গুৱাহাটী : ক’ক ষ্টুডিঅ’ পালেগৈ অসমৰ থলুৱা গীত ৷ আজি বিশ্বজুৰি শ্ৰোতাই শুনিছে অসমৰ মাটিৰ সুৰ ৷ গীতৰ ভিজুৱেলত দেখিবলৈ পাইছে অসমৰ কৃষ্টি-সংস্কৃতি ৷ শ্ৰোতা-দৰ্শকে আশাৰে বাট চাই থকা হলো লোলো গীতটোৱে মুক্তিৰ পিছতেই অভূতপূৰ্ব প্ৰশংসা লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷
26 মাৰ্চ, 2025 ত নিৰ্মাতাই মুক্তি দিয়ে শংকুৰাজ আৰু শালমালী খোলগাড়েৰ কণ্ঠত ক’ক ষ্টুডিঅ’ত বাণীবদ্ধ হোৱা গীতটো ৷ এই গীতটো অসমৰ এটা প্ৰাচীন জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ হাতী শিকোৱা গীত ৷ কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ প্ৰচেষ্টাতে আজি অসমৰ এই হাতী শিকোৱা গীত গ্লোবেল মঞ্চত উপস্থাপন হৈছেগৈ ৷
নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ উদ্যোগত বাণীবদ্ধ কৰা হয় Holo Lolo শীৰ্ষক এই থলুৱা গীতটি । ক’ক ষ্টুডিঅ’ৱে তেওঁলোকৰ নীতি অনুসৰি উক্ত গীতটি বিশ্বৰ প্ৰায় ১৮ টা ভাষাত প্ৰচাৰ কৰিব ।
তিনিচুকীয়াৰ ফিল’বাৰীৰ তৰাণি গাঁৱৰ বিখ্যাত হাতী ফান্দী শৰৎ মৰাণৰ এটি হাতী শিকোৱা গীতৰ আধাৰত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ সহযোগিতাত মুম্বাইস্থিত ক’ক ষ্টুডিঅ’য়ে গীতটি নিজা প্রযোজনাৰে বাণীবদ্ধ কৰে । এইখিনিতে উল্লেখ কৰিব লাগিব যে মৰাণ জনগোষ্ঠীৰ হাতী শিকোৱা গীতটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া মূল ব্যক্তিগৰাকী হ’ল অসমৰ এগৰাকী যুৱ তথ্যচিত্ৰ নিৰ্মাতা হিমাংশু চুতীয়া শইকীয়া ।
হিমাংশু চুতীয়া শইকীয়াই মৰাণ জনগোষ্ঠীৰ হাতী শিকোৱাৰ আধাৰত তথ্যচিত্ৰ এখন নিৰ্মাণ কৰাৰ পাছতেই শংকুৰাজ কোঁৱৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ চেষ্টা কৰিছিল সদ্যমুক্তিপ্ৰাপ্ত এই গীতটো । গীতটোৰ সমগ্ৰ পৰিকল্পনা, সুৰ আৰু সংগীত কৰিছে শংকুৰাজ কোঁৱৰে । আনহাতে, গীতটো লিখিছে হিমাংশু চুতীয়া শইকীয়াই ।
আন এটা সুখবৰ এয়াও যে জনগোষ্ঠীয় এই গীতটোত শংকুৰাজৰ লগতে কণ্ঠদান কৰিছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শালমালী খোলগাড়েই । এই গীতটোৰ সৈতে জড়িত হৈ আছে অসমৰ আন কেইবাগৰাকীও যুৱ প্ৰতিভা । তেওঁলোক হৈছে ক্ৰমে ইশান দাস, দীপু শইকীয়া, লক্ষ্মীনন্দন লাহন, লাচিত বৰুৱা, মৃন্ময় শৰ্মা, ভাস্কৰ শইকীয়া, নাৱাজ হুছেইন, অৰিন্দম হাজৰিকা, সুৰভী দাস, প্ৰতীক্ষা শৰ্মা, বৰ্ণালী দেউৰী, গৌৰাংগ শেখৰ শৰ্মা ।
উল্লেখ্য যে, পৰম্পৰাগত থলুৱা গীতক সদায়েই অগ্রাধিকাৰ দি অহা বিশ্বখ্যাত ক’ক ষ্টুডিঅ’ত বাণীবদ্ধ কৰা এই গীতটি ৰাজ্যখনৰ ভিতৰতে এক অন্যতম থলুৱা গীত হিচাপে চিহ্নিত হৈছে । হাতী পোৱালিক শিক্ষা দিয়াৰ সময়ত ব্যৱহাৰ হোৱা মৰাণসকলৰ এই পৰম্পৰাগত গীতটিয়ে মুম্বাইৰ সাংস্কৃতিক জগতৰ বহু লোকক বিশেষভাৱে আকৰ্ষিত কৰা দেখা গৈছে ।
ফিল'বাৰীৰ তৰাণি গাঁৱৰ পৰা নিৰ্বাচন কৰা তথা মুম্বাইৰ লগতে এতিয়া দেশে-বিদেশে প্ৰচাৰ হ'বলগীয়া এই গীতটিক কেন্দ্র কৰি সৰ্বত্ৰে চর্চা চলা পৰিলক্ষিত হৈছে ।