দৰ্পণ ডান্স একাডেমীৰ উদ্যোগত ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ - India International Dance Festival
India International Dance Festival: মহানগৰীত দৰ্পণ ডান্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয় ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ । পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতৰ ভিন্ন প্ৰান্তৰৰ ৫৭ গৰাকী যুৱ শিল্পীয়ে ।

Published : July 7, 2024 at 4:00 PM IST
গুৱাহাটী, 7 জুলাই: মহানগৰীত দৰ্পণ ডান্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয় ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ। পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতৰ ভিন্ন প্ৰান্তৰৰ ৫৭ গৰাকী যুৱ শিল্পীয়ে ।
মহানগৰীৰ দৰ্পণ ডান্স একাডেমীৰ উদ্যোগত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ । আজি এই মহোৎসৱৰ দ্বিতীয়টো দিন । শনিবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা দুদিনীয়া এই ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ (আই আই ডি এফ) ২০২৪ত অংশগ্ৰহণ কৰিছে ভাৰতৰ কেইবাখনো ৰাজ্যৰ শিল্পীয়ে ।
উল্লেখ্য যে, গুৱাহাটীৰ দৰ্পণ ডান্স একাডেমীৰ সঞ্চালক তথা ওডিচি আৰু সত্ৰীয়া নৃত্যৰ স্বনামধন্য শিল্পী ড৹ অঞ্জনাময়ী শইকীয়াৰ তত্ত্বাৱধানত গুৱাহাটীত আয়োজন কৰা এই বিশেষ নৃত্য মহোৎসৱত ভাৰতৰ ভিন্ন প্ৰান্তৰ ৫৭ গৰাকী যুৱ শিল্পীয়ে একক, দ্বৈত, ত্ৰয় আৰু দলীয়ভাৱে সত্ৰীয়া, ওডিচি, ভাৰত নাট্যম, কথক, মণিপুৰী আদি নৃত্য প্ৰদৰ্শন কৰে ।
শনিবাৰে এই নৃত্য মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সংগীত নাটক অকাডেমী উত্তৰ পূৱ ক্ষেত্ৰ গুৱাহাটীৰ সঞ্চালক ড৹ অৰূপ বৰদলৈ আৰু বিশিষ্ট অতিথি হিচাপে সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী গুৰু অনিতা শৰ্মা, গুৰু গোপাল বৰদলৈ, প্ৰসিদ্ধ ভাৰতনাট্যম শিল্পী অনু বসুমতাৰী, বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক শিল্পী ডা° মীৰনন্দা বৰঠাকুৰ ।
প্ৰথম দিনাৰ কাৰ্যসূচীৰ দৰে নৃত্য মহোৎসৱৰ দ্বিতীয়দিনৰ কাৰ্যসূচীতো কেইবাটিও নৃত্যৰ অনুষ্ঠান পৰিবেশন কৰা হয় ৷
উল্লেখ্য যে, ভাৰত আন্তৰ্জাতিক নৃত্য মহোৎসৱ পোন প্ৰথমবাৰৰ বাবে অসমত ২০১৯ চনত ড° অঞ্জনাময়ী শইকীয়াৰ নেতৃত্বত আয়োজন কৰা হৈছিল ৷ এই নৃত্য মহোৎসৱত শাস্ত্ৰীয়, আধুনিক, জনগোষ্ঠীয়, লোক নৃত্য আদি সকলো ধৰণৰ নৃত্যক সামৰি লোৱা হয় যদিও ধ্ৰুপদী নৃত্যসমূহক বিশেষ গুৰুত্ব দিয়া হয় ৷ দুয়োদিনৰ কাৰ্যসূচীত দৰ্শক ৰাইজৰ সঁহাৰিত নৃত্য মহোৎসৱখন সাফল্যমণ্ডিত হৈ উঠে ৷

