ETV Bharat / entertainment

কপিল শৰ্মা, ৰেমো ডি'চুজা, সুগন্ধা মিশ্ৰ, ৰাজপাল যাদৱক কোনে দিলে ভাবুকি ?

এটা পাকিস্তানী ই-মেইলে হাহাকাৰ লগাইছে বলীউডৰ তাৰকাৰ মাজত । কপিল শৰ্মা, ৰেমো ডি'চুজা, সুগন্ধা মিশ্ৰ, ৰাজপাল যাদৱলৈ আহিল এটা বিশেষ ই-মেইল ।

Comedian Kapil Sharma actor Rajpal Yadav other celebrities death threats via email
কপিল শৰ্মা, ৰেমো ডি'চুজা, সুগন্ধা মিশ্ৰ, ৰাজপাল যাদৱলৈ মৃত্যুঘণ্টা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 8:14 PM IST

5 Min Read
Choose ETV Bharat

মুম্বাই : হঠাৎ অহা এটা ই-মেইলে হাহাকাৰ লগাইছে বলীউডৰ কেইবাগৰাকীও তাৰকাৰ মাজত । কৌতুক অভিনেতা কপিল শৰ্মা, অভিনেতা ৰাজপাল যাদৱ, কৰিঅ'গ্ৰাফাৰ ৰেম' ডিচুজা আৰু অভিনেত্ৰী তথা কৌতুক অভিনেত্ৰী সুগন্ধা মিশ্ৰই ই-মেইলযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে, যাৰ ফলত তেওঁলোকে সাম্প্ৰতিক সময়ত এনেধৰণৰ ভাবুকি লাভ কৰা শেহতীয়া চেলিব্ৰিটি হৈ পৰিছে ।

জনৈক বিষ্ণু স্বাক্ষৰিত এটা ই-মেইল লাভ কৰে আটাইকেইজন তাৰকাই । মেইলটোত লিখা আছিল, "আমি আপোনাৰ শেহতীয়া কাৰ্যকলাপবোৰ নিৰীক্ষণ কৰি আছোঁ আৰু আমি বিশ্বাস কৰোঁ যে আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰাটো গুৰুত্বপূৰ্ণ । এয়া কোনো প্ৰচাৰ ষ্টান্ট বা আপোনাক হাৰাশাস্তি কৰাৰ প্ৰয়াস নহয়, আমি আপোনাক এই বাৰ্তাটো অতি গুৰুত্বসহকাৰে আৰু গোপনীয়তাৰে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছো ।"

বিগত ১৪ ডিচেম্বৰত প্ৰেৰণ কৰা ই-মেইলখনক লৈ উদ্বেগ প্ৰকাশ কৰে আটাইকেইজন তাৰকাই আৰু এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰে । উক্ত অভিযোগৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে দাবী কৰে যে এইটো পাকিস্তানৰ পৰা প্ৰেৰণ কৰা হৈছিল । য'ত চেলিব্ৰিটিসকলক ৮ ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ বা পৰিণামৰ সন্মুখীন হ'বলৈ ভাবুকি প্ৰদান কৰা হৈছিল ।

অভিনেতা ৰাজপাল যাদৱৰ অভিযোগৰ ভিত্তিত মুম্বাইৰ আম্বোলি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল । সুগন্ধা মিশ্ৰ, ৰেম' ডি'চুজাইও একেটা ভাবুকিপূৰ্ণ ই-মেইল পোৱাৰ পিছত অভিযোগ দাখিল কৰিছিল । আৰক্ষীয়ে এতিয়া ভাবুকি আৰু এই ই-মেইলৰ আঁৰৰ ব্যক্তিজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, শেহতীয়াভাৱে মুম্বাই আৰক্ষীয়ে তাৰকাসকলৰ সুৰক্ষাৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে । কিয়নো চহৰখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি, বিশেষকৈ ৰাজনীতিবিদ বাবা ছিদ্দিকৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণ, বলীউডৰ চুপাৰষ্টাৰ চলমান খানক ভাবুকি আৰু বলীউড অভিনেতা ছৈফ আলী খানৰ ওপৰত হোৱা ছুৰিকাঘাতৰ পিছত আৰক্ষী অধিক সষ্টম হৈ পৰিছে ।

বাবা ছিদ্দিকক যোৱাটো বৰ্ষৰ অক্টোবৰ মাহত মুম্বাইৰ বান্দ্ৰাত তেওঁৰ ঘৰৰ ওচৰতে গুলীয়াই হত্যা কৰা হৈছিল । যি হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ দলে । ইয়াৰ পিছতেই চুপাৰষ্টাৰ চলমান খানে তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে বাৰান্দাত বুলেটপ্ৰুফ খিৰিকী স্থাপন কৰিছিল ।

ইফালে মাত্ৰ এটা সপ্তাহ পূৰ্বে, তাৰকা ছৈফ আলী খানক এটা দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল । বিগত সপ্তাহৰ বৃহস্পতিবাৰে পুৱতি নিশা দুস্কৃতিকাৰীটো কোঠাৰ মাজেৰে তেওঁৰ বান্দ্ৰাৰ ঘৰত প্ৰৱেশ কৰিছিল । অভিনেতাজনক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰিছিল । যাৰ ভিতৰত দুটা গুৰুতৰ বুলি কোৱা জানিব পৰা গৈছিল ।

আনহাতে উপস্থিত বুদ্ধি আৰু হাস্যৰসৰ বাবে জনাজাত কপিল শৰ্মা বহু বছৰ ধৰি ভাৰতীয় মনোৰঞ্জন জগতৰ জনপ্ৰিয় ব্যক্তি হিচাপে পৰিগণিত হৈ আহিছে । দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ-৩ ত বিজয়ৰ পাছতে তেওঁ দৰ্শকৰ ব্যাপক সহাৰি লাভ কৰিছিল আৰু কমেডি চাৰ্কাছৰ দৰে হিট কমেডি শ্ব'ত অভিনয় কৰিছিল । অৱশ্যে 'কমেডি নাইটছ উইথ কপিল শৰ্মা' নামৰ শ্ব'টোৱে কপিল শৰ্মাক ভাৰতৰ অন্যতম বিশিষ্ট কৌতুক অভিনেতা হিচাপে এক পৰিচয় দিয়ে ।

দূৰদৰ্শন কেৰিয়াৰৰ উপৰিও শৰ্মাই 'কিছ কিচকৌ প্যাৰ কৰু', 'ফিৰংগী', 'জুইগেটো', আৰু 'ক্ৰু'ৰ দৰে চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিছে । অতি শেহতীয়াকৈ, তেওঁ নেটফ্লিক্সত 'দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব' মুকলি কৰে, যিয়ে আমিৰ খান আৰু ৰণবীৰ কাপুৰকে ধৰি চেলিব্ৰিটিসকলৰ এক তাৰকাখচিত লাইনআপৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ।

আনহাতে ৰেমো ডি'চুজা এগৰাকী প্ৰখ্যাত নৃত্যশিল্পী, নৃত্য পৰিচালক, অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক । তেওঁ নৃত্যৰ ৰিয়েলিটি শ্ব' 'ডান্স ইণ্ডিয়া ডান্স'ত অংশগ্ৰহণ কৰি খ্যাতি অৰ্জন কৰিছিল আৰু পিছত অনুষ্ঠানটোৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে । তেওঁ 'এফ.এ.এল.টি.ইউ.' (২০১১) চলচ্চিত্ৰৰ জৰিয়তে পৰিচালনাত আত্মপ্ৰকাশ কৰে আৰু 'এবিচিডি: এনি বডী কেন ডান্স' (২০১৩), 'এবিচিডি ২ (২০১৫), ফ্লাইং জেট (২০১৬), আৰু ষ্ট্ৰীট ডান্সাৰ ৩ডি (২০২০) কেধৰি কেইবাখনো চলচ্চিত্ৰ পৰিচালনা কৰে ।

ইফালে সুগন্ধা মিশ্ৰই 'দ্য কপিল শৰ্মা শ্ব' আৰু 'কমেডি নাইটছ উইথ কপিল'কে ধৰি বিভিন্ন কমেডি শ্ব'ত অংশগ্ৰহণ কৰি পেৰডী গান, কৌতুক আৰু অভিনয় দক্ষতাৰ বাবে জনপ্ৰিয় হৈ পৰে ।

বলীউডৰ অসংখ্য চলচ্চিত্ৰত তেওঁৰ বহুমুখী কৌতুক চৰিত্ৰৰ বাবে জনাজাত ৰাজপাল যাদৱক শেষবাৰৰ বাবে 'ভুল ভুলেইয়া-৩' ত দেখা গৈছিল । আনিস বাজমীৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত কাৰ্তিক আৰিয়ান, বিদ্যা বালান, মাধুৰী দীক্ষিত আৰু তৃপ্তী ডিমৰিৰ সৈতে অভিনয় কৰিছে ।

লগতে পঢ়ক: অন্তঃসত্বা অৱস্থাতো কাম অব্যাহত ৰখা অভিনেত্ৰী - ACTRESSES WORKED DURING PREGNANCY

মহাকাব্যিক কাহিনী চাভাৰ ট্ৰেইলাৰত বিকী কৌশলৰ অতুলনীয় শক্তি - VICKY KAUSHAL CHHAAVA TRAILER