গোৱালপাৰা: গোৱালপাৰাত কণ্ঠশিল্পী মৰ্মিতা মিত্রৰ সংগীতানুষ্ঠানত ঘটি গ’ল এক অপ্ৰীতিকৰ ঘটনা ৷ মঞ্চত গান গাই থকাৰ সময়তে অশ্লীল ইংগিত দি বিপদত পৰিল দৰ্শক । বহু সময় ধৰি ধৈৰ্য ধৰি থকাৰ পাছত গানৰ মাজতে সেই ব্যক্তি বিশেষক উদ্দ্যেশি মৰ্মিতা মিত্ৰই ক’লে দুআষাৰ ৷ বিহুতলীৰ পৰা লম্পট চৰিত্ৰৰ দৰ্শকক উলিয়াই দিবলৈ বিহু কমিটীক অনুৰোধ জনালে মৰ্মিতাই ।
ৰঙালী বিহুৰ আনন্দৰ মাজতে ঠায়ে ঠায়ে ঘটিছে বহু নঘটিবলগীয়া ঘটনা ৷ বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহত সৃষ্টি হৈছে বহু অবাঞ্চিত পৰিস্থিতিৰ ৷ বিহুৰ মঞ্চত জাতীয় সাজপাৰ পিন্ধি গীত পৰিৱেশন কৰা, মঞ্চত ইচ্ছাকৃতভাৱে শিল্পীক অপদস্থ কৰা ইত্যাদি বিষয়ক লৈ চলি থকা আলোচনাৰ মাজতে শেহতীয়াকৈ এক অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ ৷
কণ্ঠশিল্পীগৰাকীৰ বিহুৰ অনুষ্ঠান আছিল গোৱালপাৰাত ৷ গোৱালপাৰা জিলাৰ আগিয়া বিহুমঞ্চত সুন্দৰকৈ নাচি-বাগি গান গাই আছিল মৰ্মিতা মিত্ৰই ৷ মঞ্চৰ কাষতে থকা এজন লোকে বহুসময় ধৰি কণ্ঠশিল্পী মৰ্মিতা মিত্রক দি আছিল অশ্লীল ইংগিত ৷ প্ৰথমাৱস্থাত কণ্ঠশিল্পীগৰাকীয়ে এই কথা এৰাই চলে যদিও তেওঁৰ সংগীসকলক এই বিষয়ে অৱগত কৰে ৷ কিন্তু অৱশেষত ধৈৰ্যৰ বান্ধ ছিঙি যোৱাত শিল্পীগৰাকীয়ে মঞ্চৰ পৰাই সকলোৰে সন্মুখত তেওঁক এনে ব্যৱহাৰৰ বিষয়ে প্ৰশ্ন কৰে ৷ এই অবাঞ্চিত ঘটনা সন্দৰ্ভত নিজৰ মনৰ মনৰ ভাৱ প্ৰকাশ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয় যে বহু সময়ত এনে লম্পট চৰিত্ৰৰ দৰ্শকৰ বাবে বহু শিল্পীয়ে মন খুলি মঞ্চত গীত পৰিৱেশন কৰিব নোৱাৰে ।
উল্লেখ্য যে, মৰ্মিতাই সেই ব্যক্তি বিশেষক মাৰপিট নকৰি বিহুথলীৰ পৰা বাহিৰ কৰি দিবলৈ বিহু কমিটীক অনুৰোধ জনায় । মৰ্মিতা মিত্রই কয় যে এনেকুৱা চৰিত্ৰৰ দৰ্শকৰ কাৰণেই বহু শিল্পীয়ে মন খুলি মঞ্চত গীত পৰিৱেশন কৰিব নোৱাৰে । এনে দৰ্শকক এনেকুৱা ব্যৱহাৰ নকৰিলে তেওঁলোকে কেতিয়াও ভাল শিক্ষা লাভ নকৰে বুলি কৈ তেওঁ কয় যে এজন লম্পট চৰিত্ৰৰ দৰ্শকৰ কাৰণে সম্পূৰ্ণ এটা অনুষ্ঠান আধৰুৱা কৰিব নোৱাৰি ৷
লগতে পঢ়ক : পূব-গুৱাহাটী বিহু সন্মিলনীক বৰ্জন কৰিব শিল্পী সমাজে