিছে । ২০২৫ চনৰ এল ভি এম এইচ বঁটাৰ ফাইনেলৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰি লুই ভিটনৰ এম্বেছাদৰ আৰু জুৰী মেম্বাৰ হিচাপে ঘোষণা কৰা হৈছে তেওঁৰ নাম । বিগত বছৰ দীপিকা নাটালি পৰ্টমেন ২০২৪ এল ভি এম এইচ প্ৰাইজ ফৰ ইয়ং ফেশ্বন ডিজাইনাৰ বিশেষ জুৰীৰ অংশ আছিল, য’ত তেওঁ মূল বঁটাটো ছুইডেনৰ ডিজাইনাৰ এলেন হোডাকভা লাৰ্ছনক প্ৰদান কৰিছিল ।
এই কথা ঘোষণা কৰি ব্ৰেণ্ডটোৱে লিখিছে, “লুই ভিটনৰ বাবে দীপিকা পাডুকন: ২০২৫ চনৰ এল ভি এম এইচ প্ৰাইজ জুৰি মেম্বাৰ ঘোষণা কৰি আমি আনন্দিত হৈছো, আইক'নিক দীপিকা পাডুকনে এইবাৰৰ এল ভি এম এইচ প্ৰাইজ ফাইনেলত জুৰী মেম্বাৰ হিচাপে যোগদান কৰিছে । মনোমোহা অভিনয় আৰু বিশ্বব্যাপী উপস্থিতিৰ বাবে পৰিচিত দীপিকাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বৰ দৰ্শকক অনুপ্ৰাণিত কৰে ।”
ছবিৰ কথা ক’বলৈ গ’লে আগন্তুক সময়ত দীপিকা পাডুকনৰ বহু ডাঙৰ প্ৰজেক্ট আছে । পৰিচালক এটলীৰ সৈতে কাম কৰিব AA22XA6 ছবিখনত, য’ত তেওঁৰ বিপৰীতে দেখা যাব আল্লু অৰ্জুনক । ইয়াৰ উপৰিও তেওঁৰ ব্লকবাষ্টাৰ হিট ছবি কল্কি ২৮৯৮ এ ডিৰ বহু প্ৰত্যাশিত ছিকুৱেল আছে, য’ত তেওঁক প্ৰভাসৰ বিপৰীতে দেখিবলৈ পোৱা যাব ।
ৰূপালী পৰ্দাত দীপিকাৰ যাদু চাবলৈ অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । আনহাতে, গ্ল’বেল ব্ৰেণ্ডৰ জৰিয়তে ফেশ্বন জগততো নিজৰ যাদু বিয়পাইছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : হলীউড ৱাক অফ ফেমেৰে সন্মানিত প্ৰথমগৰাকী ভাৰতীয় দীপিকা পাডুকন

