কলিয়াবৰ: দক্ষিণ পূব এছিয়াৰ সৈতে সাংস্কৃতিক সমন্বয়ৰ উদ্দেশ্যৰে লাওচৰ ঐতিহাসিক চহৰ ভিয়েন্তাইনৰ কলা শিক্ষণ প্ৰতিষ্ঠানত এখনি সাংস্কৃতিক বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ১৬ আৰু ১৭ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত হয় এই সাংস্কৃতিক বিনিময় কাৰ্যসূচী । ১৭ মাৰ্চত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত ভাৰত আৰু লাওচৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হয় ।
আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত লোক সংগীতৰ শিল্পী জীনা ৰাজকুমাৰীৰ নেতৃত্বত এটি ১১ জনীয়া দলে এই সাংস্কৃতিক বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে । লগতে প্ৰতিষ্ঠিত কণ্ঠশিল্পী ড৹ সংগীতা কাকতি, কথাৰসিক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়েও সাংস্কৃতিক বিনিময় কাৰ্যসূচীত ৰাজ্যৰ হৈ অংশগ্ৰহণ কৰে ৷ নতুন প্ৰজন্মৰ শিল্পী ক্ৰমে ধৃতীমান কলিতা, অনুষ্কা বৰুৱা, খুশী ভৰদ্বাজেও অনুষ্ঠান পৰিবেশন কৰে । প্ৰতিষ্ঠানটিৰ সঞ্চালক ভানমেনী জিংলে নাংথায়ে এনে কাৰ্যসূচীয়ে ভাৰত আৰু লাওচৰ মাজত সাংস্কৃতিক সমন্বয় সুদৃঢ় কৰিব বুলি উল্লেখ কৰে ।
উল্লেখ্য যে, অসমৰ বিশিষ্ট লোকসংগীতৰ শিল্পী জীনা ৰাজকুমাৰীয়ে বিগত এটা দশক ধৰি দক্ষিণ পূব এছিয়াৰ সাংস্কৃতিক সমন্বয়ৰ বাবে বিশেষ কৰ্মসূচী হাতত লৈ আহিছে । অসমৰ শিল্পীসকলে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ গীত, অসমৰ জনগোষ্ঠীয় গীতৰ লগতে বিহু নাম আদি পৰিৱেশন কৰি অনুষ্ঠানটিৰ পৰিৱেশ মনোমোহা কৰি তোলে ।

এই অনুষ্ঠান সন্দৰ্ভত দলটিৰ নেত্ৰী জীনা ৰাজকুমাৰীয়ে কয়, "ভাৰত আৰু লাওচৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অন্তৰ্গত এই যাত্ৰাত দুয়োখন দেশৰ সাংস্কৃতিক সমন্বয়ৰ এক ৰূপ-ৰেখা দাঙি ধৰা হৈছে । দুয়োখন দেশৰ শিল্পীৰ মাজত এক সৌহাৰ্দপূৰ্ণভাৱ বিনিময়ৰ অনুষ্ঠানত দুয়োখন দেশৰ সাংস্কৃতিক সমন্ধীয় আলোচনাই স্থান পায় ।" লগতে দলটিৰ অন্যতম শিল্পীদ্বয় ড৹ সংগীতা কাকতি আৰু ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰে ৷
লগতে পঢ়ক : ভক্তিমাৰ্গ প্ৰচাৰৰ বাবে ১০ হাজাৰ মহিলাই পৰিৱেশন কৰিলে দিহানাম